At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 18 October 2012

পৰীক্ষা পিছুউৱা উৎসৱ

১৯৭৯ চনৰ কথা৷ তেতিয়া আমি দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ অৰ্থাৎ কলেজত আমাৰ প্ৰথম বছৰ৷  প্ৰথম বাৰ্ষিক বুলি কোনো শ্ৰেণী নাছিল সেই সময়ত৷ চাৰিবছৰীয়া ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পাছত কলেজত কেৱল দ্বিতীয়, তৃতীয় , চতুৰ্থ আৰু পঞ্চম বাৰ্ষিকৰ শ্ৰেণীবোৰহে আছিল৷ চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেল মিলি আমি মুঠতে ২১০জন ছাত্ৰ-ছাত্ৰী৷ ১৯৭৮ চনৰ ডিচেম্বৰ মাহৰ তাৰিখৰ পৰা আমাৰ পাঠদান আৰম্ভ হৈছিল আৰু প্ৰায় - মাহ ধৰি ৰাতিপুৱা বজাৰ পৰা আবেলি বজালৈ মুঠ ৯টা বিষয়ৰ পাঠদান চলিছিল ধাৰাষাৰে৷ চেচনেল কৰি কৰি কঁকাল বেকা হৈ গৈছিল৷ প্ৰেক্টিকেল, ৱৰ্কচপ আদিৰ কথাতো বেলেগেই৷ প্ৰতিদিনে ৱৰ্কচপৰ জবচীট লিখা, প্ৰায় প্ৰতি সপ্তাহে বেলেগ বেলেগ প্ৰেক্টিকেলৰ ভাইভা দিয়া আৰু যে কত কি!! অৱশ্যে সেইবোৰ কৰি কৰি নিজকে একজিকিউটিভ ইঞ্জিনিয়াৰ যেন লাগি গৈছিল (চিনিয়ৰ সকলৰ ভাষাত)
আগষ্ট মাহত প্ৰবেশ কৰাৰ লগে লগে বছেৰেকীয়া পৰীক্ষাৰ বতাহ বলিবলৈ আৰম্ভ কৰিলে৷ সকলোতকৈ প্ৰথমে দ্বিতীয় বাৰ্ষিকৰ পাঠদান আৰম্ভ হয়৷ বাকী বাৰ্ষিকৰ পাঠদান আচলতে মাৰ্চমাহমানৰ পৰাহে ভাল দৰে চলে, কাৰণ ফেব্ৰুৱাৰী মাহত বেক পৰীক্ষা বিলাক হয়৷ তাৰ পাছতহে অভিজ্ঞতাপুষ্ট ককাইদেউসকল ধীৰ-গম্ভীৰ খোজেৰে কলেজলৈ বুলি আহিবলৈ ধৰে৷ কবিৰাজ সকলৰ কথা অৱশ্যে সুকীয়া৷ তেতিয়াৰ দিনৰ ৰাইজসকলে পঢ়া-শুনা বোলা কামটোৰ কথা কেৱল পৰীক্ষাৰ আগে আগেহে মনত পেলায়৷ সাধাৰণতে কমেও এমাহমান স্টাডীলীভ দিয়া হৈছিল৷ আৰু প্ৰতিটো বিষয়ৰ পৰীক্ষাৰ আগে আগে / দিনকৈ গেপ ৰাখিহে পৰীক্ষাৰ ৰুটিন বনোৱা হৈছিল৷ গতিকে পগলা কুকুৰে নেকামোৰালৈকেকোনেও আগতে পঢ়া-শুনাৰ নামত বহুমূলীয়া সময় নষ্ট নকৰিছিল৷ কৰিবলগীয়া আৰু বহুত জৰুৰী কাম সকলোৰে হাতে হাতে আছিল৷
কলেজত আমি সকলোতকৈ সৰু হলেও ককাইদেউসকলক খুব সোনকালেই অনুকৰণ কৰিবলৈ শিকি গৈছিলো৷ ইঞ্জিনিয়াৰিং কলেজত পঢ়া-শুনা কৰা কামটো কেৱল স্টাডীলীভ বা ৰুটিনৰ গেপত কৰা কাম বুলি নতশিৰে মানি লৈছিলো৷ গতিকে আকাশে-বতাহে যেতিয়া পৰীক্ষাৰ গোন্ধ বিয়পিবলৈ ধৰিলে তেতিয়া আমাৰো বুকুৰ ঢপপনি বাঢ়িবলৈ আৰম্ভ কৰিলে৷ এটা নহয়, দুটা নহ্য়, নটা বিষয়৷ ভয় খোৱাৰে কথা৷
আমাৰ দিনত পৰীক্ষাৰ দিন-বাৰ আদি ঠিক কৰাত ছাত্ৰ-ছাত্ৰীসকলেই আগভাগ লৈছিল৷ গতিকে কাৰ পৰীক্ষা কেতিয়া হোৱা উচিত সেই বিষয়ে আলোচনা কৰিবলৈ অডিটৰিয়ামত এখন সাধাৰণ সভা আহ্বান কৰা সাধাৰণ সম্পাদকৰ দ্বাৰা৷ চিনিয়ৰ-জুনিয়ৰ সকলো গোট খালে অডিটৰিয়ামত৷ আমি ইতিমধ্যে শুনিবলৈ পাইছিলো যে আমাৰ পৰীক্ষা দুৰ্গাপূজাৰ আগে আগে আৰু বাকী চিনিয়ৰ সকলৰ পৰীক্ষা দুৰ্গাপূজাৰ কিছু পাছত আৰম্ভ কৰাৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে৷ তেনে কৰিলে দুৰ্গাপূজা আমাৰ পৰীক্ষাৰ মাজতে পৰিব৷ পূজা চোৱা পণ্ড ব৷ কথাটো আমাৰ হজম হোৱা নাছিল৷ গতিকে দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰে অডিটৰিয়াম ভৰি পৰিছিল৷কিবা এটা কৰিবই লাগিব, এনে ভাব সকলোৱে প্ৰকাশ কৰিছিল৷
সভা আৰম্ভ আৰু আমাৰ আশংকা সঁচাত পৰিণত ল৷ যেনে শুনি আছিলো তেনে প্ৰস্তাৱেই আমাৰ আগত ৰখা ল৷ আমাৰ মতা-মত বিচৰাত প্ৰস্তাৱটোৰ ঘোৰ বিৰোধিতা কৰি এজন এজনকৈ আমি / জন মানে বক্তব্য ৰাখি পৰীক্ষা দুৰ্গাপূজাৰ পাছলৈ নিবলৈ প্ৰচন্ড দাবী জনালো৷ আমাৰ লগৰীয়া সকলে হাত চাপৰি মাৰি মাৰি আমাৰ প্ৰতিটো বাক্যলৈ সমৰ্থন আগবঢ়ালে৷ আমাৰ লগৰীয়া, অনা-অসমীয়া ছাত্ৰ এজনেতো চিধা-চিধি কৈ দিলে, “ যুদ্ধ লাগিছে, আমাক আগত ৰাখি দি কৈছে, চেকেন্ড ইয়েৰ গোলী খা…..   আমি গোলী কিয় খাম?” কিছুমান চিনিয়ৰে আমাৰ বিৰুদ্ধে পিছ পিনৰ পৰা কিবাকিবি মন্তব্য কৰি থকা বুলি আপত্তি দৰ্শালেহি সহপাঠী এগৰাকীয়ে৷ তেখেতক অৱশ্যে ৰাতি হোস্টেলত চিনিয়ৰ সকলে মাতি নি অলপ আদৰ-সাদৰ কৰিলে চিনিয়ৰসকলে কৰা ধৰণে৷ মোকো ৰাতি মাতি পঠোৱা চিনিয়ৰ কেইজনমানৰ দ্বাৰা৷ মোৰ দাদা হোস্টেলৰ এজন মনিটৰ আছিল কাৰণে হয়তো বেছি আদৰ-সাদৰ কৰাৰ পৰা বিৰত থাকিল তেখেতসকল৷ কেৱল অলপ উপদেশহে দিয়া ল৷ তথাপি, ভাবিলে এতিয়া আচৰিত লাগে যে কনিষ্ঠতম বাৰ্ষিকৰ ছাত্ৰ হোৱা স্বত্তেও আমি কোনো ভয় নকৰাকৈ, মুকলিভাবে আমাৰ মতামত ব্যক্ত কৰিছিলো  
সেইদিনা কোনো সিদ্ধান্ত নহল৷ তাৰ পাছত আকৌ দুখন মান সভা পাতি অৱশেষত আমাৰ কথা মতেই পৰীক্ষাৰ দিন ঠিক কৰা ল৷ আমাক আৰু কোনে পায়৷ আৰু কিছুদিনৰ বাবে পঢ়া-শুনাৰ পৰা অব্যাহতি পালো৷ হেপাহ পলুৱাই পূজা চালো৷
দুৰ্গাপূজাৰ বতৰত সেইয়া যেন আছিল আমাৰ বাবে পৰীক্ষা পিছুউৱা উৎসৱহে৷ পৰীক্ষা পিছুৱাবৰ বাবে আমাৰ মাজত যিহে দলদোপ হেন্দোলদোপ লাগিছিল সি কোনো উৎসৱৎকৈ কম নহয়৷ আন আন উৎসৱৰ নিচিনাকৈ আমাৰ বাবে এই পৰীক্ষা পিছুউৱা উৎসৱটোও নিয়মিত ভাবে আহি থাকিল৷
সেইয়া আছিল আৰম্ভণি৷ পৰীক্ষা পিছুৱাই পিছুৱাই অৱশেষত এনেকুৱা অৱস্থা লগৈ যে আমি পঞ্চম বাৰ্ষিকত এমাহ নহয়, দুমাহ নহয়, গণি গণি ছমাহ স্টাডীলীভ পালো৷ আমাৰ অৱস্থা কেনেকুৱা হৈছিল সেয়া সহজেই অনুমেয়৷ পাঠদান শেষ হৈছিল জুলাই মাহত আৰু পৰীক্ষা লগৈ পিছৰ বছৰ জানুৱাৰী মাহৰ ২২ তাৰিখৰ পৰা৷ সেই অনুপাতে পৰীক্ষাৰ ফলাফলো পিছুৱাই গৈ থাকিল৷ জানুৱাৰী মাহৰ পৰীক্ষাৰ ফলাফল ওলালগৈ জুন মাহৰ ১৫ তাৰিখে৷ মুঠতে সামগ্ৰিক ভাবে এটা বছৰ আমি পিচপৰি লো৷ ১৯৭৮চনত কলেজত ভৰ্তি হৈ এবাৰো ফেল নকৰাকৈ ১৯৮৪ৰ জুন মাহত পাছ কৰি ওলালো৷ চাৰিবছৰীয়া পাঠ্যক্ৰম ছবছৰত শেষ ল৷ অসম আন্দোলনৰ কাৰণে এবছৰ লোকচান হৈছিল৷ বাকী এবছৰ পৰীক্ষা পিচুউৱা উৎসৱৰ নামত৷
বছৰৰ পাছত বছৰ ধৰি সেই বেমাৰ চলি থাকিল প্ৰায় ২০০২ চন মানলৈকে৷ অৱশ্যে সেই বেমাৰ দূৰ কৰাত আগভাগ লোৱা শিক্ষকসকলৰ মাজতে আছিল সেই ব্যক্তিজনো যিজনে ছাত্ৰ অৱস্থাত পৰীক্ষা পিচুৱাব লাগে বুলি সাধাৰণ সভাত চোকা ভাষাৰে বক্তব্য ৰাখিছিল, পৰীক্ষা পিছুউৱা উৎসৱো ভালদৰেই উপভোগ কৰিছিল৷
সেই কাৰণেই কোৱা হয়, “আপুনি বয়স হৈলে বুদ্ধি হৈবে ভাল৷

No comments:

Post a comment