কালীচৰণৰ টিং..
চকা-মকাকৈহে মনত পৰে ৷
মোৰ আঢ়ৈবছৰ বয়সত সৰু ভাইটিৰ জন্ম হয়৷ সেইসময়ত ঘৰত বহু মানুহৰ সমাগম হৈছিল৷ কিন্তু তাৰ লগে লগে মোৰো ডাঙৰ হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়৷ ডাঙৰ দাদা দুজনৰ পিছে পিছে ঘূৰি-ফুৰি মই নতুন এখন জগতত সোমাই পৰোঁ৷ তেতিয়া আমি নগাঁৱৰ ওচৰৰ শেনচোৱাত থকা চৰকাৰী ৰেচম পামত থাকোঁ৷
মোৰ আঢ়ৈবছৰ বয়সত সৰু ভাইটিৰ জন্ম হয়৷ সেইসময়ত ঘৰত বহু মানুহৰ সমাগম হৈছিল৷ কিন্তু তাৰ লগে লগে মোৰো ডাঙৰ হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়৷ ডাঙৰ দাদা দুজনৰ পিছে পিছে ঘূৰি-ফুৰি মই নতুন এখন জগতত সোমাই পৰোঁ৷ তেতিয়া আমি নগাঁৱৰ ওচৰৰ শেনচোৱাত থকা চৰকাৰী ৰেচম পামত থাকোঁ৷
পামত বেছি মানুহ নাছিল৷ সকলোৰে ঘৰলৈ অবাধে অহা-যোৱা চলিছিল৷ সকলোৱে মৰমো কৰিছিল৷ পামৰ এমূৰত কালীচৰণৰ ঘৰ৷ চকীদাৰ/পিয়নৰ কাম কৰে৷ কালীচৰণ বুলিয়েই দেউতাই মাতিছিল বাবে সেই নামটোহে আজিও মনত আছে৷ তেখেতসকলৰ ঘৰলৈ প্ৰায়ে যাওঁ৷ গ’লেই তেখেতৰ পৰিবাৰে মোক মৰম কৰি বিচনাত বহুৱায়৷ তাৰপাছত লাহেকৈ মোক সোধে,
: অ’ সোণকন (মোৰ ঘৰত মতা নাম), তোমাৰ দেউতাৰ নাম কি কোৱাচোন৷
: জন্তৰ মন্তৰ লাল দাস- মই উত্তৰ দিওঁ৷ আটাইয়ে বৰ ৰস পায় মোৰ উত্তৰ শুনি৷
দেউতাৰ কুঞ্জলাল দাস নামটোনো মই কিয় আৰু কেনেকৈ জন্তৰ মন্তৰ লাল বুলি ক’বলৈ শিকিছিলো নাজানো৷ কিন্তু সকলোৱে তাকে শুনি আনন্দ পোৱা দেখি মইও বহুদিনলৈকে তেনেদৰেই কৈছিলো৷
এদিন আবেলিপৰত অকলে কালীচৰণৰ ঘৰ পালোঁগৈ৷ ঘৰৰ বাৰান্দাত আছিল এটা টিং৷ মিঠাতেলৰ চাৰিচুকীয়া ডাঙৰ টিং এটা৷ ওপৰৰ ঢাকনিখন কাটি আঁতৰাই পেলোৱা ৷ টিংটো তাতে ৰখা হৈছিল খুব সম্ভৱ জাবৰ-জোথৰ আদি পেলাবৰ বাবে৷ মই অলপ সময় টিংটোৰ ওচৰত থিয় দি চাই থাকিলো৷ ভিতৰত একো নাছিল৷ একেবাৰে খালী৷ তাৰপাছত কি মন গ’ল নাজানো, মোৰ টিংটোৰ ওপৰত বহি চাবৰ মন গ’ল৷ ওচৰে-পাজৰে কোনো নাছিল৷ ভবামতে কাম৷ মই টিংটোত লাহেকৈ বহি দিলো৷ লাহে লাহে মোৰ সৰু শৰীৰটো টিংটোৰ ভিতৰলৈ সোমাই যাব ধৰিলে৷ প্ৰথমতে খুব ভালেই লাগিল৷ অৱশেষত গৈ মোৰ গাটোৰ অধিক অংশ টিঙৰ ভিতৰ পালেগৈ৷ কেৱল ডিঙিৰ ওপৰৰ অংশ আৰু আঁঠুৰ তলৰ ভৰি অংশহে বাহিৰ ওলাই থাকিল৷ তেনেদৰে কিছুসময় বহি থাকিলো টিংটোৰ ভিতৰত৷ অলপ পাছত আমনি লাগিব ধৰাত ওলাবলৈ চেষ্টা কৰিহে বুজিলো কথা বিষম৷ কোনোমতেই মোৰ শৰীৰটো উলিয়াব নোৱাৰি বিপাঙত পৰিলো৷ উপায় নাপাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলো৷ মোৰ চিঞৰত ঘৰৰ ভিতৰৰ পৰা মানুহবোৰ বাহিৰ ওলাই আহিল৷ অলপ দূৰত কাম কৰি থকা মানুহবোৰো দৌৰি আহিল৷ ভালেমান মানুহ গোট খালেহি৷
সকলোৱে মোক টিঙৰ ভিতৰৰ পৰা উলিয়াবলৈ চেষ্টা কৰে কিন্তু মই দুখ পাই বেছিকৈ চিঞৰো৷ কাৰণ ওপৰৰ ঢাকনিখন কাটি আঁতৰাই দিয়াৰ পাছত টিংটোৰ ওপৰৰ চাৰিও দাঁতিত চোকা চোকা ধাৰ থকা টিং কিছুমান অৱশিষ্ট হিচাবে ৰৈ গৈছিল৷ মোক ওপৰলৈ টানিলে সেই জোংবোৰে মোৰ পিঠি, উৰু আদিত খোঁচ মাৰি বিন্ধি ধৰে৷ বেছি টনা-আজোৰা কৰিলে কাটি তেজ ওলোৱাৰ সম্ভাৱনা৷ অৱস্থাটো বুজি মানুহবোৰো বিপাঙত পৰিল৷ অলপ সময় কিবা আলোচনা চলিল ৷ তাৰপাছত কোনোবাই দা এখন আনিলে৷ কোনোবা এজনে অতি সাবধানেৰে টিংটো কাটিবলৈ ধৰিলে৷ দুজনমানে মোক আথে-বেথে ধৰি থাকিল লৰ-চৰ কৰিব নোৱাৰাকৈ৷
অৱশেষত টিং কাটি মোক উদ্ধাৰ কৰা হ’ল৷ কপাল ভাল আছিল৷ অলপ ছাল-বাকলি এৰাল যদিও বিশেষ একো দুখ নাপালো৷
তাৰপাছত কালীচৰণৰ ঘৰত চাহ-জলপান খাই সন্ধিয়া ঘৰ পালোঁগৈ৷
মই টিঙত সোমোৱা কথাটো পিছে দেউতাই গমকে নাপালে৷
No comments:
Post a Comment