At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 11 October 2012

অকণমান আশা

যদিহে নোহোৱা হয়

আমাৰ জীৱনৰ পৰা

ৰাজনীতিকৰ ভুৱা প্ৰতিশ্ৰুতি

 

যদিহে আঁতৰি যায়

মিথ্যাচাৰে ভৰা ভাষণ,

জুখিমাখি দিয়া প্ৰতিশ্ৰুতি,

যিবোৰ মাথোন হয় 

ফুটুকাৰ ফেন,

কিযে ভাল হ'ল হয়৷


অতি সাধাৰণ,

মানুহৰ প্ৰয়োজন;

প্ৰায় সৰ্বজনৰ৷

বিচাৰে মাথো ন্যূনতম,

এটি বাসস্থান

কিছু স্বাস্থ্যসেৱা

আৰু শিক্ষাৰ সুবিধাকণ৷

এটি সুৰক্ষিত চাকৰিৰ পৰা

কিছু উপাৰ্জন

যাতে হয় পৰিয়ালৰ ভৰণ-পোষণ৷

 

জনগনৰ এই সাধাৰণ চাহিদাকণ

নোৱাৰিনে কৰিব পূৰণ ?


----মোৰ বন্ধু ৰবীন্দ্ৰনাথৰ 

     ইংৰাজী কবিতা Modest Hope ৰ অনুবাদ


No comments:

Post a Comment