সহপাঠী তৰুণ, অনিল আৰু দেউতাৰ ঔকিল...
১৯৬৭ চন মানৰ কথা৷ তেতিয়া আমি তিতাবৰৰ চৰকাৰী ৰেচম পামত থাকোঁ৷ মই তিতাবৰ অভ্যসন বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীত৷ মোৰ লগত একেলগে পঢ়ে তৰুণ আৰু অনিল নাম ল’ৰা দুজনে৷ অনিলৰ দেউতাক একে বিভাগতে কাম কৰে৷ আমাৰ লগত ৰেচম পামতে থাকে৷ তৰুণ অলপ দূৰত, মিহিৰাম শইকীয়া হাইস্কুলৰ ওচৰত থাকে৷ দুয়ো স্বভাৱত মোতকৈ শান্ত৷
দেউতাই আমাক ঘৰত বিশেষ বিশেষ নাম একোটাৰে জোকাইছিল৷ মেকুৰী, নেউল, নিগণি, পৰুৱা আৰু মোৰ জোকোৱা নাম আছিল দুটা: ভেকুলী আৰু থেপা৷ দেখাত অলপ শকত-আৱত আছিলো আৰু সৰুতে একে ঠাইতে থেপথেপাই বহি থাকিছিলো বাবেই সেই নাম৷ মোৰ জোকোৱা নামটো অনিলে কেনেবাকৈ গম পালে আৰু এদিন স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে অলপ নিৰাপদ দূৰত্বলৈ গৈ মোক “থোপা থোপা” বুলি জোকাবলৈ ধৰিলে৷ তাৰ লগতে তৰুণেও যোগ দিলে৷ থেপা বুলি ক’লেও কিজানি অলপ সহ্য হ’লহেতেন৷ কিন্তু থোপা থোপা বুলি মোৰ নামটো বিকৃত কৰি জোকোৱাত মোৰ খঙে চুলিৰ আগ পালেগৈ৷ সিহঁত অলপ দূৰৈত আছিল বাবে দুটামান শিলগুটি গালৈ মাৰিলো৷ কিন্তু এটাও গাত নালাগিল৷ সিহঁত জোকাই জোকাই দৌৰি ঘৰ পালেগৈ৷ মইও মনৰ খং মনতে মাৰ নিয়াই নিজৰ ঘৰত সোমালোগৈ৷
পিছদিনাখন তৰুণক স্কুলৰ প্ৰাৰ্থনা আৰম্ভ হোৱাৰ আগতে অকলে কোঁঠাত পাই বেৰত খুন্দিয়াই
খুন্দিয়াই মাৰিলো৷ বেচেৰাই দুৱাৰৰ চুকত লুকাই লুকাই উচুপি উচুপি কান্দিলে৷ মোৰো দুখ
লাগিল (তাৰ দেউতাক নাছিল), অনুশোচনা হ’ল; ভয়ো লাগিল৷ কাৰণ বায়েকহঁতো আমাৰ স্কুলতে
পঢ়িছিল৷ তৰুণে কিন্তু বায়েক বা শিক্ষক কাকো কথাটো নজনালে, ময়ো সাৰি গলো৷ কিন্তু অনিলকহে একো কৰিবলৈ
সুযোগ পোৱা নাছিলো৷
সেইদিনা বোধহয় শনিবাৰ আছিল৷ গৰমৰ দিন৷ ফুটবল খেলৰ বতৰ৷ দেউতাই যোৰহাটৰ পৰা চাৰি নম্বৰী ফুটবল এটা আনি দিছিল৷ সেইটো খেলিবলৈ ওচৰ-পাজৰৰ বহুতো ল’ৰা আবেলি আমাৰ ঘৰৰ সম্মুখত থকা পথাৰখনত গোট খায়হি৷ আবেলি তিনিমান বজাত মইও পাকঘৰত মাৰ কাষত বহি কিবা এটা খাই লৰ মাৰিলো ফুটবল খেলিবলৈ বুলি৷ ঘৰৰ পৰা ওলায়েই বাটত দেখিলো অনিলক৷ সি ক’ৰবালৈ গৈ আছিল আমাৰ ঘৰৰ আগেৰে৷ মই তাক দেখিয়েই আগ-পাছ নুগুণি পিঠিত দিলো এটা প্ৰচণ্ড ঘোঁচা৷ তাৰপাছত পথাৰত ফুটবল খেলিবলৈ বহি থকা ল’ৰাবোৰৰ মাজত গৈ বীৰৰ দৰে বহি পৰিলো৷ সিহঁত সকলোৱে দেখিলে ঘটনাটো৷
ইফালে অনিল কান্দি কান্দি ঘৰমুৱা হ’ল৷ আমি পথাৰত বহি দূৰৰ পৰা চাই থাকিলো৷ অলপ পাছত অনিলৰ মাক আৰু বায়েক দুগৰাকী ঘৰৰ পৰা ওলাই আহিল৷ আমাৰ ঘৰৰ কাষতে থকা লিচুগছডালৰ তলত থিয় হৈ মাকে চিঞৰি চিঞৰি গালি পাৰিবলৈ ধৰিলে৷ আমাৰ মা দুৱাৰমুখলৈ ওলাই আহি আচৰিত হৈ চাই কি কথা একো বুজি নাপাই ভিতৰ সোমাই গ’ল৷ দেউতা তেতিয়া অফিচতে আছিল৷ অলপ সময় পাছত অনিলৰ বায়েক দুগৰাকী আমাৰ আগেৰে পাৰ হৈ দেউতাৰ অফিচৰ ফালে গ’ল৷ মোৰ ভয় লাগি আহিব ধৰিলে৷ তথাপি ভাবিলো, লগৰীয়াবোৰৰ মাজত বহি থাকিলে দেউতাই একো নকৰে৷ লগৰীয়াবোৰেও মই একো কৰা নাই বুলি মোৰ হৈ ওকালতি নিশ্চয় কৰিব৷ অলপ পাছত অনিলৰ বায়েকহঁত ভোঁ-ভোৱাঁই উভতি গ’ল আমাৰ আগেৰে৷ মইও উৎকন্ঠাৰে দেউতাৰ অফিচৰ ফালে চাই থাকিলো৷
বেছিপৰ ৰ’ব লগা নহ’ল৷ দেউতা অফিচৰ পৰা ওলাল৷ গহীন খোজেৰে আমাৰ ফালে আগবাঢ়ি আহিল৷ পোনে পোনে মোৰ ফালে আহিল৷ তাৰপাছত মুখেৰে একো নকৈ মোক চুলিত ধৰি চোচোৰাই লৈ গ’ল ঘৰৰ পিনে৷ সমনীয়াবোৰৰ আগত মোৰ মান-সন্মান সকলো ধূলিস্যাত হৈ পৰিল৷
ঘৰ পোৱাত মা আহি ক’ব ধৰিলে,
: সি দেখোন অলপ আগলৈকে মোৰ লগত পাকঘৰত বহি জলপান খাই আছিল৷ তাৰ পৰা চিধা-চিধি খেলিবলৈ গ’ল৷ ক’তনো সি মাৰিবলৈ সময় পালে?
দেউতাই একো উত্তৰ নিদিলে৷ কাকো একো নুসুধিলেও৷ মইও একো কৈ লাভ নাই বুলি মনে মনে থাকিলো৷ তাৰপাছত বাথৰুমত সুমুৱাই লৈ দেউতাই মোক উত্তম-মাধ্যম সোধালে প্ৰায় আধা ঘন্টামান৷ তাৰপাছত মোক বাথৰুমতে বন্ধ কৰি থৈ গুছি গ’ল৷
".....মোক সিহে আগতে জোকাইছিল৷ সকলোৰে আগত মোক জোকাইছিল৷ তৰুণকো সিহে জোকাবলৈ লগাই দিছিল৷ সেইবাবেহে ঘোঁচা এটা মাৰিলো ঘৰৰ আগত পাই৷ তাৰ কাৰণে মোক ইমান অপমান কৰি সকলোৰে আগত মাৰিব লাগেনে?....." কথাবোৰ ভাবি ভাবি দুখ-অভিমানত ফেঁকুৰি ফেঁকুৰি কান্দিলো ৷
তাৰ কিছুদিন পাছতেই আমি বদলি হৈ শ্বিলঙলৈ গুছি যাওঁ৷ তৰুণ আৰু অনিলক লগ পোৱাৰ সুযোগ আৰু নঘটিল৷
দেউতাৰ কঠোৰ অনুশাসনৰ তলত অৱশ্যে আৰু বেছি দিন থাকিবলৈ নাপালো৷
তাৰ প্ৰায় ডেৰবছৰ পাছত ১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ আঠ তাৰিখে দেউতাই আমাক এৰি গুছি গ’লগৈ চিৰদিনৰ বাবে৷
No comments:
Post a Comment