At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday, 6 October 2012

এটা চাৰমিনাৰৰ পেকেট আৰু পাঁচজন এইচিয়ান


এটা চাৰমিনাৰৰ পেকেট আৰু পাঁচজন এইচিয়ান ..
(শান্তি, দীপক, মনোৰঞ্জন, ৰাজীৱ, ৰাণা আৰু যতীনলৈ ক্ষমা প্ৰাৰ্থনাৰে)      
-----------------------------------------------------------------
, কাইলৈৰ পৰা ট্ৰেদিচনেল লিডে৷ ক্লাচ নহয়৷
হয় নেকি? কোনে লে?”
আমাক চিনিয়ৰে কৈছে৷ একেবাৰে নিউইয়াৰ্চৰ পাছতহে বোলে ক্লাচ ব৷ ডিচেম্বৰৰ ২২ তাৰিখৰ পৰা বোলে সদায় এনেকৈ বন্ধ হয়৷
বঢ়িয়া, চবেই গম পায়নে?”
চবকে কৈ দিম নহয়, কোনো ক্লাচলৈ নাহে৷
ছোৱালীবোৰকো লাগিব নহয়৷ সিহঁত আহিলে আমাৰ  বিপদ হ’ব৷
আজি ক্লাচতে কৈ দিম৷
কথা মতে কাম৷ আখৰ ভাল বাবে ৰাজীবকে লিখাৰ ভাৰটো দিয়া ল৷ দুয়োটা ক্লাচৰ ব্লেকবোৰ্ডত সি গোট-গোট আখৰেৰে ধুনীয়াকৈ লিখি দিলে:
নো ক্লাচ ফ্ৰম টুম’ …ট্ৰেদিচনেল লিডে৷ বাই অৰ্ডাৰ৷

তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যলয়ত ছাত্ৰ বুলিবলৈ কেৱল আমি নবাগতবিলাক আৰু প্ৰজেক্ট কৰিবলৈ হোষ্টেলত থাকি যোৱা পঞ্চম বাৰ্ষিকৰ দাদাসকল৷ কলেজত আমাৰ ১৯/২০ দিন মাথোন হৈছে৷ বাকী ছাত্ৰসকল বছেৰেকীয়া পৰীক্ষাৰ পাছত ঘৰাঘৰি গৈছিল৷ আমাক নবাগত বিলাকক , আৰু নং হোষ্টেলতে একেলগে ৰখা হৈছিল৷ মেছ চলিছিল নং হোষ্টেলত৷ গতিকে খাবৰ সময়ত গোটেইখিনি ৰা লগ পোৱা গৈছিল৷ তেতিয়া চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেল, এই চাৰিটা বিভাগহে আছিল৷ মুঠ ছাত্ৰ-ছাত্ৰী আছিল মাত্ৰ ২১০ গৰাকী আৰু শাখা আছিল দুটা৷ কথাবোৰ জনাবলৈ সহজ আছিল৷

হোষ্টেলত থাকি যোৱা পঞ্চম বাৰ্ষিকৰ দাদা সকলৰ লগত আমাৰ মুখামুখি ৰাতি ১২ টা মান বজাতহে হৈছিল৷ ৰাতিপুৱা টা বজাতে আমি ক্লাচলৈ যাওঁ, তেখেতসকলৰ তেতিয়াটোপনিৰ চিকুণ পুৱা “, আবেলি বজাত যেতিয়া আমি কলেজৰ পৰা ভাগৰি-জুগৰি আহোঁ তেতিয়া তেখেতসকল সাজি-কাচি কলেজ বাচত উঠি পাণবজাৰ অভিমুখে ৰাওনা হ্য়৷ আমি চিঞৰ-বাখৰ কৰি থাকিলেও ধৰোঁতা কোনো নাই৷ একেবাৰে ৰামৰাজ্য৷ ৰাতি ভাত খোৱাৰ পাছতো বহু সময়লৈকে আমাৰ সেই স্বাধীনতা বাহাল থাকে৷ ৰাতি ১১ মান বজাত যেতিয়া টেবুল লাইট অফ কৰি টোপনি যাবৰ আয়োজন কৰোঁ তেতিয়া দুৰৈৰ পৰা ৰিণিকি ৰিণিকি ভাহি আহে কিছুমান চিনাকী শব্দ৷ আমাৰ বুকুবোৰ কিবা অজান আশংকাত কঁপিব ধৰে৷ লাহে লাহে শব্দবোৰে কোলাহলৰ ৰূপ লয়, আমাৰ ওচৰ চাপি আহে৷ তাৰপাছত ধুপ-ধাপ, ধুৰুমধাৰাম , খিটলিং আমাৰ বুকুৰ ধপধপনিও বাঢ়ি যায়৷ কপাল ভাল থাকিলে সেই কোলাহলবোৰ কিছুসময় পাছত আমাৰ পৰা আঁতৰি আনদিশে গুচি যা্য়৷ কেতিয়াবা হোষ্টেলৰ আগৰ ফিল্ডখনতে কিছুসময় চিঞৰ বাখৰ চলি থাকে, তাৰ পাছত নিজে নিজে কমি আহিব ধৰে, নাইবা আনপিনে গুচি যায়৷ আমিও স্বস্তিৰ নিশ্বাস পেলাই সেই শব্দবোৰ দুনাই উভটি নাহিব বুলি আশা কৰি টোপনি যাবলৈ চেষ্টা কৰো৷ তেনেদৰে থাকোঁতে কেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰে গমেই নাপাওঁ৷

এদিন ৰাতি সাৰ পালো প্ৰচন্ড শব্দত৷ আমাৰ কোঠাৰ দুৱাৰত কাৰোবাৰ অবিৰত পদাঘাত, ধুম ধুম ধুম কাণে মুৰে লেপখন লৈ অলপ সময় বাট চালো, কিজানিবা সেই শব্দ আঁতৰি যায়৷ নাই, শব্দৰ প্ৰকোপ লাহে লাহে বাঢ়িহে ল৷ কিছু সময় পাছত হঠাতে দুৱাৰৰ পৰা কিবা এডোখৰ ভাগি চিটিকি আহিল৷ আমি বুজিলো কথা বিষম৷ তেতিয়ালৈকে নিতাল মাৰি থকা ৰুমমেট শান্তিয়ে লাহেকৈ মাত লগালে, “খুলিছো ব৷অশান্ত মনেৰে শান্তিয়ে ভয়ে ভয়ে দুৱাৰখন খুলি দিলে, সোমাই আহিল বিয়াগোম চেহেৰাৰ দুজন দাদা ধমকি দিলে দুৱাৰ খুলোঁতে ইমান দেৰি কৰা কাৰণে৷ আনজন ৰুমমেট যতীনে সেহাই সেহাই কিবা এটা লে৷ তাৰ পাছত দাদা এজনে মোৰ পিনে চাই সুধিলে,
কি নাম? ঘৰ?”
মাখন লাল দাস ৷ বৰপেটাত”, মই ভয়ে ভয়ে উত্তৰ দিলো৷
বৰপেটা?”
হ্য়”, মই দোহাৰিলো ৷
মোহন দাসক চিনি পোৱা?”
মই কওঁ নকওঁকৈ লো, “নাপাওঁ৷
দাদাজন ওচৰ চাপি আহিল, মোৰ বুকুখন কঁপি উঠিল৷ গালত লাহে লাহে দুটা মৃদু আঘাত কৰি লে,
চিনি পাব লাগে, চিনি পাব লাগে৷তাৰপাছত কোঠাৰ পৰা ওলাই গুচি ল৷
ইমান সহজে আমাৰ বিপদ পাৰ হোৱাত আমিও আচৰিত হৈ ইজনে সিজনৰ মুখৰ পিনে চালো৷ শান্তিয়ে দুৱাৰখন জপাই দিলে, আমিও টোপনি লো৷

এনেদৰেই দিনবোৰ পাৰ হৈ গৈ আছিল, আমিও অসম অভিযান্ত্ৰিক মহাবিদ্যলয়ৰ চৌহদত প্ৰা্য় মুকলিমূৰীয়াহৈ  টিঘিল-ঘিলাই আছিলো৷

২২ ডিচেম্বৰৰ ৰাতিপুৱা, সাৰ পাই মনটো ভাল লাগি ল৷ আজিৰ পৰা দহ দিনলৈ কোনো ক্লাচ নহ্য়, কেনে মজা!! সাৰ পোৱাৰ পাছত লেপৰ তলতে কিছুসময় আমেজ লৈ থাকিলো, শান্তিও সাৰ পাই উঠিছে, যতীন বাথৰুমলৈ গৈছে নিশ্চয় ৷ তেনেকৈয়ে অলপ সময় পাৰ ল৷ যতীন বাথৰুমৰ পৰা আহি টেবুলত বহি কিবা লিখিবলৈ ধৰিলে৷ ভালদৰে মন কৰি বুজিলো সি ৱৰ্কচপৰ জবচীট লিখিব ধৰিছে৷ কেইমিনিটমান তেনেদৰে পাৰ ল৷ চিনাকী মাত এটা শুনি দুৱাৰৰ পিনে চালো, দেখিলো দীপক  আৰু মনোৰঞ্জন সোমাই আহিছে কোঠালৈ৷ দুয়ো শান্তিৰ বিচনাতে বহিল৷ শান্তিয়ে আঠুৱাখন এফলীয়া কৰি উঠি বহিল৷ দুই-এটা বাক্যৰ আদান-প্ৰদান ল৷ তাৰপাছত লাহেকৈ টাচপাতখিনি উলিয়ালে৷ ময়ো লোভ সামৰিব নোৱাৰি উঠিলো আৰু চকীখন টানি ওচৰ চাপি লো৷ ৰাতিপুৱাৰ কামফেৰা কৰা, মুখ ধোৱা, চাহ খোৱা  আদি কামবোৰ ৰবাতে থাকিল৷ চাৰিওজন টাচখেলত মগ্ন হৈ পৰিবলৈ বেছি পৰ নালাগিল৷

 “, প্ৰিঞ্চিপাল আহিছে, প্ৰিঞ্চিপাল আহিছে”,  হঠাতে কোনোবাই চিঞৰিলে আমি আওকাণ কৰি একান্ত মনে টাচপাতত মূৰ গুজি থাকিলো৷ ভাবিলো, প্ৰিঞ্চিপালৰ আৰু কাম নাই, এই ৰাতিপুৱাই হোষ্টেললৈ আহিবলৈ৷ তেনেকৈয়ে কিছুসময় পাৰ ল৷ টাচখেল চলি থাকিল৷ অলপ সময় পাছত সঁচাকৈয়ে ধুমুহাৰ দৰে কোঠালৈ সদলবলে সোমাই আহিল প্ৰিঞ্চিপাল গোস্বামী চাৰ ৷ লগত  বৰুৱা চাৰ, শৰ্মা চাৰ আৰু কোনোবা কোনোবা ৷ 

আমি বেঙেমুতা গৰুৰ দৰে কঁপি কঁপি থিয় দিলো, হাতে হাতে ধুনীয়াকৈ সজাই লোৱা টাচ পাতৰ জাপ ৷
তোমালোকে কি কৰিছা? কলেজলৈ যাব নালাগে? পঢ়াশুনা নাই, এই ৰাতিপুৱাতে টাচ খেলিব ধৰিছা?” প্ৰিঞ্চিপালচাৰে কিবাকিবি গালি দিলে, আমি হাতৰ টাচপাত কেইখনৰ আঁৰত মুখবোৰ লুকুৱাবলৈ বিফল প্ৰয়াস কৰিলো৷
ফাঁট মেলা বসুমতী পাতালে লুকাওঁবোলা কথাষাৰৰ আচল অৰ্থটো সেইদিনাহে খুব ভালদৰে বুজি পালো৷
”..কি নাম তোমালোকৰ?” প্ৰিঞ্চিপালচাৰে খঙেৰে সুধিলে৷ আমি কওঁ নকওঁকৈ এটা এটাকৈ নামবোৰ লো৷ আপোনমনে জবচীট লিখি থকা বেচেৰা যতীনো আমাৰ লগতে সাঙোৰ খাব লগা ল৷ লিখিবলৈ একো কাগজ বিচাৰি নাপাই চাৰমিনাৰ চিগাৰেটৰ খালী বাকচ এটাতে প্ৰিঞ্চিপালচাৰে আমাৰ পাঁচোজনৰে নামকেইটা লিখি লে৷

এতিয়াই চব ক্লাচলৈ লা৷ দহমিনিট সময় দিছো৷বুলি কৈ চাৰসকল লগৈ৷

আমি অলপ সময় শিল পৰা কপৌৰ নিচিনা থৰ লাগি থাকিলো৷তোমালোকৰ কাৰণে মইও ফচিলো”, যতীনে পাৰি থকা গালি আমাৰ এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই ল৷ তাৰপাছত কেতিয়া গৈ আমি ক্লাচৰুম পালো, ক্লাচত কি শিকালে একো গমেই নাপালো৷ মনত মাত্ৰ এটাই প্ৰশ্ন,
এতিয়া আমাৰ কি ? কলেজত আমাৰ এমাহেই হোৱা নাই৷ প্ৰিঞ্চিপালচাৰে নাম লিখি লৈ ? আমাৰ লাইফ শেষ, ইত্যাদি ইত্যাদি..

ৰাণা নামৰ বন্ধুজনে হাঁহি হাঁহি লে, “একো নহয় দে, চিগাৰেটৰ পেকেটতহে লিখি নিছে নাম কেইটা৷ চাৰে পেকেটটো মোহাৰি ৰবাত দলিয়াই দিব৷ যদি কিবা কাৰণত নাম কেইটা চকুত পৰে, চাৰে হয়তো ভাবিব, এই কেইটা কাৰ নাম? গোটেইকেইটা ইলেক্ট্ৰিকেলৰ ভাল ভাল ৰা, কিবা ভাল কাম কৰিছিল কিজানি৷

ইমান ডাঙৰ কথাটো ধেমালিৰ সুৰেৰে উৰুৱাই দিয়া কাৰণে ৰাণাৰ ওপৰত খং উঠিছিল যদিও আমাৰ কৰিবলৈ আন একো ঊপায়ো নাছিল৷ তেনেদৰেই আমাৰট্ৰেদিচনেল লিডে সামৰণি পৰিল এঘণ্টাৰ ভিতৰতে৷ আমাক উচটনি দি পাছত দূৰৈৰ পৰা আমাৰ দুৰৱস্থা দেখি আমোদ লৈ থকা দাদাসকলক মুখৰ ভিতৰতে দুটামান গালি পৰাৰ বাহিৰে আমাৰ কৰিব পৰা একো নাছিল৷

সময় বাগৰি ল৷ দিন গৈ মাহ , মাহবোৰ গৈ বছৰ ল৷ চিগাৰেটৰ পেকেটত লিখি নিয়া আমাৰ নাম কেইটাৰ কি দশা সেই কথা আজি ৩৩ বছৰ পাছতো গম নাপালো৷ মনত পৰিলে ভাবো
কিমান ভাল আছিল সেই দিনবিলাক! সেই দিনবোৰ আকৌ ঘুৰাই পোৱা লে!!!”

                                                   

No comments:

Post a comment