কাণৰ বিন্ধা..
(জন্মৰ পৰাই কাণত বিন্ধাথকা মোৰ জ্যেষ্ঠ এগৰাকীলৈ ক্ষমা প্ৰাৰ্থনাৰে)
বৰপেটা বিদ্যাপীঠত পঢ়ি থকা সময়ৰ কথা৷ ১৯৩০ চনৰ
২৮ আগষ্ট তাৰিখে আমাৰ স্কুল প্ৰতিষ্ঠা হৈছিল৷ প্ৰতিবছৰে ২৮ আগষ্ট তাৰিখে অতি উলহমালহেৰে
স্কুলৰ প্ৰতিষ্ঠাদিৱস পালন কৰা হৈছিল৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেইদিনমান আগৰ পৰাই বিভিন্ন
প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছিল৷ সেইবোৰৰ ভিতৰত আন্তঃশ্ৰেণী একাঙ্কিকা নাট প্ৰতিযোগিতা
অতি আকৰ্ষণীয় আছিল৷ প্ৰায় প্ৰতিটো শ্ৰেণীয়েই সেই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল৷ পঞ্চম
শ্ৰেণীত থকাৰ পৰাই প্ৰতিবছৰে একাঙ্কিকা নাট প্ৰতিযোগিতাত ময়ো ভাগ লোৱাৰ সুযোগ পাইছিলো,
ভাল অভিনেতা কাৰণে নহয়, কিন্তু মোৰ নিচা আৰু আগ্ৰহৰ বাবে৷
এবাৰৰ কথা৷ প্ৰতিযোগিতা চলি আছে৷ এখনৰ পাছত এখনকৈ
নাটক মঞ্চস্থ হৈ আছে৷ আৰু মাত্ৰ এখন নাটকৰ পাছতেই আমাৰ পাল৷ আমি মেক-আপ কৰি সাজু হৈ
আছো আৰু আমাৰ আগৰ নাটকখন চলি আছে৷ হঠাতে হাঁহিৰ শব্দ ভাঁহি আহিবলৈ ধৰিলে মঞ্চৰ পৰা৷
উইংচৰ ফাঁকেৰে চাই দেখিলো এজন অভিনেতাই আন এজন অভিনেতাৰ মুখলৈ চাই চাই হাঁহিব ধৰিছে৷
ইজন অভিনেতাই আচৰিত হৈ চাই আছে৷ কিবা কবলৈ চেষ্টা কৰে কিন্তু আনজনে তেওঁৰ পিনে চাই
মুখত হাত দি ঘেকঘেকাই হাঁহে৷ ইপিনে স্মাৰকজনে সংলাপ বাৰে বাৰে মনত পেলাই দি আছে কিন্তু
হাঁহিব ধৰাজনে মুখত হাত দি বেছিকৈহে হাঁহিব ধৰিলে, সংলাপ কোৱাতো দূৰৰে কথা৷ লাহে লাহে
দৰ্শকসকলেও হাঁহিত যোগ দিলে৷ সুবিধা পাই সকলোৱে চিঞৰিবলৈ ধৰিলে৷ তেনেদৰে কিছুসময় পাৰ
হোৱাৰ পাছত কোনো উপায় নেদেখি আঁৰকাপোৰ পেলাই দিয়া হ’ল৷ কোনেও একো বুজিব নোৱাৰিলে কিয়
সেই অভিনেতাজনৰ ইমান হাঁহি উঠিল৷
আঁৰকাপোৰ পৰাৰ পাছত বাকীবোৰ অভিনেতাই গৈ সেই
হাঁহিথকা অভিনেতাজনক আগুৰি ধৰি গালি-গালাজ কৰিব ধৰিলে৷ কিন্তু হাঁহি থকাজনে যি বৰ্ণনা
দিলে তাত আনবোৰেও নাহাঁহি নোৱাৰিলে:
“তাৰ কাণৰ বিন্ধাৰে দূৰৰ টিউব লাইটৰ পোহৰ আহি
মোৰ চকুত পৰিছিলহি৷ যিমানেই মই তাৰ ফালে চাওঁ সিমানেই তাৰ কাণৰ বিন্ধাৰে পাৰ হৈ অহা পোহৰ
আহি মোৰ চকুত পৰে আৰু মোক আমনি কৰে৷ তাৰপাছত আৰু মই হাঁহি ৰখাব নোৱাৰিলো৷”
আনজন অভিনেতাৰ কাণত এটা ডাঙৰ বিন্ধা আছিল৷ সমনীয়াবোৰে
তেওঁক সেইনামেৰেই চিনি পাইছিল৷ গতিকে এন্ধাৰ মঞ্চত সেই বিন্ধাৰে সোমাই অহা দূৰৰ টিউব
লাইটৰ পোহৰে অভিনৱ পৰিস্থিতি এটাৰ সৃষ্টি কৰিছিল৷ তেনে অৱস্থাত হাইস্কুলীয়া ছাত্ৰ এজনৰ হাঁহি উঠাটো
স্বাভাৱিক৷
No comments:
Post a Comment