(পৰম শ্ৰদ্ধাভাজন মোৰ শিক্ষাগুৰু অমল চন্দ্ৰ শৰ্মা চাৰ আৰু বন্ধুবৰ স্বৰ্গীয় ৰাতুল ভৰালীলৈ ক্ষমা প্ৰাৰ্থনাৰে)
১৯৯০ নে ৯১ চনৰ
এপ্ৰিল/মে মাহ মানৰ কথা৷ এম টেক কৰি কলেজলৈ ঘুৰি অহা বেছি দিন হোৱা নাই৷ তেতিয়া দুই
নং ছাত্ৰাবাসৰ অধীক্ষকৰ দায়িত্বত আছিলো৷ ১নৎ ছাত্ৰাবাসৰ অধীক্ষক শশীন্দ্ৰ কাকতী আৰু
৪নং ছাত্ৰাবাসৰ অধীক্ষক অৰূপ শৰ্মা মোৰ দুই প্ৰতিবেশী৷ বয়সৰ ব্যবধান নগণ্য৷ তিনিও পৰিয়ালৰ
মাজত সুমধুৰ সম্বন্ধ৷ ডেকা তেজ৷ অদম্য উদ্যম৷ কলেজৰ প্ৰায় সকলো বিষয়তে তিনিও বন্ধু
জড়িত৷ শিক্ষকৰ ক্ৰিকেট দলৰ অৰূপ শৰ্মা অপেনিং বেটচমেন, অমুকা সুবিধাবাদী বলাৰ আৰু শশীন
কাকতী মেনেজাৰ৷
যোৰহাটৰ পৰা বদলি
হৈ আহি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰবক্তা হিচাবে যোগ
দিয়া ৰাতুল ভৰালী সঘনাই আহে শশীন কাকতীৰ ঘৰলৈ৷ কম দিনৰ ভিতৰতে ঘনিষ্ঠতাই গঢ় লৈ উঠে
আমাৰ মাজত৷ ৰাতুল ভৰালীয়ে সুন্দৰ বলিঙো কৰিছিল আমাৰ দলৰ হৈ৷ কোনো বিষয়তে আমাতকৈ পিছ
পৰি থকা বিধৰ নাছিল তেওঁ ৷
এদিন ৰাতিপুৱা
কলেজলৈ বুলি ওলাই যাওঁতে কেন্টিনৰ আগতে ৰাতুল ভৰালীক লগ পালো৷ মই কিবা কোৱাৰ আগতেই
তেওঁ আগবাঢ়ি আহি সুধিলে,
“ মাখন, তোমালোকৰ
ডিপাৰ্টমেন্টৰ প্ৰিন্টাৰটো ভালে আছেনে?”
“ আছে৷ কিয়?”
“আমাৰ মেকানিকেলৰ
প্ৰিন্টাৰটো বেয়া হৈ আছে৷ মই এপ্লিকেচন এখন আজি যেনে তেনে টাইপ কৰি পঠিয়াব লাগে, এ আই টি, বেংককলৈ৷”
সেই সময়ত কলেজৰ
ডিপাৰ্টমেন্টে প্ৰতি এটা বা দুটাকৈ কম্পিউটাৰ, ২৮৬, ৩৮৬ নে এক্স টি আৰু এটা বা দুটাকৈ দট মেত্ৰিক্স প্ৰিন্টাৰ৷ আপুৰুগীয়া
সম্পত্তিৰ নিচিনা৷
ক্ষন্তেক চিন্তা
কৰি মই উত্তৰ দিলো, “ ঠিক আছে, মোৰ লগত ব’লা৷ তুমি কাষত বহি থাকিবা, মই টাইপ কৰিম৷
কাৰণ শৰ্মা চাৰে বেলেগক কম্পিউটাৰ ব্যবহাৰ কৰিবলৈ অনুমতি নিদিয়ে৷”
“কিয়? মই কলেজৰ
লেকচাৰাৰ, কলেজৰহে কম্পিউটাৰ৷ মই কিয় ব্যৱহাৰ কৰিব নোৱাৰিম?”, ৰাতুল ভৰালীয়ে আপত্তি
দৰ্শাই ক’লে৷
“নাই, নাই, তুমি
মোৰ কাষত বহি থাকি মোক শ্ৰুতলিপি দি থাকিলেই হ’ব৷ বেলেগ কথা উলিয়ালে পয়মাল হ’ব পাৰে৷”
মই মিচিকিয়া হাঁহি এটা মাৰি কলো৷ ৰাতুল ভৰালী সৈমান হ’ল, দুয়ো কেমিকেল বিল্ডিং পালোগৈ৷
কম্পিউটাৰ ইন চাৰ্জ মৃণাল বৰুৱা চাৰৰ কোঠাৰ মাজেৰে পাৰ হৈ কম্পিউটাৰ ৰুমত সোমাব লাগে
৷ কোঠাত মৃণাল বৰুৱা চাৰ নাছিল, ক্লাচ লৈ আছিল৷ চুচুক চামাক কৈ ভিতৰ সোমালো কম্পিউটাৰ
ৰুমৰ৷ ৰাতুল ভৰালী কাষত বহিল আৰু মই টাইপ কৰিবলৈ ধৰিলো৷ দহ পোন্ধৰ মিনিট মান পাৰ হ’ল৷
কোনোবাই আহি কম্পিউটাৰ ৰুমলৈ ভুমুকি মাৰি চাই যোৱা বুলি গম পালো৷ কেৰেপ নকৰি আমি কাম
কৰি গ’লো৷ অলপ পাছত ডিপাৰ্টমেন্টৰ প্লাম্বাৰ ফটীক ভূঞাঁ আহি মোক বাহিৰলৈ মাতিলে৷ মই
ওলাই গৈ সুধিলো, “কি হ’ল?”
তেওঁ লাহেকৈ ক’লে,
“ আপুনি বাহিৰৰ মানুহ আনি কম্পিউটাৰত কাম কৰোৱা কাৰণে শৰ্মা চাৰে বেয়া পাইছে৷ মোক আপোনাক
কৈ দিবলৈ কৈছে৷” কথাষাৰ শুনি মোৰ খং গৈ চুলিৰ আগ পালেগৈ যদিও কোনোমতে ক্ৰোধ সম্বৰণ
কৰি ভিতৰ সোমাই আহিলো৷ অলপ সময় মনে মনে থাকি ৰাতুল ভৰালীক ক’লো, “ মোৰ ১১টাৰ পৰা ক্লাচ
এটা আছে, তুমি ১২-৩০ ত আহিবা৷” ৰাতুল ভৰালী গ’লগৈ, ময়ো হাতত কিতাপ লৈ ক্লাচলৈ ওলালো৷
৮ম চেমেস্টাৰৰ ক্লাচ৷ খুব সম্বৱ ডিজাইনৰ ক্লাচ আছিল৷ সকলো পাহৰি পাঠদান কৰা কামত মনোযোগ
দিবলৈ চেষ্টা কৰিলো৷
প্ৰায় দুমিনিট
মান পাছতে খগেন নামৰ বিয়েৰাৰ জন আহি ক্লাচৰুমৰ দুৱাৰ মুখৰ পৰা মোৰ ফালে চাই পঠিয়ালে৷
খগেনক দেখি মোৰ বুজিবলৈ অলপো অসুবিধা নহ’ল৷ শৰ্মা চাৰে মই ক্লাচ লৈছো নে নাই তাকে চাবলৈ
খগেনক পঠিয়াইছে৷ দুৱাৰ মুখলৈ আগবাঢ়ি গৈ খঙেৰে সুধিলো, “কি হ’ল?”
“নাই, আপোনাক চাবলৈ
পঠিয়াইছে, ক্লাচ লৈছেনে নাই৷” থৎমত খাই খগেনে ভয়ে ভয়ে উত্তৰ দিলে৷ আৰু বেগাই তাৰ পৰা
আতৰি গ’ল৷
ইমান পৰে দমাই
ৰখা খংটো আকৌ মোৰ চুলিৰ আগ পালেগৈ৷ অলপ সময় তভক মাৰি ৰ’লো৷ ক্লাচৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে
মোৰ পিনে চাই আছে৷ খংটো কোনোমতে নকমে৷ ছাত্ৰ-ছাত্ৰী বোৰলৈ চাই ক’লো, “ আজি ক্লাচ নলওঁ, যোৱা৷”
ক্লাচৰ পৰা ওলাই
পোনচাটে শৰ্মাচাৰৰ ৰুমত ধুমুহাৰ দৰে সোমালো৷ খগেন তাতে থিয় হৈ আছিল, চাৰৰ কাষত৷ কোনো
ধৰণৰ পাতনি নেমেলি মই পোনে পোনে সুধিলো, “চাৰ, আপুনি খগেনক মোক চাবলৈ কিয় পঠিয়াইছিল?
মই কেতিয়াবা ক্লাচ খটি কৰো নেকি?”
“নাই, নাই, তুমি
কম্পিউটাৰ ৰুমত আছিলা নহয়, ক্লাচলৈ আহিলা নে নাই তাকে চাবলৈ পঠাইছিলো৷”, শৰ্মাচাৰে
গহীনাই ক’লে৷
কম্পিউটাৰ শব্দটোৱে
মোৰ জ্বলা জুইত যেন ঘিউহে ঢালিলে৷ “ আপুনি মোৰ লগত ৰাতুল ভৰালী অহা কাৰণে বেয়া পোৱা
বুলি ক’বলৈ ফটীক ভূঞাঁক কিয় পঠিয়ালে? মোক মাতি আনি আপুনি নিজে ক’ব পাৰিলেহেতেন৷ ৰাতুল
ভৰালী বাহিৰৰ মানুহ নহয় , এই কলেজৰ লেকচাৰাৰ৷ আৰু, কম্পিউটাৰ মইহে ব্যবহাৰ কৰিছো, তেওঁ
কাষত বহিহে আছিল৷” খঙৰ ভমকত আৰু কিবা কিবি ওলাল মুখেৰে৷ চাৰেও কিবা কিবি ক’লে৷ অৱশেষত
চাৰে ফটীক ভূঞাঁক মাতি আনিলে৷
“আপোনাক মই কেতিয়া পঠিয়ালো এওঁক ক’বলৈ?” ফটীক ভূঞাঁলৈ চাই
চাৰে সুধিলে৷
“হে হৰি, এতিয়া
মইহে মৰিলো৷ আপুনিয়েই দেখোন মোক ক’লে এখেতক কৈ দিবলৈ৷” আপত্তিৰ সুৰেৰে ফটীক ভূঞাঁই
উত্তৰ দিলে৷ আৰু কিবা কিবি কথাৰ আদান-প্ৰদান হ’ল৷ কিছুসময় পাছত খঙে ৰাগে আহি মইও পুনৰ
কম্পিউটাৰ ৰুমত সোমালো৷
যথাসময়ত ৰাতুল
ভৰালী আহিল৷ সময় খৰচ নকৰি মই ক’লো, “তোমাৰ কামটো কৰা নহব, শৰ্মাচাৰে বেয়া পাইছে তোমাক
মই কম্পিউটাৰ ৰুমলৈ অনা কাৰণে৷”
মোৰ কথাখিনি শেষ
হ’বলৈহে বাকী, শেনটোৰ দৰে গৈ ৰাতুল ভৰালী শৰ্মা চাৰৰ কোঠা পালেগৈ৷ বহুসময় ধৰি দুয়োৰো
মাজত কিবা কিবি কথাৰ আদান-প্ৰদান চলিল৷ মই নিজৰ ঠাইতে বহি ৰ’লো৷ কিছু সময় ধৰি বাক্য
বাণৰ আদান প্ৰদান চলিল৷ তাৰ পাছত ৰাতুল ভৰালী ভো ভো কৈ ওলাই গুচি গ’ল শৰ্মাচাৰৰ কোঠাৰ
পৰা৷ ময়ো গধুৰ মনেৰে ঘৰলৈ উভটি আহিলো৷ মনটো বেয়া লাগি থাকিল৷ সন্ধিয়া শৰ্মা চাৰৰ ঘৰ
পালোগৈ৷ বজাওঁ নবজাওঁকৈ কলিং বেলটো বজাই দিলো৷ চাৰে দুৱাৰ খুলি দিলে, ভিতৰ সোমাই গ’লো৷
চাৰে মৰমেৰে ক’লে, ‘বহা৷’ বাধ্য ছাত্ৰৰ দৰে বহি পৰিলো৷ দুই এটা কথাৰ আদান-প্ৰদান হ’ল৷
অলপ পাছত মাতৃতুল্যা বাইদেৱে চাহ-বিস্কুট দিলেহি৷ ঘৰৰ খবৰ বাতৰি সুধিলে৷ কিছুসময় পাছত
বিদায় লৈ ঘৰ পালোহি৷ মনটো অলপ ভাল লাগিল৷
সময় বাগৰি গ’ল৷
গতানুগতিক ভাবে সকলো চলি থাকিল৷ যথা সময়ত ৰাতুল ভৰালীও বেংকক পালেগৈ৷ আমিও আমাৰ ক্ৰিকেট
খেলত পুনৰ ব্যস্ত হৈ পৰিলো ডিচেম্বৰ মাহ অহাৰ লগে লগে৷ ভেটেৰনেৰী কলেজত প্ৰতি বছৰে
আয়োজিত হোৱা কলেজ শিক্ষকৰ ক্ৰিকেট প্ৰতিযোগিতাত আমি নিয়মিত ভাবে ভাগ লওঁ৷
সেইয়া জানুৱাৰী
নে ফেব্ৰুৱাৰী মাহৰ কথা৷ সেইদিনা কাৰোবাৰ লগত আমি খেলিব লগা আছিল৷ সাধাৰণতে এঘাৰজন
খেলুৱৈ আমাৰ কেতিয়াও গোট নাখাইছিল সহজে৷ কেতিয়াবা আনকি দ্ৰাইভাৰ তৰুণ , ৰৌচন আদিকো
দলত অন্তৰ্ভুক্ত কৰিব লগা অৱস্থা হৈছিল৷ সেইদিনাও আমি সদলবলে ভেটেৰনেৰী কলেজৰ খেল-পথাৰত৷
খেল আৰম্ভ হোৱাৰ কিছু সময় পাছতেই খবৰ এটা আহি কাণত পৰিল৷ বেয়া খবৰ৷ ৰাতুল ভৰালী হেনো
আৰু নাই৷ প্ৰথমতে নিজৰ কাণক বিশ্বাস কৰিব পৰা নাছিলো৷ অলপ সময় পাছত কোনোবা এজনে সঠিক
খবৰটো জনালে৷ বেংককৰ পৰা ডেডবডী কেতিয়া আহি পাবহি তাৰো খবৰ জনালে৷
সেইদিনা বাৰে বাৰে
মনত পৰিছিল কেমিকেল ডিপাৰ্টমেন্টত ৰাতুল ভৰালীৰ সেই দিনটোৰ কথা৷ সেইদিনাখনৰ পাছত তেওঁ
কেমিকেল ডিপাৰ্টমেন্টলৈ কেতিয়াবা আহিছিল নে নাই মনত নপৰে৷ খঙে-ৰাগে যি গ’ল গ’লেই, আমাক
চাবলৈ তেওঁ আৰু উভটি নাহিল৷ নিয়তিৰ কিযে নিষ্ঠুৰ পৰিহাস৷
সময়ৰ লগে লগে পাহৰণিৰ
গৰ্ভত কথাবোৰ লীন গ’ল৷ উচ্চশিক্ষাৰ বাবে মই গুচি গ’লো দিল্লীলৈ৷ ঘুৰি অহাৰ আগতেই শৰ্মা
চাৰে অৱসৰ পালে৷ ঘুৰি আহি আকৌ কামত লাগিলো৷ দিন বাগৰি গ’ল৷ লাহে লাহে শশীন কাকতী, অৰূপ
শৰ্মা, অনুপ দাস আদি গুচি গ’ল গুৱাহাটী আই আই টিলৈ, জীতেন দত্ত তেজপুৰ বিশ্ববিদ্যালয়লৈ,
অচিন্ত্য বেজবৰুৱা আমেৰিকালৈ৷ অকলশৰীয়া অনুভৱ হ’ব ধৰিলে বিশাল কেম্পাচটোত৷
বিভাগীয় মুৰব্বী
হিচাবে এদিন শৰ্মাচাৰৰ আসনখনত মই বহিব লগা হ’ল৷ তেখেতৰ কৰ্মকালত মোৰ পৰা তেখেতে পোৱা
কটু ব্যৱহাৰৰ প্ৰতিদান পাবলৈ মোৰ কিন্তু বেছিদিন নালাগিল৷ বিভাগীয় মুৰব্বী হিচাবে মোৰ এসময়ৰ ছাত্ৰৰ পৰাও এদিন একেধৰণৰ ব্যৱহাৰৰ সোৱাদ
পোৱাৰ সৌভাগ্য মোৰ হ’ল৷ মোৰ ব্যৱহাৰে শৰ্মাচাৰৰ
অন্তৰত কিমান আঘাত দিছিল সেই কথা সেইদিনাহে বুজি পালো৷ দিন বাগৰি গ’ল৷ কালক্ৰমত, মই
বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ গৈ মুখ থেকেচা খাই পৰিলো৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত
মোৰ উপযোগিতাৰ অন্ত পৰা বুলি বাৰে বাৰে অনুভৱ হবলৈ ধৰাত স্ব-ইচ্ছাই কামৰ পৰা অৱসৰ ল’লো৷
সুদুৰ মধ্যপ্ৰদেশ,
ৰাজস্থান আদিৰ কোনো নিজান ঠাইত অকলে বহি থাকোঁতে কেতিয়াবা সেই এৰি অহা দিনবোৰৰ স্মৃতিয়ে
আমনি কৰে৷ মনত পেলাবলৈ চেষ্টা কৰো সেই দিনবোৰৰ কথা৷ মনৰ পৰ্দাত ভাহি উঠে ৰং বিৰঙৰ ছবি৷
এক মিশ্ৰিত অনুভুতি৷ এই বিশেষ ঘটনাটোৰ কথা মনত পৰিলে কিন্তু বুকুখন বিষাই উঠে৷ সেই
এংৰি ইয়ং মেনৰ পৰা আহি কেতিয়া যে অৱসাদপিষ্ট বৃদ্ধত পৰিণত হ’লোহি গমেই নাপালো৷ মাজে
মাজে সমুখৰ নিৰ্জীৱ শিলকেইটাইও যেন মোলৈ চাই উপলুঙাৰ হাঁহি মাৰিছে, এনে ভাব হয়৷ তথাপি
ভাবো, “ময়ো এদিন শিক্ষক আছিলো৷”
No comments:
Post a Comment