At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Sunday 7 October 2012

মাত্ৰ এটা ফোন কল..

১৯৬৮ চনত আমাৰ পিতৃৰ আকস্মিক মৃত্যু হোৱাৰ পাছত সেই কণমানি অৱস্থাৰ পৰা আমাক তুলিতালি ডাঙৰ কৰিলে আমাৰ মাতৃয়ে, অকলে, কৰো সহায় নোলোৱাকৈ৷ মায়ে আমাক মাজে সময়ে কৈছিল, " মাক-দেউতাক কি বস্তু বা ল'ৰা-ছোৱালী মাক-দেউতাকৰ কাৰণে কিমান মূল্যবান সেইকথা তহঁতে এতিয়া নুবুজ, যেতিয়া নিজে বাপেক হ'বি, তেতিয়া বুজিবি৷" আমি কথাবোৰ বেছি গুৰুত্ব নিদিছিলো৷

সময় বাগৰি গ'ল, মই দুটা ল'ৰাৰ বাপেক হ'লো৷ ডাঙৰ ল'ৰাটো অলপতে চাকৰিত যোগ দিবলৈ ঘৰ এৰি যাব লগা হ'ল৷ এতিয়া সিহঁতৰ জোৰদাৰ প্ৰশিক্ষণ চলি আছে৷ কেৱল দেওবাৰে আবেলি সময়ত আমাক ফোন কৰিবলৈ সুযোগ তথা অনুমতি পায়৷ শ্ৰীমতীয়ে গুৱাহাটীত আৰু মই ৰাজস্থানত সপ্তাহৰ সেই সময়খিনিৰ বাবে আগ্ৰহেৰে বাট চাই থাকো ল'ৰাটোৰ মাত এষাৰ শুনিবলৈ৷

কিছুদিন আগতে, প্ৰশিক্ষণৰ অংশ হিচাবে ল'ৰাটোক এটা বিশেষ শিবিৰলৈ লৈ যোৱা হৈছিল৷ আমি জানিব পৰা মতে সেই শিবিৰৰ সময় চোৱা শাৰীৰিক আৰু মানসিক ভাবে অতি কঠিন আৰু প্ৰত্যাহ্বানমূলক৷ আমি চিন্তাত আছিলো ৷ শ্ৰীমতী নিজে কিডনী ৰোগী, ল'ৰাৰ চিন্তাত খাব-শুব নোৱাৰা হৈ পৰিল৷ কাৰো লগত কথা-বতৰা পাতিবৰো মন নোহোৱা হ'ল৷ আনকি মোৰ লগত ফোনত কৰা বাৰ্তালাপো অতি চমু হৈ পৰিল৷ বুকুত কিবা এটা অচিন বিষে আমনি কৰিবলৈ ধৰিলে৷

আজি দেওবাৰ৷ আবেলি ফোনটো বাজি উঠিল৷ সিফালৰ পৰা ল'ৰাৰ মাত ভাহি আহিল৷ মনটো ভাল লাগি গ'ল৷ সুধিলো, "মাক ফোন কৰিলা নে?" সি কৰিলো বুলি ক'লে৷ কিছুসময় পাছত ল'ৰাৰ স'তে বাৰ্তালাপ শেষ হ'ল৷ লগে লগে শ্ৰীমতীক ফোন কৰিলো৷ অতি উৎসাহেৰে ভৰা মাত৷ বুকুৰ অচিন বিষটোও নোহোৱা হোৱা বুলি জনালে৷ মনটো ভাল লাগিল৷

কিছুসময় পাছত, সদায় ওলোৱাৰ দৰে সন্ধিয়া খোজ কাঢ়িবলৈ ওলাই গ'লো৷ মনটো পাতল পাতল লাগি আছিল৷ হঠাতে মোৰ নিজৰ মালৈ মনত পৰিল৷ মনত পৰিল মায়ে কোৱা সেই কথাখিনিলৈ, "" মাক-দেউতাক কি বস্তু বা ল'ৰা-ছোৱালী মাক-দেউতাকৰ কাৰণে কিমান মূল্যবান সেইকথা তহঁতে এতিয়া নুবুজ, যেতিয়া নিজে বাপেক হ'বি, তেতিয়া বুজিবি৷" জেপলৈ হাতখন আগবাঢ়ি গ'ল৷ ফোনটো উলিয়াই লৈ মাৰ নম্বৰটো ডায়েল কৰিলো৷ সিফাল পৰা, বঙাইগাওঁত থকা মোৰ মাৰ মাতটো ভাহি আহিল৷ মোৰ ফোন পাই যে অতিশয় আনন্দিত বুজিবলৈ বাকী নাথাকিল৷........মাত্ৰ এটা ফোন কল.....

No comments:

Post a Comment