বেগৰ মহিমা..
দিল্লীত পি এইচ ডি কৰি
থকা সময়চোৱাত সৰু সৰু ল’ৰা দুটাৰে সৈতে শ্ৰীমতী গুৱাহাটীতে আছিল৷ মই প্ৰায় প্ৰতি দুমাহৰ
মূৰে মূৰে গুৱাহাটীলৈ আহিছিলো৷ সেইসময়ত টিকট কটাও এটা ডাঙৰ সমস্যা আছিল৷ ৰাতিপুৱাতে
গৈ সৰোজিনী নগৰত টিকটৰ বাবে লাইন দিব লাগে৷ নহলে আবেলি৷ সেইসময়ত উৰাজাহাজেৰে অহাৰ কথা
ভাবিবই নোৱাৰি৷ দিল্লীৰ পৰা গুৱাহাটীৰ ভাড়া প্ৰায় এমাহ-দুমাহৰ দৰমহাৰ সমান৷ সেয়া আছিল
১৯৯৫-৯৮ৰ সময়ৰ কথা৷
ৰেলৰ সকলো শ্ৰেণীতে ভ্ৰমণ
কৰিছিলো৷ দুবাৰমান প্ৰথম শ্ৰেণীতো ভ্ৰমণ কৰি কেনেকুৱা লাগে সোৱাদ লৈ চাইছিলো৷ কিন্তু
অতি সাধাৰণভাবে শ্লিপাৰ শ্ৰেণীত ভ্ৰমণ কৰাৰো বেলেগ এটা আমেজ আছে৷ ইতিমধ্যে হিন্দী কোৱাত
কিছু আত্মবিশ্বাস আহি গৈছিল বাবে মানুহৰ লগত মিলি পৰিব পাৰিছিলো৷
ঘৰলৈ আহিলেও যিহেতু মাত্ৰ
তিনি-চাৰিদিনৰ বাবেহে আহিবলৈ ছুটি পাওঁ গতিকে সৰু পুৰণা এয়াৰবেগ এটাতে অকণমান কিবাকিবি
ভৰাই লৈ ৰেলত উঠি দিওঁ৷ গুৱাহাটীৰ পৰা বৰপেটা/বঙাইগাওঁলৈ যাবলৈ বাছত উঠি দিয়াৰ নিচিনাকৈ৷ প্ৰয়োজনীয় সকলোখিনি ঘৰত থাকেই৷ একো নানিলেই হয়৷
এবাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছেৰে
গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ আছো৷ শ্লিপাৰ শ্ৰেণীত৷ গৰমৰ দিন৷ মোৰ পিন্ধনত পঁচিশটকীয়া
হাফচাৰ্ট এটা৷ ফুটপাথত কিনা৷ পিন্ধি পিন্ধি উৱলি গৈছিল যদিও ৰেলত তেনেকুৱা কাপোৰ পিন্ধিয়েই
অহা-যোৱা কৰিছিলো৷ লগত পুৰণি এয়াৰবেগ এটা৷ আশী টকাত কিনিছিলো কলিকতাত৷ চেইনডাল বন্ধ
কৰি তলা মাৰিবৰো ব্যৱস্থা নাই৷
খিৰিকিৰ কাষত মোৰ চীট৷
সম্মুখৰ চীটৰ তলতে বেগটো থৈ দিলো৷ বেলেগে নতুন-নতুন , দামী-দামী চুটকেচ , বেগ আদি শিকলিৰে বান্ধি থয়৷ মোৰ পিছে কেতিয়াও তেনেদৰে বন্ধা
মনত নপৰে৷
সন্ধিয়া নিউ জলপাইগুড়িত
মাৰোৱাৰী স্বামী-স্ত্ৰী এহাল উঠিল৷ তেওঁলোকৰ ধুনীয়া ভি আই পি চুটকেচটো মোৰ ছাল-বাকলি
যোৱা বেগটোৰ কাষতে থৈ প্ৰকাণ্ড শিকলি এডালেৰে তলা লগাই বান্ধি থ’লে৷ ভাত-পানী খাই সকলো দীঘল
দিলো৷ কেতিয়া টোপনি আহিল গমেই নাপালো৷
হঠাত চিঞৰ-বাখৰ শুনি সাৰ
পালো৷ তেতিয়া ৰাতিপুৱা পাঁচমান বাজিছে৷ দেখিলো মাৰোৱাৰী মহিলাগৰাকীয়ে কান্দি আছে৷ কি
হ’ল সুধিলো গিৰিয়েকক৷ গিৰিয়েকে চীটৰ তললৈ আঙুলিয়াই দি ক’লে,
: নিলে, সকলো নিলে৷ শিকলি কাটি চুটকেচটো লৈ গ'ল৷ আমি বিয়া এখনৰ বাবে গৈ আছো৷ প্ৰায় পঁচিশ হেজাৰ টকামানৰ অলঙ্কাৰ আছিল৷ কাপোৰ-কানি ধৰি মুঠতে চল্লিশ হাজাৰমানৰ বেছি হ'ব৷
সেই সময়ৰ চল্লিশ হাজাৰ মানে এতিয়া কেইবালাখো হ'ব৷
মই চীটৰ তললৈ চালো৷ চুটকেচটো নাই৷ কিন্তু মোৰ দুৰ্বল বেগটো সগৌৰৱে জিলিকি আছে৷ বেগটো হাতেৰে টানি আনিলো৷ চেইনডাল খুলি হাতখন ভৰাই চালো৷ তিনিশ পঞ্চাশটকাৰে নতুনকৈ এফ এম/এ এম ৰেডিঅ' এটা কিনি লৈ আহিছিলো৷ কাপোৰৰ ওপৰতে থৈ দিছিলো, বেগৰ ভিতৰত৷ ৰেডিঅ"টো আছে৷ চোৰে চেইনডাল খুলি মোৰ ৰেডিঅ'টো অন্ততঃ নিব পাৰিলেহেতেন৷ তাকো নিনিলে৷
বেগটো দেখি মোক হয়তো ভিকহু বুলি ভাবিলে৷
No comments:
Post a Comment