At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday, 24 November 2013

সপোন ঘাটৰ হাট- এটি কবিতা আৰু স্বীকাৰোক্তি



সপোন ঘাটৰ হাট- এটি কবিতা আৰু স্বীকাৰোক্তি

আবেলি সময়ত সৰু ভাইটি অকণৰ লগত কাজিয়া লাগিল৷ তেতিয়া মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ৷ আমি পাঁচজন ভাই-ককাই, মই তৃতীয়৷ ডাঙৰ দাদাৰ লগত মোৰ বয়সৰ পাৰ্থক্য চাৰে চাৰি বছৰ আৰু সৰু ভাইটিৰ লগত পাঁচবছৰ৷ গতিকে বয়সেৰে ঢুকি পাওঁ সকলোকে, কাজিয়া লাগিবৰ বাবে৷ কোনো কোনোৱে কয়, কাজিয়া নালাগিলে কিহৰ ভাই-ককাই? যিহেতু মই মাজতে পৰোঁ, গতিকে মোৰ লগতেই সকলোৰে কাজিয়া বেছিকৈ লাগে৷
 
সেইদিনাও লাগিল কিবা এটা সাধাৰণ কথাকে লৈ৷ কাজিয়া শেষ , মোৰো মনত কিবা এটা খেলালে৷ পঢ়া মেজত বহি লিখিবলৈ ধৰিলো৷ চাওঁতে চাওঁতে এটা কবিতাৰ জন্ম , সৰু ভাইটি অকণক লৈ৷ কবিতাটোৰ নাম দিলো 
আমাৰ ভাইটি”:
আমাৰ এটা ভাইটি আছে
নাম তাৰ অকণ
পঢ়াৰ পিনে অলপো নাই
কাজিয়াত নপতা ফুকন৷
খঙতে সি যেতিয়াই তেতিয়াই
উগ্ৰমূৰ্তি ধৰে
আগত যি পায় তাকেই সি
আমাৰ গালৈ মাৰে৷
…. ইত্যাদি৷
তেনেদৰে লিখি পেলালোঁ মোৰ জীৱনৰ প্ৰথম কবিতা, এখন কাজিয়াৰ ফলশ্ৰুতি হিচাবে৷
 
কবিতাটো লিখি মাৰ আগত পঢ়ি শুনালো৷ কিছুপৰ আগতে মোৰ লগত কাজিয়া কৰি খঙত একো নাই হৈ থকা ভাইটি অকণো ওচৰ চাপি আহিল, তাৰ নামেৰে কবিতা এটাৰ সৃষ্টি হোৱা দেখি অলপ আচৰিত হৈ, অলপ ৰং পাই৷ তাৰ মুখত সন্তুষ্টিৰ ভাব এটা ফুটি উঠিল৷ মোৰো নিজকে কবি কবি লাগি ল৷
মাক লো, “ মই ডাঙৰ লে সাহিত্যিক ম৷
বিদে৷" কাজিয়া দেখি খং আৰু বিৰক্তিত থকা মায়ে বিশেষ গুৰুত্ব নিদি উত্তৰ দিলে৷

পঢ়া মেজত বহি কবিতাটো আকৌ উলিয়াই লো৷ এখন ভাল কাগজত সুন্দৰকৈ লিখিলো৷ পিছদিনাঅসম বাতৰিনামৰ কাকতখনৰ অকণিৰ শিতানলৈ বুলি কবিতাটো ডাকযোগে পঠিয়াই দিলো৷ কিছুদিন পাছত কবিতাটো প্ৰকাশ ল৷ সেইদিনা যেন মই নোবেল বঁটাহে পালো এনেকুৱা লাগিল৷ বাতৰি কাকতখন লৈ ওচৰ-পাজৰৰ যাকে তে পালো দেখুৱালো৷ পিছদিনা স্কুলতো শিক্ষক এগৰাকীয়ে সকলোৰে আগত মোৰ প্ৰশংসা কৰি লে,
তোৰ কবিতাটো দেখিলো৷ ভাল হৈছে৷
মোৰ বুকুখন এহাত ফুলি উঠা যেন লাগিল৷ গৰ্বৰ ভাবেৰে চাৰিওফালে চালো৷ সহপাঠী সকলৰ মাজত মোৰ নিজকে বিশেষ লোক যেন লাগিল৷

সেইবাৰ স্কুলৰ মুখপত্ৰ সম্পাদকজন আছিল চিনাকী৷ যথেষ্ট উন্নত মানদণ্ডৰ লেখা প্ৰকাশ হয় আলোচনীখনত৷ মইও মৰসাহ কৰি মোৰআমাৰ ভাইটিকবিতাটোকেশতপত্ৰলৈ বুলি জমা দিলোঁগৈ সম্পাদক হাতত৷ কবিতাটো চাই সম্পাদকে লে একো নকলে৷ মই উৎকন্ঠাৰে পাৰ কৰিলো কেইটামান মাহ৷ এদিন আলোচনী প্ৰকাশ পালে৷ মোৰো কবিতা এটা প্ৰকাশ হৈছে৷ অতি আগ্ৰহেৰে পাত লুটিয়াই লুটিয়াই বিচাৰিলো কবিতাটো৷ পৃষ্ঠা এটাৰ এচুকত মোৰ নামত প্ৰকাশ পোৱা কবিতাটো বিচাৰি পালো৷
 
কিন্তু, কি কথা? কবিতাটো দেখোন বেলেগ৷আমাৰ ভাইটিনহয়৷সপোনঘাটৰ হাটহে৷ একো ভুল হোৱা নাইতো? আকৌ ভালদৰে চালো৷ এৰা, মোৰ নামতেই প্ৰকাশ কৰা হৈছে৷ কবিতাটো আগ্ৰহেৰে পঢ়িলো কেইবাবাৰো৷  
"সপোন ঘাটত হাট বহিল
গাঁৱৰ মানুহ হাটলৈ আহিল৷....
.......
ক্ষন্তেকৰ বাবে হ'ল জন সমাগম
তাৰপাছত হ'ল নিশাৰ আশ্ৰম৷"
ভাল লাগিল, কিন্তু কথাটো প্ৰকাশ কৰি দিয়া উচিত হ'বনে নাই ঠিৰাং কৰিব নোৱাৰি মনে মনে থাকিলো৷ বুজিবলৈ অসুবিধা নহ যে সম্পাদকেআমাৰ ভাইটিকবিতাটো পচন্দ নকৰিলে, কিন্তু মোক হতাশ কৰিব নুখুজি নিজে কবিতা এটা লিখি মোৰ নামত প্ৰকাশ কৰি দিলে৷ কবিতাটো সকলোৱে প্ৰশংসা কৰিলে৷ অতি দাৰ্শনিক ভাব থকা কবিতা৷ চতুৰ্থ শ্ৰেণীৰ ৰা হৈ এনেকুৱা কবিতা লিখিব পাৰিছে, কম কথা নহয়, বুলি দুই একে মন্তব্য কৰা বুলি কাণত পৰিলহি৷ কিন্তু আচল ৰহস্যটো সম্পাদক আৰু মইহে জানিলো৷

বছৰ বাগৰি ল৷ সপোনঘাটৰ হাটৰ কথা লাহে লাহে পাহৰিবলৈ ধৰিছিলো৷ এদিন খবৰ এটা দিলেহি মোৰ সহপাঠী এজনে, মোৰ সপোনঘাটৰ হাট কবিতাটো হেনো আন এখন স্কুলৰ আলোচনীত কোনোবা এজনী ছোৱালীৰ নামত প্ৰকাশ হৈছে৷ মই গৈ আপত্তি জনাব লাগে স্কুল কৰ্তৃপক্ষৰ ওচৰলৈ গৈ৷ মইনো আপত্তি জনাবলৈ যাম বুলি ভাবি মনে মনে থাকিলো৷

দুদিনমানৰ পাছত ডেকা এজন স্কুললৈ আহিল, মোক লগ পাবলৈ৷ মোক শ্ৰেণীকোঠাৰ পৰা মাতি পঠোৱা ল৷ ডেকাজন মোতকৈ বয়সত যথেষ্ট ডাঙৰ৷ মোক দেখি বলৈ ধৰিলে,

তোমাৰ কবিতাটো মোৰ ভন্টিয়ে নিজৰ নামত আলোচনীত দি দিলে৷ প্ৰকাশো ল৷ তাই ডাঙৰ ভুল কৰিলে৷ এতিয়া সকলোৱে কথাটো গম পোৱাৰ পাছত তাই ভয়তে কান্দি আছে৷ তুমি একো নকৰিবা আৰু৷ যি ল৷

মইনো কি উত্তৰ দিম ভাবি নাপালো৷ কবিতাটো মোৰ বুলি বলৈওতো মোৰ নৈতিক অধিকাৰ নাই৷ মই, “ নাই একো নহয়,” বুলি কৈ লো৷
ডেকাজনে মোক ধন্যবাদ জনাই সন্তুষ্টমনে লগৈ৷
মইও শ্ৰেণীকোঠালৈ বুলি খোজ লো৷
 
বয়স হ’ল , লেখা-মেলা কৰাৰ নিচাটো থাকি গ’ল যদিও কবি হ’ব নোৱাৰিলো৷ আনৰ কবিতা অনুবাদ কৰি কবিতাৰ জগতখনত খোজ এটা দিয়াতে সন্তুষ্ট থাকিবলগা হ’ল৷

সপোনঘাটৰ হাট মোৰ বাবে এক কাব্যিক ন্যায় যেন হৈ থাকিল৷

No comments:

Post a comment