At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday 9 November 2013

ৰঙতে বিন্ধালো কাণ, বিষত যায় ধাতু প্ৰাণ..



ৰঙতে বিন্ধালো কাণ, বিষত যায় ধাতু প্ৰাণ..

পানী আৰু জুইৰ পৰা কণ-কণ শিশুসকলক আঁতৰত ৰখাই মঙ্গলজনক৷ নহ’লে যিকোনো ধৰণৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা থাকে৷ সৰুকালৰ ঘটনা এটা মনত পৰিলে মোৰ গাৰ নোম এতিয়াও শিয়ৰি উঠে৷ 

মোৰ বয়স চাৰিবছৰমান আছিল হয়তো তেতিয়া৷ তেতিয়া আমি নগাঁওৰ ওচৰৰ শেনচোৱাত থকা চৰকাৰী ৰেচম পামত থাকো৷ আমাৰ কাষৰ ঘৰতে আছিল কলিতা উপাধিৰ এঘৰ মানুহ৷ নলবাৰীৰ ফালৰ মানুহ৷ প্ৰায়ে আমাক পাগলাদিয়া নদীৰ বিষয়ে সাধুকথা শুনাইছিল তেখেতসকলে৷ তেখেতসকলৰ সৰু কেচুৱা এটা আছিল৷ তেতিয়াও ভালদৰে খোজ দিব পৰা হোৱাই নাই৷ কেচুৱাটি চোৱা-চিতা কৰিছিল ভগীৰথ নামৰ ল’ৰা এজনে৷ ভগীৰথৰ বয়স কিজানি বাৰবছৰমানহে আছিল৷ কিন্তু পাগলাদিয়া নৈৰ পাৰৰ ল’ৰা৷ ভালদৰে সাঁতুৰিব জানিছিল৷

মোৰ দুয়োজন দাদা, ভগীৰথ আৰু মই একেলগে খেলি ফুৰিছিলো৷ কিন্তু ভগীৰথৰ কোলাত সদায় কেচুৱাটিও থাকে৷ 

সেইবাৰ ভগীৰথৰ পৰাই দাদাহঁতে নতুন কথা এটা শিকিছিল৷ মৰাপাটৰ নিচিনাকৈ ভেণ্ডিগছৰ পৰা আঁহ উলিওৱা বুদ্ধি৷ ভেণ্ডি গছ পুৰঠ হোৱাৰ পাছত কাটি নি কিছুদিন পানীত বুৰাই ৰাখিব লাগে৷ তাৰপাছত পানীৰ তলৰ পৰা উলিয়াই আনি গছডালৰ বাকলিবোৰ হাতেৰে বিশেষ কৌশলেৰে টানি উলিয়াই আনিব পাৰি৷ ঠিক মৰাপাট যেনেই লাগে৷ সেইবোৰ কাম কৰাত ঘৰৰ পৰাও কোনো বাধা নাপাইছিলো আমি৷

এদিন ৰাতিপুৱাতে আমি গোটেইকেইটা পামৰ ভিতৰতে থকা সৰু পুখুৰীটোৰ ওচৰ পালোঁগে৷ পানীত ভেণ্ডিগছ বুৰাই থবলৈ৷ ভগীৰথে কোলাৰ পৰা কেচুৱাটো মোৰ হাতত দি কামত লাগি গ’ল৷ দাদাহঁতেও সহায় কৰিবলৈ ধৰিলে৷ মই আৰু কেচুৱাটো পুখুৰীৰ পাৰত খেলি থাকিলো৷ কেঁচুৱাটোৱে লেপেটা কাঢ়ি বহি পুখুৰীৰ পানীৰ ফালে অলপ চুচৰি আগুৱাই গ’ল৷ মইও পিছে পিছে গ’লো৷ ইফালে ভগীৰথহঁত নিজৰ কামত ব্যস্ত৷ কেচুৱাটো পানীৰ একেবাৰে ওচৰ পালেগৈ৷ হঠাতে মোৰ মনত এটা ভাব খেলালে৷ কেচুৱাটোৱে বাৰু সাঁতুৰিব পাৰিবনে? তাকে চাবলৈ মই কেচুৱাটো পানীলৈ থেলা মাৰি দিলো৷ ধপংকৈ শব্দ এটা হ’ল৷ কেচুৱাটো ঠিক ভেকুলী এটাৰ নিচিনাকৈ হাত ভৰি মাৰি মাৰি পানীৰ তললৈ সোমাই যাব ধৰিলে৷ উপঙি নুঠিল৷ মই ভয়ত কঁপিবলৈ ধৰিলো৷ ঠিক তেনেতে ভগীৰথ পানীত জপিয়াই পৰিল আৰু পানীৰ তলৰ পৰা কেঁচুৱাটো উদ্ধাৰ কৰি আনিলে৷ দাদাহঁতে মোক উধাই-মুধাই গালি পাৰিলে৷ আটাইকেইটা ঘৰ পালোহি৷ দেউতাৰ আগত সকলো কথা কোৱাৰ পাছত দেউতাই মোৰ পিঠি ফালিব বুলি ভয় কৰিছিলো যদিও দেউতা আচৰিত ধৰণে গহীন হৈ পৰিল৷ হয়তো কি ভয়ানক ঘটনা ঘটিব ধৰিছিল তাকে ভাবি ভয় খাইছিল৷ 

অলপ সময় পাছত কোলাত কেচুৱা লৈ ভগীৰথ আকৌ আহি ওলাল৷ কেচুৱাটোক ভালদৰে গা-মূৰ ধুৱাই নতুন কাপোৰ পিন্ধাই লৈ আহিছে৷

ভয়তে কেচুৱাটোলৈ চাবলৈ মন নগ’ল৷ হাত-ভৰিবোৰ মোৰ তেতিয়াও কঁপি আছিল৷


No comments:

Post a Comment