ভাল ল’ৰা
পাঠকে ছোৱালীজনীৰ
বাবে বহুদিনৰ পৰাই ভাল ল’ৰা এটা বিচাৰি আছে৷ ছোৱালী কম্পিউটাৰ ইঞ্জিনিয়াৰ৷ নাম থকা
কোম্পানীত কাম কৰে৷ ভাল নাচে, গানো গায়৷ দেখিবলৈও চিনেমাৰ অভিনেত্ৰীৰ দৰেই৷ স্বভাৱে-চৰিত্ৰই
সতী-সাৱিত্ৰীতকৈ কোনো গুণে কম নহ’ব যেন লাগে৷ যি ঘৰলৈকে বোৱাৰী হৈ যাব সেই ঘৰেই ভাগ্যবান
বুলি ভাবিব লাগিব৷ পঢ়ি থকা অৱস্থাতে আন বহুতৰ নিচিনাকৈ ল’ৰা এটা যোগাৰ কৰি ল’ব নোৱাৰিলে
তাই৷ হয়তো দেউতাক বিয়া-বাৰুৰ ক্ষেত্ৰত খুব কাঢ়া বুলি ভাবিয়েই তাই সাবধানে দিনবোৰ পাৰ
কৰিলে৷ কিন্তু এতিয়া দৰা বিচাৰি হায়ৰাণ হৈছে দেউতাক পাঠক৷
পাঠক মোৰ বাল্যবন্ধু৷
ইঞ্জিনিয়াৰিং কলেজতো একেলগে পঢ়া দুয়ো৷ পাছ কৰি তেওঁ ৰিফাইনাৰিৰ চাকৰিত সোমাল, মই সোমালোঁ
কলেজতে শিক্ষকতাৰ কামত৷ বিয়াও প্ৰায় একে সময়তে পাতিছিলো দুয়ো৷ প্ৰায়েই অহা-যোৱা চলিছিল
দুয়ো ঘৰৰ মাজত৷ এতিয়া অৱসৰ পাই ওচৰা-ওচৰিকৈ ফ্লেট কিনি প্ৰায় একেলগে আছোঁহি৷
প্ৰথমতে ছোৱালীজনীৰ
বাবে দৰাৰ কথা ভাবি বেছি মূৰ ঘমোৱা নাছিল পাঠকে৷ ইমান ভাল ছোৱালী যেতিয়া অতি সহজে দৰা
পাবই বুলি নিশ্চিন্তে বহি আছিল৷ প্ৰথমতে তাই পঢ়ি-শুনি থিতাপি লওঁক, তাৰপাছত বিয়া-বাৰুৰ
কথা লাহে-ধীৰে ভাবিব লাগিব৷ কেতিয়াবা কথা-প্ৰসঙ্গত পাঠকে কৈছিল৷ ছোৱালীৰ পঢ়া-শুনাৰ
প্ৰতিয়েই ইমান দিনে মনোযোগ দি আহিল পাঠকে৷ তাইও দেউতাকক নিৰাশ নকৰি খুব ভালদৰেই পাছ
কৰি গ’ল সকলো পৰীক্ষা৷
কিন্তু ছোৱালীৰ
বিয়াৰ চিন্তা মনলৈ অহাৰ পাছৰে পৰা দৰা বিচাৰি পাঠক ভাগৰি পৰিছে৷ দৰাৰ ক্ষেত্ৰত পাঠকৰ
চৰ্ত বহুত৷ ল’ৰা ইঞ্জিনিয়াৰ হ’ব লাগিব৷ ভাল চাকৰি কৰা হ’ব লাগিব৷ দেখোতো ভাল হ’ব লাগিব৷
ভাল পৰিয়ালৰ হ’ব লাগিব৷ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগিব৷ কেৱল অসমীয়া হ’লেই নহ’ব, পাৰিলে
তেওঁৰ নিজৰ অঞ্চলৰ মূল বাসিন্দা হ’ব লাগিব৷ সেইবোৰ ঠিকে থাকিলেও নহ’ব পঞ্জিকা মতেও
ৰাহি-যোৰাও মিলিব লাগিব৷ এবাৰ খুব ভাল ল’ৰা এজনৰ খবৰ পাই পাঠকক জনাইছিলো৷ পাঠকে পঞ্জিকা
চাই নাকচ কৰি পেলালে৷ তাৰপাছত কিছুদিন বিয়াৰ কথা তল পৰি আছিল৷ আজি হঠাতে ৰাতিপুৱাতে
পাঠকৰ ফোন পালোঁ৷
“আবেলি এপাক ঘৰলৈ
আহিবাচোন৷”
“কিয়? কিবা পাতিছা
নেকি?”
“নাই৷ ল’ৰা এজন
ফুৰিবলৈ আহিব৷ তোমাক চিনাকি কৰাই দিম বুলি ভাবিছো৷ সোনকালে আহিবা”
অৱসৰ পোৱা মানুহ৷
হাতত সময় অপৰ্যাপ্ত৷ ভাত-পানী খাই সোনকালেই পাঠকৰ ঘৰ পালোঁগৈ৷ পাঠকেই কথাটো উলিয়ালে৷
“ভাল ল’ৰা এজনৰ
খবৰ পালোঁ৷ ইঞ্জিনিয়াৰ, পুণেত থাকে৷ পঞ্জিকা মতেও মিলাই চাইছো৷ মিলিছে৷ মাজনীক ইতিমধ্যে
পুণেত দেখি পচন্দও কৰিছে৷”
“খুব ভাল কথা৷
সোনকালে সকলো ঠিক কৰি দিয়া তেনেহলে৷” মই অতি উৎসাহেৰে ক’লো৷
“ল’ৰাজন দুদিনমানৰ
কাৰণে ঘৰলৈ আহিছে৷ খবৰটো পাই আজি ঘৰলৈ মাতিছো৷ তোমাৰ কলেজৰ পৰাই পাছ কৰা ল’ৰা৷ তুমি
চিনি পাব পাৰা৷ সেইকাৰণে তোমাৰ মত এটাও লৈ ল’ব খুজিছো৷”
“ল’ৰাজন কি ইঞ্জিনিয়াৰ?
চিভিল যদি ভালদৰে চিনি পাম৷”
“নহয়, ইলেক্ট্ৰিকেল৷
তথাপি তুমি চিনি পাবও পাৰা৷ হোষ্টেলত আছিলতো৷ অলপ কথা-বতৰা পাতি চাবা৷”
মইও হয়ভৰ দি ৰৈ
থাকিলোঁ ল’ৰাজনৰ বাবে৷ ভালো লাগিল মোৰ মতামতকো পাঠকে ইমান গুৰুত্ব দিব খোজা দেখি৷ দুয়ো ইটো-সিটো
কথা পাতি কিছু সময় পাৰ কৰিলোঁ৷ বেছি সময় বাট চাব লগা নহ’ল৷ ল’ৰাজন আহি ওলাল৷ মুখখন
চিনাকি চিনাকি লাগিল৷ পাঠকনীয়ে আথে-বেথে বহুৱালে৷ পাঠকে মোক চিনাকি কৰি দিলে৷ আশাকৰা
ধৰণেই ল’ৰাজন মোৰ চিনাকি পোৱাৰ পাছত অলপ নাৰ্ভাচ হোৱা যেন লাগিল৷
দুই-এটা কথাৰ আদান-প্ৰদান
হোৱাৰ পাছত পাঠকনী পাকঘৰত সোমাল৷ পাঠকো ভিতৰলৈ গ’ল ল’ৰাজনৰ লগত মোক অকলে এৰি দি৷ মই
কথা আৰম্ভ কৰিলো৷ কথা মানে যেন মৌখিক পৰীক্ষাহে৷ নাম কি? এতিয়া কি কৰি আছা? কোন চনত
পাছ কৰিছিলা? কোন হোষ্টেলত আছিলা? ইত্যাদি ইত্যাদি৷
ল’ৰাজনে উত্তৰ
দি গ’ল মোৰ প্ৰশ্নবোৰৰ এটা এটাকৈ৷ চন আৰু হোষ্টেলৰ কথা জনাৰ লগে লগেই ফট-ফটকৈ বহুতো
কথা মনত পৰি গ’ল মোৰ৷
পাঠক সোমাই আহিল৷
পাঠকনীয়ে চাহ-জলপান দি গ’ল৷ কিছুসময় কথা-বতৰা চলিল৷ তাৰপাছত ল’ৰাজন বিদায় লৈ গ’লগৈ৷
“চিনি পালানে
ল’ৰাজন?” আশাকৰা মতেই পাঠকৰ প্ৰথম প্ৰশ্ন৷
“পাইছো৷ মই অধীক্ষক
হৈ থকা হোষ্টলতে আছিল৷” উত্তৰ দিলোঁ৷ কিন্তু মোৰ মনটোত সমান্তৰাল ভাবে বেলেগ এটা চিন্তা
চলি আছিল বুলি পাঠকে সহজে অনুমান কৰি আকৌ পোনে-পোনে সুধিলে,
“কেনেকুৱা ল’ৰা?
ভালনে? তোমাৰ মতামত কি?”
এইবাৰহে দোমোজাত
পৰিলো৷ ল’ৰাজনক চিনি পোৱাৰ পাছত ল’ৰাজনৰ বিষয়ে যিমানখিনি কথা মনত পৰিছে গোটেইখিনি জনাই
দিয়া উচিত হ’বনে নাই মনতে ঠাৱৰ কৰিব নোৱাৰি উত্তৰ দিলোঁ,
“নাই, মই চিনি
পাইছো যদিও মাত্ৰ এদিনহে লগ পাইছিলো৷ গতিকে কেনেকুৱা ল’ৰা সেই বিষয়ে মতামত নিদিয়াই
ভাল হ’ব৷”
“মাত্ৰ এদিন?
সেইটো আকৌ কেনেকুৱা কথা? তুমি অধীক্ষক হৈ থকা হোষ্টেলতে আছিল হেনো ল’ৰাজন?” পাঠকৰ স্বাভাৱিক
প্ৰশ্ন৷
“মই তিনিবছৰ বাহিৰত
আছিলো উচ্চ শিক্ষাৰ বাবে৷ উভতি আহি হোষ্টেলৰ অধীক্ষকৰ দায়িত্ব লৈছিলো৷ ইতিমধ্যে ল’ৰাজনে
ফাইনেল পৰীক্ষা দি সেই হোষ্টেল এৰি গৈছিল মাত্ৰ৷ ফাইনেলৰ ৰিজাল্ট দিয়াৰ পাছত হোষ্টেলৰ
ক্লিয়াৰেঞ্চ ল’বলৈ, মানে হোষ্টেলত একো দিবলগীয়া নাই বুলি চাৰ্টিফিকেট ল’বলৈহে মোৰ ওচৰলৈ
আহিছিল৷ এদিনৰ চিনাকি মাত্ৰ৷”
“মাত্ৰ এদিন লগ
পালা৷ তাকো ইমান বছৰ আগতে৷ তথাপি ল’ৰাজন চিনি পালানে?” পাঠকৰ পৰা এইটো প্ৰশ্নও আহিব
পাৰে বুলি মই ভয় কৰি আছিলো৷ সকলো কথা কৈ দিয়াই ভাল হ’ব বুলি ভাবি উত্তৰ দিলোঁ,
“কেতিয়াবা মনত
থাকি যায়৷ ল’ৰাজনৰ আচলতে অলপ টকা দিবলৈ বাকী আছিল৷ বেছি নহয় এশ টকামান আছিল বোধকৰো৷
এটকাও বাকী থাকিলে ক্লিয়াৰেঞ্চ মই নিদিওঁ কাৰণ কলেজৰ পৰা একেবাৰে ওলাই যোৱাৰ পাছত আৰু
সেই টকা পোৱাৰ কোনো আশা নাথাকে৷ গতিকে পাছত ময়েই ভৰিবলগীয়া হ’ব৷” পাঠক নিজেও ইঞ্জিনিয়াৰিং
কলেজৰ হোষ্টেলত থাকি অহা৷ সকলো জানেই বুলি জানিও অলপ ব্যাখ্যা কৰি ক’লো৷
“ল’ৰাজনক ক্লিয়াৰেঞ্চ
দিয়া নাছিলা নেকি তুমি?” পাঠকে জেৰা কৰাৰ দৰেই সুধিলে৷
ক্ষন্তেক ৰৈ উত্তৰ দিলো,
“এদিন ৰাতিপুৱাতে
আহি ওলাইছিল ল’ৰাজন ক্লিয়াৰেঞ্চ ল’বলৈ৷ মই টকা দিবলৈ বাকী থকা ল’ৰাবোৰৰ তালিকাখন চালো৷
ল’ৰাজনৰ নামটো প্ৰায় ওপৰতে আছিল৷ তেওঁক জনাই দিলো তেওঁৰ অলপ দিবলগা থকা কথাটো৷ ল’ৰাজনে
অনুৰোধ কৰি কৈছিল,
“ছাৰ, মই দূৰৰ
পৰা আহিছো৷ লগত বেছি টকা নাই৷ ক্লিয়াৰেঞ্চটো দি দিয়ক৷ মোৰ মাহীৰ ঘৰ ইয়াতে৷ অফিচৰ কামখিনি
কৰি আবেলি মাহীৰ ঘৰৰ পৰা টকাখিনি আনি আপোনাক দি থৈ যামহি৷ আপোনাক কথা দিছো৷ মোক বিশ্বাস
কৰক৷”
ল’ৰাজনৰ কথাত
পতিয়ন গৈ ক্লিয়াৰেঞ্চৰ ফৰ্মখনত চহী কৰি দিলো৷ ল’ৰাজন গ’লগৈ৷ সেইদিনা আবেলি নাহিল৷ পিছদিনাও
নাহিল৷ বছৰ পাৰ হৈ গ’ল৷ কোনোদিনেই নাহিল৷ আজিহে ইমান দিনৰ মূৰত আকৌ মুখা-মুখি হৈছোঁ৷
মূখখন অলপ অলপ চিনিব পাৰিছিলো৷ নামটো কোৱাত গোটেই ঘটনাটো মনত পৰি গ’ল৷ ল’ৰাজনৰ বিষয়ে
অৱশ্যে মই আৰু একো নাজানো” কথাখিনি কৈ শেষ কৰি পাঠকৰ পিনে চালো৷ মোৰ বুকুৰ পৰা বোজা
এটা আঁতৰি যোৱা যেন লাগিল৷
পাঠক কিছু সময় মনে মনে থাকিল৷ তাৰপছত লাহেকৈ মাত দিলে,
“ভুল তোমাৰেই৷
তুমি ইমান সহজে সকলোকে বিশ্বাস কৰি লোৱা৷ ল’ৰাজন বুধিয়ক৷ আজিৰ যুগৰ লগত খাপ খাই চলিব
পৰা ল’ৰা৷ সেইটো একো ডাঙৰ দোষ বা দ্ৰবেক বুলি ক’ব নোৱাৰি৷”
মই পাঠকৰ কথাখিনি
শলাগি থলোঁ৷ বিদায় লৈ ঘৰ পালোঁহি৷ দুদিনমান পাছত বিয়াৰ নিমন্ত্ৰণী পত্ৰখন পাম বুলি
প্ৰায় নিশ্চিত হ’লো৷