আমি মন্দমতি-ঘড়ী মেৰামতি
সকলো কাম নিজহাতে কৰিবলৈ
চেষ্টা কৰা স্বভাৱটো আমি জন্মসূত্ৰে পাইছিলো৷ দেউতাই নোৱাৰা কাম নাছিল বুলিব পাৰি৷
কাঠ মিস্ত্ৰীৰ কাম, বাঁহ-বেতৰ কাম, দৰ্জীৰ কাম আনকি তাঁত-বাতিৰ কাম- সকলো কৰিছিল আৰু
আমাকো সৰুকালৰ পৰাই কাম কৰোৱাইছিল৷ এবাৰ গৌৰীসাগৰৰ পৰা বিশেষ ধৰণৰ বেত আনি দেউতাই একে
ৰাতিৰ ভিতৰতে বেতৰ বিচনী এখন বৈ উলিয়াইছিল৷ বিচনীখন প্ৰায় ৩০ বছৰমানলৈকে আছিল৷
বেছিদিন দেউতাৰ ছত্ৰছায়াত
থাকিবলৈ নাপালো যদিও আমাৰ গাতো তেনেকুৱা স্বভাৱ অলপ-অচৰপ থাকি গ’ল৷ যিকোনো বস্তু প্ৰথমে
নিজে মেৰামতি কৰিবলৈ চেষ্টা কৰোঁ, নোৱাৰিলেহে আনৰ সহায় লওঁ৷
তেতিয়া আমি হাইস্কুলত,
বৰপেটা বিদ্যাপীঠত পঢ়ো৷ আমাৰ টেবুল ঘড়ীটো বেয়া হৈ আছিল৷ তেতিয়া সময় চাবলৈ হাতঘড়ীও নাছিল৷
যথেষ্ট অসুবিধা হৈছিল৷ ঘড়ীটো জোকাৰি দিলে চলে, আকৌ কিছুসময়ৰ পাছত বন্ধ হয়৷ এদিন সৰুদাদাই
ঘড়ীটো নিজে ভাল কৰিব পাৰি নেকি চাবলৈ মন মেলিলে৷ দুপৰীয়া ভাত-পানী খাই ঘড়ী মেৰামতিৰ
বাবে সাজু হ’ল৷ ঘড়ীটো টেবুলত উবুৰিয়াই লৈ পিছপিনৰ ঢাকনিখন খুলিবলৈ স্ক্ৰু কেইটা এটা
এটাকৈ খুলিলে৷ আটাইকেইটা স্ক্ৰু খোলা হ’ল৷ তেতিয়া লাহেকৈ ঢাকনি খন টানি খুলি পেলালে৷
কিন্তু তেনে কৰোঁতেই কিবা এটা হেৰফেৰ হ’ল হবলা৷ ঘড়ীটোৰ ভিতৰৰ সকলো সা-সৰঞ্জাম চিটিকি
ওলাই আহি গোটেই মজিয়াখনত সিঁচৰতি হৈ পৰিল৷ এটা কথা আমি বুজিলো৷ ঘড়ীটোৰ চাবি পূৰাকৈ
দিয়া আছিল৷ গতিকে স্প্ৰিংডাল খোল খাবলৈ সুবিধা পাই গোটেই ঘড়ীটোকে তচনচ কৰি পেলালে৷
মজিয়াত পৰি থকা ঘড়ীৰ অংগ-প্ৰত্যংগবোৰ
আমি এফালৰ পৰা বুটলিবলৈ ধৰিলো৷ তাৰপাছত সেই সকলোবোৰ গামোচা এখনেৰে বান্ধি মেকানিকৰ
ওচৰলৈ লৈ গ’লো৷ মেকানিকে সুধিলে,
: এইটো কি কথা? কেনেকৈ
এই অৱস্থা হ’ল ঘড়ীটোৰ?
দাদাই কিবা এটা মনেসজা
কাহিনী বৰ্ণনা কৰিলে৷ মেকানিকজনে সন্দেহৰ ভাবেৰে চালে, তাৰপাছত ক’লে,
: ঠিক আছে৷ দুদিনমান পাছত
লৈ যাবা৷ একেবাৰে অইলিং চইলিং কৰি দিম৷
তেনেদৰে ঘড়ীটো পুনৰ জী
উঠিল৷ কিন্তু সেই অইলিং কৰা কথাটো মোৰ মূৰত সুমাই থাকিল৷ চিলাই মেচিন, চাইকেল আদিত
মাজে-মাজে তেল দিয়া অভ্যাস আমাৰ আছিল, কিন্তু ঘড়ীত তেল দিয়া কথাটো প্ৰথম শুনিলো৷
কেইবছৰমান পাছত এটা পুৰণি
হাত-ঘড়ী লাভ কৰাৰ সৌভাগ্য হ’ল৷ ঘড়ীটো কিছুদিন ঠিকেই চলিছিল যদিও মাজে-মাজে বন্ধ হোৱা
বেমাৰটো হ’ল৷ এইবাৰ মই অকলে৷ ভাবিলো অলপ অইলিং কৰি ল’লে ঘড়ী একেবাৰে ফনফনাই চলিব৷ যেনে
কথা তেনে কাম৷ ঘড়ীটো অইলিং কৰিবলৈ সাজু হ’লো৷ ঘড়ীটো চলি আছিল৷ পিছপিনৰ ঢাকনিখন খুলিলো৷
সৰু স্প্ৰিংডাল লৰচৰ কৰি থকা দেখিলো ঘড়ীটো চলি থকা বাবে৷ তাৰপাছত চাইকেল/চিলাইকলত দিয়া
তেলৰ বটলটোৰ পৰা খুব সাবধানে এটোপাল তেল বাকি দিলো ৷ তেলটোপা পৰাৰ লগে লগে নিমিষতে
ইমানপৰে লৰচৰ কৰি থকা স্প্ৰিংডাল স্তব্ধ হৈ পৰিল৷ বুজিলো কথা গুৰুতৰ৷ আৰু একো কাৰুকাৰ্য
নকৰি ঢাকনিখন আগৰ ঠাইত লগাই বন্ধ কৰিলো৷ তাৰপাছত কেইবাৰমান জান-প্ৰাণ দি জোকাৰি চালো
ঘড়ীটো৷ নাই , কোনো সাৰ-সুৰ নাই৷ দুখ লাগিল, চলি থকা ঘড়ীটো নষ্ট কৰা বাবে৷
পিছদিনা এজন ঘড়ী মেকানিকৰ
শৰণ ল’লো৷ অতি অজলা ল’ৰাৰ দৰে তেখেতলৈ ঘড়ীটো আগবঢ়াই দি ক’লো,
: চাওকচোন, কি বা হৈছে,
ঘড়ীটো কিছুদিনৰ পৰা নচলা হৈছে দেখোন৷
তেখেতে ঘড়ীটো হাতত লৈ
এবাৰ চালে৷ তাৰপাছত পিছপিনৰ ঢাকনিখন খুলিলে৷ মইও একো নজনাৰ দৰে অভিনয় কৰি চাই থাকিলো৷
ঘড়ীটো খুলিয়েই মেকানিকজনে মোলৈ চাই ক’লে,
: ইয়াত তেল কোনে দিছিল?
: তেল? কি তেল?
: চব কাম যদি আপোনালোকেই
কৰে, আমিনো কিয় আছো? ঘড়ীত দিয়া তেল বেলেগ নহয়৷
মোৰ মুখলৈ নোচোৱাকৈয়ে
মেকানিকজনে ক’লে৷
মইও মনে মনে থকাই ভাল
বুলি ভাবিলো৷
কালক্ৰমত সৰু দাদা আৰু
মই দুয়ো ইঞ্জিনিয়াৰ হলোঁগৈ৷
অৱশ্যে একো যন্ত্ৰ-পাতি
বেয়া কৰাৰ অভিলেখ আমাৰ দুয়োৰে নাই৷
(মেকানিকজনে কোৱা কথাটো
অৱশ্যে পাছত ভালদৰে বুজিছো৷ আনকি বেলেগ বেলেগ মেচিনৰ বাবেও বেলেগ বেলেগ গ্ৰেডৰ লুব্ৰিকেটিং
অয়ল থাকে)
No comments:
Post a Comment