At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 11 November 2013

জোকৰ মুখত চূণ



জোকৰ মুখত চূণ

ভাৰতবৰ্ষৰ বিষয়ে বাহিৰৰ মানুহৰ ধাৰণা কেনেকুৱা তাৰ উমান পাব পাৰি তলৰ প্ৰশ্নোত্তৰখিনিৰ পৰা৷ ভাৰতৰ বিষয়ে কিছুমান ভ্ৰমণকাৰীয়ে এই প্ৰশ্নবোৰ ইন্টাৰনেটযোগে সুধিছিল আৰু সেইবোৰৰ উত্তৰ দিয়াৰ দায়িত্বত থকা আমাৰ দেশৰ লোক কিছুমানে এই উত্তৰবোৰ দিছিল৷ উত্তৰ দিওঁতাসকলৰ ৰসবোধ নথকা নহয়৷
প্ৰ: ভাৰতত বতাহ বলেনে? মই টিভিত ভাৰতত কেতিয়াও  বৰষুণ দিয়া দেখা নাই, গছবোৰ তাত কেনেদৰে ডাঙৰ হয়? (ইংলেণ্ড)
: আমি সম্পূৰ্ণ পুৰঠ হোৱা গছ আমদানি কৰোঁ আৰু সেইবোৰ মৰি যোৱা চাবলৈ ওচৰত বহি থাকো৷
 
প্ৰ: মই বাৰু ৰাস্তাত হাতী দেখা পাম নে?(আমেৰিকা)
: আপুনি কিমান মদ খাই থাকে তাৰ ওপৰত নিৰ্ভৰ কৰিব৷

প্ৰ: মই দিল্লীৰ পৰা গোৱালৈ খোজকাঢ়ি যাব খোজো৷ ৰেল আলিয়ে আলিয়ে যাব পাৰিমনে?(চুইডেন)
: নিশ্চয় পাৰিব, মাত্ৰ তিনি হেজাৰ কিলোমিটাৰ, লগত যথেষ্ট পৰিমাণে পানী লৈ ব৷

প্ৰ: ভাৰতত টি এম আছেনে? দিল্লী, চেন্নাই, কেলকাতা আৰু বাংগালোৰত থকা কেইটাৰ তালিকাখন পঠিয়াই দিব পাৰিবনে? (ইংলেণ্ড)
: আপোনাৰ শেষৰজন দাস কি হৈ মৰিছিল?

প্ৰ: ভাৰতত হোৱা হিপ্পো দৌৰৰ বিষয়ে জনাবনে? (আমেৰিকা)
: আফ্ৰিকা হৈছে ইউৰোপৰ তলৰ পিনে থকা ত্ৰিভূজ আকৃতিৰ মহাদেশখন আৰু ভাৰত হৈছে প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ মাজত থকা ত্ৰিভূজ আকাৰৰ….. বাদ দিয়ক……নিশ্চয়, হিপ্পো দৌৰ গোৱাত প্ৰতি মঙলবাৰে নিশা অনুষ্ঠিত হয়৷ মাত্ৰ কাপোৰ নিপিন্ধাকৈ আহিব৷

প্ৰ: ভাৰতত উত্তৰ কোন দিশে?(আমেৰিকা)
: দক্ষিণলৈ মুখ কৰক আৰু ১৮০ ডিগ্ৰী ঘূৰক৷ ইয়ালৈ অহাৰ পাছত আমাৰ সৈতে যোগাযোগ কৰিব আৰু আমি বাকী দিশকেইটাৰ বিষয়ে জনাই দিম৷

প্ৰ: মই ভাৰতলৈ চামুচ লৈ আনিব পাৰিমনে?(আমেৰিকা)
: কিয়? আমাৰ নিচিনাকৈ আপোনাৰ আঙুলি ব্যৱহাৰ কৰিব৷

প্ৰ: ইণ্ডিয়ানা পেচাৰৰ খেল কেতিয়া কেতিয়া আছে জনাব পাৰিবনে? (ফ্ৰেন্স)
: ইণ্ডিয়ানা হৈছে আমেৰিকাৰ এখন প্ৰদেশ…. বাৰু বাদ দিয়ক…..নিশ্চয়, ইণ্ডিয়ানা পেচাৰৰ খেল সদায় মঙলবাৰে নিশা গোৱাত অনুষ্ঠিত হয়, হিপ্পো দৌৰৰ পাছতে৷

প্ৰ: ভাৰতত মই হাই হিল পিন্ধিব পাৰিমনে?(ইংলেণ্ড)
: আপুনি নিশ্চয় ইংলেণ্ডৰ এজন ৰাজনৈতিক নেতা, নহয়নে বাৰু?

প্ৰ: বাংগালোৰত চুপাৰমাৰ্কেট আছেনে? গাখীৰ সকলো ঠাইতে পোৱা যায়নে? (জাৰ্মানী)
: নহয়, আমি শান্তিপ্ৰিয় চিকাৰী সভ্যতা, গাখীৰ ইয়াত বেআইনী৷

প্ৰ: ভাৰতত পাৰফিউম আছেনে?(ফ্ৰেন্স)
: নাই, আমাৰ গা নোগোন্ধায়৷

প্ৰ: মইযৌৱনৰ ভুমুকনামৰ সামগ্ৰী এবিধ উৎপাদন কৰিছো৷ এইবিধ ভাৰতৰ কোন ঠাইত বেচিব পাৰিম বাৰু? (আমেৰিকা)
: তেই যথেষ্টসংখ্যক আমেৰিকাৰ মানুহ গোট খায়৷

প্ৰ: আপোনালোকে ভাৰতত বৰদিন পালন কৰেনে?(ফ্ৰান্স)
: কেবল বৰদিনৰ দিনা৷

প্ৰ: মই যোৱা প্ৰায়বোৰ ঠাইতে ইংৰাজী পাৰিমনে?(আমেৰিকা)
: নিশ্চয়, কিন্তু প্ৰথমতে আপুনি শিকি লাগিব৷

প্ৰ: মই যিকোনো সময়তে তাজমহল দেখা পাব পাৰিমনে? (ইটালী)
: যদিহে আপুনি অন্ধ নহয়, আপুনি যিকোনো সময়তে দেখা পাব পাৰিব৷

প্ৰ: ভাৰতত টয়লেট পেপাৰ আছেনে? (আমেৰিকা)
: নাই, আমি চেণ্ডপেপাৰ (চিৰিচ কাগজ) ব্যৱহাৰ কৰোঁ৷ (বেলেগ বেলেগ গ্ৰেডৰ পোৱা যায়)

1 comment: