At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday 27 October 2012

মোৰ প্ৰথম ফোন কল

১৯৬৮ চনৰ কথা৷ বছৰৰ আৰম্ভণিতে দেউতা শ্বিলঙলৈ বদলি হোৱাত আমি তিতাবৰৰ পৰা শ্বিলং পাওঁগৈ৷ তেতিয়া মেঘালয় গঠন হোৱা নাছিল৷ শ্বিলং অসমৰ ৰাজধানী হৈ আছিল৷ নতুন ঠাই, নতুন পৰিবেশৰ লগত খাপ খাই পৰিলো সোণকালেই৷

নিউ কেন্সেস্ট্ৰেচৰ শঙ্কৰদেৱ বিদ্যাপীঠৰ তৃতীয়শ্ৰেণীত মোক নাম লিখাই দিয়া হ'ল৷ মোক লৈ মুঠতে ১৬ জন ল'ৰা-ছোৱালী৷ পাঁচ জন ল'ৰা, বাকী কেইগৰাকী ছোৱালী৷ চাৰিখন বেঞ্চত চাৰিজনকৈ বহিব লাগে৷ বাণী, অপূৰ্ব, হেমেন আৰু মই একেলগে এখন বেঞ্চত বহোঁ, বাকীজন ল'ৰা , ছোৱালীৰ লগত বহে৷ স্বাভাবিকতে আমাৰ চাৰিজনীয়া গোটটোৰ মাজত যথেষ্ট ঘনিষ্ঠতা৷

বাণী আৰু অপূৰ্বৰ দেউতাকে চৰকাৰী অফিচত কাম কৰে, হেমেনৰ দেউতাক কিন্ত বৰ ডাঙৰ মানুহ৷ অসম চৰকাৰৰ এজন মন্ত্ৰী৷ তেখেতসকলৰ বাসস্থান স্কুলৰ পৰা বেছি দুৰ নহয়৷

বাণী আৰু অপূৰ্বৰ ঘৰলৈ প্ৰায়েই গৈছিলো পানীখোৱা ছুটীৰ সময়ত, হেমেনৰ ঘৰলৈ যাবলৈহে সুযোগ বিচাৰি আছিলো৷ মন্ত্ৰীৰ ঘৰ বা কেনেকুৱা হয়, চাবৰ বৰকৈ মন গৈছিল৷

এদিন সুযোগ মিলিল৷ হেমেনেই কিবা কামত মোক ঘৰলৈ মাতিলে৷ মইও সোণালী সুযোগ পালো৷ ছুটীৰ পাছত পোনে পোনে হেমেনৰ ঘৰ পালোগৈ৷ প্ৰকান্ড চোহদটোত সোমাই ক্ষন্তেক থৰ লাগি ৰ'লো৷ হেমেনে গোটেই ঘৰটো দেখুৱালে৷ হেপাহ পলুৱাই চালো৷ হঠাতে চকু গ'ল এচুকত থকা টেলিফোনটোলৈ৷

"তোমালোকৰ ঘৰত টেলিফোন আছে? তুমি টেলিফোন কৰিব জানানে? ", মই আগ্ৰহেৰে সুধিলো৷
"জানোতো৷ তোমালোকৰ ঘৰত নাই নেকি?", সি সুধিলে৷
"নাই, দেউতাৰ অফিচতহে আছে৷ মই টেলিফোন কৰি পোৱা নাই আজিলৈকে৷" অলপ আক্ষেপভৰা সুৰেৰে মই ক'লো৷
"ঠিক আছে৷ মই আজি তোমাক ফোন কৰিম, তুমি দেউতাৰ অফিচত গৈ ৰৈ থাকিবা অলপ পাছত৷" হেমেনে সহানুভূতি দেখুৱাই ক'লে৷
"পিছে, দেউতাৰ নম্বৰটোবা কি?" মই অলপ চিন্তা কৰি ক'লো৷
"মই উলিয়াই ল'ব পাৰিম৷ তুমি সোনকালে গৈ ৰৈ থাকাগৈ৷" হেমেনে আশ্বাস দি ক'লে৷

মই প্ৰায় লৰ ধৰিলো দেউতাৰ অফিচলৈ৷ দেউতাৰ অফিচটো স্কুলৰ পৰা আমাৰ ঘৰলৈ যোৱা বাটতে পৰে৷ বিশ মিনিট মান পাছত দেউতাৰ অফিচ পালো ৷ অফিচ পাই দেউতাক দেখা দিলো৷ তাৰ পাছত দুৱাৰ মুখত চুচুক চামাক কৈ ৰৈ থাকিলো৷ দেউতা নিজৰ কামত ব্যস্ত হৈ পৰিল৷

মোৰ সময় নাযায়হে নাযায়৷ ফোনটোও নাবাজেহে নাবাজে৷ তেনেদৰে প্ৰায় আধাঘন্টামান পাৰ হ'ল৷ মাজতে দেউতাই মোৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালে৷ মই অলপ ভয়ে ভয়ে বেলেগ ফালে চাই পঠিয়ালো৷ ভাবিলো, হেমেনে কিজানি নম্বৰটো বিচাৰি নাপালে৷ নহলে কিজানি পাহৰি গ'ল৷হতাশ হৈ পৰিব ধৰিলো৷

তেনেতে দেউতাৰ ফোনটো বাজি উঠিল৷ দেউতাই ৰিচিভাৰটো তুলি ল'লে৷ মই দুৰৈৰ পৰাই কাণ পাতি ৰ'লো৷ কিবা অলপ কথাৰ আদান-প্ৰদান হ'ল৷ তাৰপাছত দেউতাই মাত দিলে,
"অ' সোনকন (মোৰ ঘৰত মতা নাম), তোৰ ফোন৷"
মই ধুমুহাৰ দৰে কোঠাত প্ৰবেশ কৰি ৰিচিভাৰটো দেউতাৰ হাতৰ পৰা লৈ কাণখন লগাই ৰৈ থাকিলো৷ দেউতাই মোৰ ফালে চাই ক'লে, "হেল্লো বুলি ক আকৌ৷"
মই লাহেকৈ ক'লো, "হেল্লো"৷
সিফালৰ পৰা মাত এটা ভাহি আহিল৷
"হেমেন, অ' হেমেন৷" হেমেনৰ মাকে হেমেনক চিঞৰি চিঞৰি মাতিছে বুলি বুজিলো৷

হেমেন আহিল৷ ফোনটো ল'লে আৰু তপৰাই ক'লে.
"অ' মাখন, তুমি যে ফোন কৰিবলৈ কৈছিলা , কৰিলো৷" সেইখিনিকে কৈ মই কিবা কোৱাৰ আগতেই  হেমেনে ফোনটো থৈ দিলে৷মইও ফোনটো যথাস্থানত থৈ দেউতাক হেমেনৰ পৰিচয় দিলো৷

মনটো আনন্দতে উথলি উঠিল৷ যেন পৃথিবীহে জয় কৰিলো, এনেকুৱা লাগিল৷

দিন পাৰ হ'ল৷ সেই বছৰৰে ডিচেম্বৰ মাহৰ ৮ তাৰিখে দেউতাৰ আকস্মিক মৃত্যু হোৱাৰ পাছত আমিও শ্বিলং এৰি থৈ বৰপেটা পালোহি৷

হেমেনৰ লগত আৰু মুখা-মুখি হোৱাৰ সুযোগ মিলা নাই৷ ক'ত, কেনেদৰে আছে নাজানো৷ এতিয়া হাতে হাতে মোবাইল ফোন হ'ল৷ হঠাতে মোবাইলত যদি হেমেনৰ পৰা ফোন এটা পালোহেতেন, কিমান যে ভাল লাগিলহেতেন!!!!


No comments:

Post a Comment