At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday 20 October 2012

তিতাবৰৰ মিঠা কুঁহিয়াৰ...

তিতাবৰ অভ্যসন বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা৷ বোধকৰো  মই প্ৰথম শ্ৰেণীত৷ ইতিমধ্যে স্কুলৰ গাতে লাগি থকা গাওঁবোৰ ভালদৰে চিনিপোৱা হৈছিলো৷ পানীখোৱা ছুটিৰ সময়ত ল'ৰা-ল'ৰিকৈ ঘৰলৈ গৈ নাকে-কাণে ভাত অকণমান গিলি লৈ বেগাই উভটি আহো লগ-সমনীয়াৰ লগত খেলিবলৈ৷ ৰাতুল, ভূৱন, প্ৰতীম, লক্ষ্য, অনিল, তৰুণ আৰু যে কিমানবোৰ বন্ধু৷ কেতিয়াবা ছুটীৰ পাছত ঘৰলৈ নাহি কোনো বন্ধুৰ ঘৰলৈ যাওঁ৷ দৈ-চিৰা-সান্দহ-গুৰ-গাখীৰ হেঁপাহ পলুৱাই খাওঁ৷ ঘৰ পাওঁহি মানে বেলা ভাটি দিয়ে৷ ভয়ে ভয়ে চুচুক-চামাক কৈ ঘৰ সোমাওঁ পিচৰ দুৱাৰেৰে৷ তাঁতীগাওঁ, চিপহা সত্ৰ, কাছজান, কোনো ঠাই বাদ পৰি নাযায়৷

ধান মৰণা মৰাৰ সময়ত, কুঁহিয়াৰ পেৰাৰ সময়ত বা বিশেষ কিবা উৎসৱ-পাৰ্বণৰ সময়ত বন্ধুবোৰৰ পৰা নিমন্ত্ৰণ থাকেই৷ বিশেষকৈ কুঁহিয়াৰ পেৰা সময়ত চাবলৈ যাওঁ৷ এফালে কুঁহিয়াৰ পেৰি থাকে, আনফালে প্ৰকান্ড কেৰাহীত কুঁহিয়াৰৰ ৰস পগাই থাকে৷ কলৰ দনুৱাত লালীগুৰ হেঁপাহ পলুৱাই খাওঁ৷

এদিনৰ কথা৷  পানীখোৱা ছুটীৰ সময়ত সহপাঠী কেইজনমানে লগ ধৰিলে স্কুলৰ ওচৰতে থকা কুঁহিয়াৰ এডৰাৰ পিনে যাবলৈ৷ পূৰঠ কুঁহিয়াৰ৷ মোক খা মোক খা কৰি আছে৷ ভৰ-দুপৰীয়াৰ সময়৷ ওচৰে-পাজৰে কোনো নাই৷ আমি কোনো সাৰ-সুৰ নকৰাকৈ, লাহে লাহে কুঁহিয়াৰ ডৰাৰ ভিতৰলৈ খোজ ল'লো৷ কোনোবা এজনৰ লগত চুৰি-কটাৰী নে দা এখন আছিল৷ এডাল এডালকৈ কুঁহিয়াৰ কাটিবলৈ আৰম্ভ কৰি দিলো আমি৷ যিকোনো বস্তু চুৰ কৰি খোৱাৰ আনন্দই বেলেগ৷ 

হঠাতে কোনোবাই ক'লে, "ঐ, পলা পলা৷ মালিক আহিছে৷" আমাৰ মাজত হুৱা-দুৱা লাগিল৷ হাতত কুঁহিয়াৰ লৈ লৈ আমি পলাবলৈ আৰম্ভ কৰিলো৷ হঠাতে এফালৰ পৰা কুঁহিয়াৰ গছৰ মাজৰ পৰা মহেন্দ্ৰ নামৰ বন্ধু এজন ওলাই আহিল৷ কান্ধত আছিল কুঁহিয়াৰ এডাল৷ মই তলকিবই নোৱাৰিলো, পোনে পোনে আহি মোৰ  গাতে পৰিলহি আৰু কান্ধত থকা কুঁহিয়াৰডালৰ জোঙা গুৰিটো আহি মোৰ চকুত দিলেহি এটা প্ৰচন্ড খোঁচ৷ চকুৰে ধোঁৱা-কুৱা দেখিলো৷ অলপ সময় মূৰটো ঘূৰাই থাকিল৷ ইফালে পলাবও লাগে৷ মোক দুজনমানে চোচোৰাই বগৰাই নিৰাপদ থাইলৈ লৈ আহিল৷ ক্ষন্তেক বাট চাই আমি স্কুলৰ চৌহদত প্ৰবেশ কৰিলো৷ নিমাখিত প্ৰাণীৰ দৰে এজন এজনকৈ শ্ৰেণীকোঠাত প্ৰবেশ কৰিলো৷

মইও নিজৰ ঠাইত বহি পৰিলো আৰু যিমান পাৰো চেষ্টা কৰিলো প্ৰকৃতিস্থ হৈ থাকিবলৈ৷ কিন্তু চকুটো লাহে লাহে ওখহি আহিবলৈ ধৰিলে৷ চকুৰ পৰা ধাৰাসাৰে পানী বৈ আছিল৷ মই চকুদুটা মুদি তলমূৰ কৰি কিছুসময় বহি থাকিলো৷ মোৰ অৱস্থাটো দেখি চাৰ এজনে কি হ'ল বুলি সুধিলে৷ মই সেহাই সেহাই উত্তৰ দি ক'লো, " চাৰ আমি ইস্কেল লৈ খেলি থাকোঁতে কৰোবাৰ ইস্কেল এডাল মোৰ চকুতে লাগিল৷" চাৰজনে মোৰ অৱস্থা গুৰুতৰ যেন দেখি ৰাতুল নে কোনোবা এজনৰ লগত ঘৰলৈ পঠিয়াই দিলে৷

ঘৰলৈ আহিও একেই কাহিনী শুনালো৷ খেলি থাকোঁতে কাৰোবাৰ স্কেল এডাল আহি চকুত লাগিল বুলি৷ দেউতাক অফিচৰ পৰা মাতি পঠিউৱা হ'ল৷ উধাতু খাই দেউতা আহিল৷ আহিয়েই চকুত পেনিচিলিনৰ মলম অলপ লগাই দি আথে-বেথে শুৱাই দিলে৷ তাৰপাছত ডাক্তৰ মাতিবলৈ ওলাই গ'ল৷ ময়ো চুৰ কৰি খোৱা মিঠা কুঁহিয়াৰৰ মিঠা সপোন দেখি দেখি কেতিয়া টোপনি গ'লো গমেই নাপালো৷

মনত পৰিলে এতিয়াও মিঠা মিঠা লাগে মুখখন৷

2 comments:

  1. ভাল লাগিছে পঢ়ি৷ সুন্দৰ হৈছে৷ সঁচাকৈ এৰি অহা দিনবোৰৰ ধূসৰ স্মৃতিবোৰ কি যে মাদকতাভৰা৷ মাখনলাল দাস দা, আপোনাৰ এনে লেখাবোৰৰ এখন কিতাপ উলিয়াব লাগিব৷ সঠিক আত্মজীৱনী নহয়, জীৱনৰ সৰু সৰু কথাবোৰৰ সমষ্টি৷

    ReplyDelete
    Replies
    1. ধন্যবাদ.. উৎসাহ পালো৷ চাওঁচোন কি হয়৷

      Delete