কিযে বিড়ম্বনা.. ভাষাৰ খেলা..
অসমীয়া লোকে যেতিয়া ইংৰাজী, হিন্দী বা বেলেগ ভাষা কয় কিছুমান
বিশেষ ধ্বনিৰ বাবে মাজে মাজে বেমেজালি হয়৷ অসমীয়া ভাষা কওঁতে চ আৰু ছ নাইবা স, ষ আৰু শ ৰ উচ্চাৰণৰ মাজত বিশেষ একো পাৰ্থক্য
নাথাকে৷ লিখিবৰ সময়ত ঠিকেই লিখা হয়, কওঁতেহে সকলো একাকাৰ হৈ যায়৷ ক'বলৈ গ'লে অসমীয়া ভাষাটোৰ ইও এটা বিশেষত্ব ৷
১৯৮৩ চনত আমি এবাৰ দিল্লীলৈ আহিছিলো, তিনি বন্ধু, অসীম, দ্ৰিংচন
আৰু মই৷ তিনিও তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পঞ্চম বৰ্ষিকত পঢ়ি আছোঁ৷ সেইয়া মোৰ বাবে আছিল প্ৰথম দিল্লী দৰ্শন৷ খুব সম্ভব
দ্ৰিংচনৰ বাবেও৷ অসীম আগতে দিল্লীলৈ আহিছিল৷ গতিকে অসীমেই হ’ল দিল্লীত আমাৰ গাইড৷
দিলীত উপস্থিত হৈ তিনিও জোৰবাগ পালোঁগৈ৷ অসীমৰ কোনো সম্বন্ধীয় লোক থাকে৷ তাতে কোঠা এটাত আমাৰ থকাৰ
ব্যৱস্থা হ’ল৷ খোৱা-বোৱাৰ বাবে ওচৰে-পাজৰে থকা হোটেল-ৰেস্ট’ৰালৈ গৈছিলো৷ অসীমেই দিব
লগা অৰ্ডাৰবোৰ দিছিল তিনিওৰে বাবে৷
এখন ৰেস্ট’ৰাত চাহ একাপ খাওঁ বুলি সোমালো৷ চাহত চেনী কম হোৱা
কাৰণে চেনী অলপ ল’বলৈ চামুচ এখনৰ প্ৰয়োজন হ’ল৷ অসীমে চামুচ এখন খুজিলে ৰেস্ট’ৰাত কাম
কৰা ল’ৰা এজনক৷ কিছুসময় বাট চাই ৰ’লো৷ চামুচ নাহেহে নাহে৷ বিৰক্তি লাগিবলৈ ধৰিলে৷ অলপ পাছত ল'ৰাজন আমাৰ ফালে আগবাঢ়ি অহা দেখিলো৷ কিন্তু ই কি?
সেই ল’ৰাজনে চামুচ নানি আমাৰ বাবে তিনিটা চিংৰাহে দেখোন লৈ আহিছে৷ অলপ
চিন্তা কৰি আমাৰো বুজিবলৈ বাকী নাথাকিল যে বেচেৰাই ‘চামুচ’ বুলি কওঁতে
‘সমোচা’ বুলিহে বুজিলে৷ গতিকে তিনিটা গৰম গৰম চিংৰাকে লৈ আনিলে৷ কথাটোত লাজ
নাপাই বৰ ৰংহে পালোঁ৷ আমিও চিংৰাৰ আনন্দকে লোৱা উচিত যেন দেখিলো৷
১৯৯৬/৯৭ মানৰ কথা৷ তেতিয়া মই দিল্লীৰ আই আই টিত পি. এইচ. ডি.
কৰি আছোঁ৷ ১৯৯৫ চনৰ ডিচেম্বৰ মাহৰ পৰাই মই দিল্লীত৷ গতিকে নিজকে হিন্দী কোৱাত বেচ পাকৈত
বুলিয়েই ভাবিবলৈ লৈছিলো৷ আবেলি আমি প্ৰায়েই আই আই টিৰ গাতে লাগি থকা জিয়া চৰাইত চাহ
একাপ খাবলৈ যাওঁ৷
সেইদিনাখনো
অনিলকুমাৰ নামৰ মালায়ালী বন্ধু এজনৰ সৈতে চাহ খাবলৈ গ’লো৷ হাতত বেছি সময়
নাছিল৷ বেগাবেগিকৈ কেৱল চাহ একাপ খাব লাগে৷ ৰেস্ট’ৰাত সোমাই, এচুকত আসন
গ্ৰহণ
কৰিয়েই ল’ৰা এজনক আদেশ দিলো চাহ দুকাপ আনিবলৈ৷ তাৰপাছত দুয়ো কথা পাতি পাতি
চাহ দুকাপৰ
বাবে অপেক্ষা কৰিবলৈ ধৰিলো৷
সময় বাগৰি গ'ল৷ চাহ দেখোন নাহে হে নাহে৷ প্ৰায় দহ মিনিট মান পাৰ হৈ যোৱাত
আমাৰ খং উঠিবলৈ ধৰিলে৷ বেলেগ এজনক অলপ টানকৈয়ে কৈ পুনৰ তাগিদা দিলো চাহৰ বাবে৷ ক্ষন্তেক
পাছত যিহে দেখিলা, দেখি আমি হতবাক৷ আমি প্ৰথমে অৰ্ডাৰ দিয়া ল’ৰাজনে আমাৰ বাবে দুখন
গৰম গৰম দোচা লৈ আহিছে৷ আমি কৈছিলো দুকাপ চাহ, সি আনিলে দুখন দোচা৷ আমি হিন্দীত কোৱা
“দো চায়” তাৰ কাণত পৰিল “দোসায়ে” ৰূপ ধাৰণ কৰি৷ আমাৰ খং-ৰাগ কেনিবা পলাল৷ বেচ আমোদ
পালো আৰু মোক খা মোক খা কৰি থকা গৰম গৰম দোচা দুখন খোৱাতহে ব্যস্ত হৈ পৰিলো৷
কেৱল উচ্চাৰণেই নহয়, শব্দৰ উচিত ব্যৱহাৰ কৰাত খেলিমেলি হ'লেও হাঁহি উঠা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে৷ মোৰেই সম্বন্ধীয় ব্যক্তি এজন আজি বহুবছৰ ধৰি দিল্লীতে আছে৷ দিল্লীৰে ছোৱালী বিয়া কৰাই দিল্লীৰ নিগাজী বাসিন্দা হৈ পৰিছে৷ পিছে হ'লে কি হ'ব? এতিয়ালৈকে বৰপেটীয়া ভাষাৰ প্ৰভাৱ আঁতৰা নাই৷
এবাৰ তেখেত অট'ৰিক্সাৰে ক'ৰবালৈ গৈ আছিল৷
গন্তব্যস্থল আহি পোৱাত তেখেতে চালকজনক একেবাৰে বৰপেটীয়া স্টাইলেৰে আদেশ দিলে,
: ঐ ৰিক্সা৷ ৰখো ৰখো৷
চালকজনে তেখেতলৈ উভতি চাই সুধিলে,
: ক্যা ৰখখুঁ?
তেখেতে অশেষ চেষ্টা কৰিও বুজাব পৰা নাই চালকজনক ৰখাবলৈ৷ তেনেদৰে প্ৰায় এক কিলোমিটাৰমান আগবাঢ়ি গ'ল৷ পিছত যেনিবা চালকজনৰ কিবা শুভবুদ্ধিৰ উদয় হ'ল আৰু কথাটো বুজি পালে৷
এনে উদাহৰণ অনেক ওলাব৷ কিন্তু মিছা ক'লে কি হ'ব?
কেৱল উচ্চাৰণেই নহয়, শব্দৰ উচিত ব্যৱহাৰ কৰাত খেলিমেলি হ'লেও হাঁহি উঠা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে৷ মোৰেই সম্বন্ধীয় ব্যক্তি এজন আজি বহুবছৰ ধৰি দিল্লীতে আছে৷ দিল্লীৰে ছোৱালী বিয়া কৰাই দিল্লীৰ নিগাজী বাসিন্দা হৈ পৰিছে৷ পিছে হ'লে কি হ'ব? এতিয়ালৈকে বৰপেটীয়া ভাষাৰ প্ৰভাৱ আঁতৰা নাই৷
এবাৰ তেখেত অট'ৰিক্সাৰে ক'ৰবালৈ গৈ আছিল৷
গন্তব্যস্থল আহি পোৱাত তেখেতে চালকজনক একেবাৰে বৰপেটীয়া স্টাইলেৰে আদেশ দিলে,
: ঐ ৰিক্সা৷ ৰখো ৰখো৷
চালকজনে তেখেতলৈ উভতি চাই সুধিলে,
: ক্যা ৰখখুঁ?
তেখেতে অশেষ চেষ্টা কৰিও বুজাব পৰা নাই চালকজনক ৰখাবলৈ৷ তেনেদৰে প্ৰায় এক কিলোমিটাৰমান আগবাঢ়ি গ'ল৷ পিছত যেনিবা চালকজনৰ কিবা শুভবুদ্ধিৰ উদয় হ'ল আৰু কথাটো বুজি পালে৷
এনে উদাহৰণ অনেক ওলাব৷ কিন্তু মিছা ক'লে কি হ'ব?
মোৰ খাৰ খোৱা জিভাইও ভালদৰে হিন্দী উচ্চাৰণ কৰিব পৰা হোৱা নাই আজিলৈকে ৷
No comments:
Post a Comment