এজন শিক্ষাবিষয়াই দিয়া শিক্ষা..
যদি সোধা হয় অসমত কি কাম
কৰিবলৈ সকলোতকৈ টান, বিভিন্নজনে বিভিন্ন উত্তৰ দিব৷ কিন্তু প্ৰাইমেৰী স্কুলৰ চাকৰিৰ সৈতে জড়িত বহুতেই হয়তো মানি ল’ব যে কোনো এগৰাকী প্ৰাইমেৰী স্কুলৰ শিক্ষক/শিক্ষয়িত্ৰীক এখন
জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰি অনাটোও অতি কঠিন কাম৷ তেনে তিতা-কেঁহা অভিজ্ঞতা মোৰো
হৈ গৈছে৷
তেতিয়া মই চাকৰি কৰো অসম
অভিযান্ত্ৰিক মহাবিদ্যালয়ত৷ শ্ৰীমতী বৰপেটাত, এখন প্ৰাইমেৰী স্কুলৰ শিক্ষয়িত্ৰী৷ মাকৰ
ঘৰত থাকে, লগত আমাৰ এবছৰীয়া সন্তানটো৷ স্বামীৰ লগত একেঠাইতে থাকি কাম কৰিবলৈ মন যোৱাটো
স্বাভাৱিক৷
মই সঘনাই বৰপেটালৈ গৈ
থকা বাবে এদিন কলেজৰ অধ্যক্ষ মহোদয়ে ক’লে,
: তুমি ইমান বৰপেটালৈ
গৈ থাকিবলগা হৈছে৷ শ্ৰীমতীক বদলি কৰি অনাৰ ব্যৱস্থা কৰা ভাল৷ ডি পি আই মোৰ ভাল বন্ধু৷
তেওঁলৈ চিঠি এখন লিখি দিছো৷ তুমি গৈ লগ কৰাগৈ৷
তেখেতে চিঠি এখন লিখি
দিলে৷ মই ভাবিলো কাম হৈ গ’ল আৰু৷ অতি আনন্দেৰে ডি পি আই অফিচ পালোগৈ আৰু যথেষ্ট আত্ম-বিশ্বাসেৰে
তেখেতৰ কোঁঠাত সোমালো৷ হাতে হাতে চিঠিখন দিলো৷ চিঠিখন হাতত লৈ তেখেতে মোক বহিবলৈ ক’লে৷
চিঠিখন পঢ়ি তেখেতে ক’লে,
: ক’ত পদ খালী আছে সেইটো
গম পালে মই লগে লগে কৰাই দিম৷ গতিকে খালী পদ দেখুৱাই দিবলৈ মই জিলাৰ অফিচলৈ লিখি দিম৷
তাৰপাছত হৈ যাব৷
তাৰপাছত চিঠিখনতে কিবা
এটা লিখি মোক সহায়ক এজনৰ ওচৰলৈ পঠিয়াই দিলে৷ সহায়কগৰাকীয়ে চিঠি এখন টাইপ কৰিলে, ডি
পি আইৰ চহী ল’লে আৰু তিনিমান বজাত চিঠিখন হাতত দিলে৷ সকলোখিনি ভালে-ভালেই হ’ল৷ ভাবিলো,
কাম হ’লেই আৰু৷
পিচদিনা জিলাৰ অফিচটোনো
ক’ত মানুহক সুধি সুধি উলিয়ালো৷ মূল বিষয়াজনক চিঠিখন দি থিয় হৈ থাকিলো৷ চিঠিখন পঢ়ো-নপঢ়োকৈ
তেখেতে পঢ়িলে৷ বহুসময় পাছত লাহেকৈ উত্তৰ দিলে,
: ক’ত পদ খালী আছে বিচাৰি
চাব লাগিব৷ লগে-লগে আমি ক’ব নোৱাৰিম৷
তাৰপাছত সহায়ক এজনক মাতি
ক’লে,
: ক’ৰবাত পদ খালী আছে
নেকি চাই মোক জনাবচোন৷
সহায়কজনৰ নিৰ্বিকাৰ ভংগী৷
তাৰপাছত মোলৈ চাই ক’লে,
: আপুনি দুদিনমান পাছত
আহিব৷
মোৰো থিয় হৈ হৈ আমনি লাগিছিল৷
উভতি আহিলো৷ তাৰপাছত দুবাৰমান গ’লো৷ বিষয়াজনক লগ নাপাই সেই সহায়কজনকে সোধো, “কিবা খবৰ
পালেনে?” একো সদুত্তৰ হ’লে নাপালো৷
এদিন আন এজন অধ্যাপকক
লগত লৈ দুয়ো পুনৰ সেই কাৰ্যালয় পালোঁগে৷ সেইদিনা বিষয়াজন আছিল বুলি জানি ভাল লাগিল৷
দুয়ো বিষয়াজনৰ কোঁঠাত সোমালো৷ আমালৈ কেৰাহিকৈ চালে আৰু সম্মুখত থকা কোনোবা এজনৰ লগত
কথা পতাত ব্যস্ত হ’ল৷ কথা পাতি শেষেই নহয়৷ আমি কথা উলিয়াবলৈ সুবিধা বিচাৰি থাকোঁতেই
প্ৰায় এঘন্টামান পাৰ হ’ল বোধহয়৷ এসময়ত থিয় হৈ হৈ ভৰিৰ বিষ উঠিল৷ অৱশেষত কথা পতাৰ সুবিধা
ওলাল৷ সেই একেই উত্তৰ পালো৷ খালীপদ নাই বুলিও নকয়, আছে বুলিও নকয়, চাব লাগিব বুলিহে কয়৷ সেইটো চাবলৈকে কাৰো সময় নাই৷ নে আগ্ৰহ নাই?
দুয়ো লাহে লাহে বাহিৰ ওলাই আহিলো৷ অ'ত-ত'ত জুম বান্ধি থকা মানুহবোৰলৈ চাই বিভিন্ন চিন্তা মনলৈ আহিল৷
খুব অপমানিত বোধ কৰিলো তেনেদৰে কোঠাৰ ভিতৰত ইমানসময় আমাক থিয় কৰাই থোৱা বাবে৷ মোৰ লগতে মোৰ জ্যেষ্ঠ
অধ্যাপকজনকো সেই বিষয়াজনৰ ওচৰলৈ নি থিয় কৰাই থৈ অপমানিত কৰা বাবে দুখো লাগিল৷ তেখেতে
পিছে একো নকলে৷ শ্ৰীমতীৰ বাবে খালীপদৰ সন্ধান কৰিবলৈ সেই কাৰ্যায়লৈ গৈ আৰু লাভ নাই
বুলি বুজি পালো৷ প্ৰক্ৰিয়াটো তাতেই সমাপ্ত কৰিলো, তাৰ যোগেৰে অৱশ্যে বহু কথাই বুজি
পালো৷
No comments:
Post a Comment