At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 1 November 2013

বেগৰ মহিমা..



বেগৰ মহিমা..

দিল্লীত পি এইচ ডি কৰি থকা সময়চোৱাত সৰু সৰু ল’ৰা দুটাৰে সৈতে শ্ৰীমতী গুৱাহাটীতে আছিল৷ মই প্ৰায় প্ৰতি দুমাহৰ মূৰে মূৰে গুৱাহাটীলৈ আহিছিলো৷ সেইসময়ত টিকট কটাও এটা ডাঙৰ সমস্যা আছিল৷ ৰাতিপুৱাতে গৈ সৰোজিনী নগৰত টিকটৰ বাবে লাইন দিব লাগে৷ নহলে আবেলি৷ সেইসময়ত উৰাজাহাজেৰে অহাৰ কথা ভাবিবই নোৱাৰি৷ দিল্লীৰ পৰা গুৱাহাটীৰ ভাড়া প্ৰায় এমাহ-দুমাহৰ দৰমহাৰ সমান৷ সেয়া আছিল ১৯৯৫-৯৮ৰ সময়ৰ কথা৷

ৰেলৰ সকলো শ্ৰেণীতে ভ্ৰমণ কৰিছিলো৷ দুবাৰমান প্ৰথম শ্ৰেণীতো ভ্ৰমণ কৰি কেনেকুৱা লাগে সোৱাদ লৈ চাইছিলো৷ কিন্তু অতি সাধাৰণভাবে শ্লিপাৰ শ্ৰেণীত ভ্ৰমণ কৰাৰো বেলেগ এটা আমেজ আছে৷ ইতিমধ্যে হিন্দী কোৱাত কিছু আত্মবিশ্বাস আহি গৈছিল বাবে মানুহৰ লগত মিলি পৰিব পাৰিছিলো৷

ঘৰলৈ আহিলেও যিহেতু মাত্ৰ তিনি-চাৰিদিনৰ বাবেহে আহিবলৈ ছুটি পাওঁ গতিকে সৰু পুৰণা এয়াৰবেগ এটাতে অকণমান কিবাকিবি ভৰাই লৈ ৰেলত উঠি দিওঁ৷ গুৱাহাটীৰ পৰা বৰপেটা/বঙাইগাওঁলৈ যাবলৈ বাছত উঠি দিয়াৰ নিচিনাকৈ৷ প্ৰয়োজনীয় সকলোখিনি ঘৰত থাকেই৷ একো নানিলেই হয়৷

এবাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছেৰে গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ আছো৷ শ্লিপাৰ শ্ৰেণীত৷ গৰমৰ দিন৷ মোৰ পিন্ধনত পঁচিশটকীয়া হাফচাৰ্ট এটা৷ ফুটপাথত কিনা৷ পিন্ধি পিন্ধি উৱলি গৈছিল যদিও ৰেলত তেনেকুৱা কাপোৰ পিন্ধিয়েই অহা-যোৱা কৰিছিলো৷ লগত পুৰণি এয়াৰবেগ এটা৷ আশী টকাত কিনিছিলো কলিকতাত৷ চেইনডাল বন্ধ কৰি তলা মাৰিবৰো ব্যৱস্থা নাই৷ 

খিৰিকিৰ কাষত মোৰ চীট৷ সম্মুখৰ চীটৰ তলতে বেগটো থৈ দিলো৷ বেলেগে নতুন-নতুন , দামী-দামী চুটকেচ , বেগ আদি  শিকলিৰে বান্ধি থয়৷ মোৰ পিছে কেতিয়াও তেনেদৰে বন্ধা মনত নপৰে৷ 

সন্ধিয়া নিউ জলপাইগুড়িত মাৰোৱাৰী স্বামী-স্ত্ৰী এহাল উঠিল৷ তেওঁলোকৰ ধুনীয়া ভি আই পি চুটকেচটো মোৰ ছাল-বাকলি যোৱা বেগটোৰ কাষতে থৈ প্ৰকাণ্ড শিকলি এডালেৰে তলা লগাই বান্ধি থ’লে৷ ভাত-পানী খাই সকলো দীঘল দিলো৷ কেতিয়া টোপনি আহিল গমেই নাপালো৷

হঠাত চিঞৰ-বাখৰ শুনি সাৰ পালো৷ তেতিয়া ৰাতিপুৱা পাঁচমান বাজিছে৷ দেখিলো মাৰোৱাৰী মহিলাগৰাকীয়ে কান্দি আছে৷ কি হ’ল সুধিলো গিৰিয়েকক৷ গিৰিয়েকে চীটৰ তললৈ আঙুলিয়াই দি ক’লে,

: নিলে, সকলো নিলে৷ শিকলি কাটি চুটকেচটো লৈ গ'ল৷ আমি বিয়া এখনৰ বাবে গৈ আছো৷ প্ৰায় পঁচিশ হেজাৰ টকামানৰ অলঙ্কাৰ আছিল৷ কাপোৰ-কানি ধৰি মুঠতে চল্লিশ হাজাৰমানৰ বেছি হ'ব৷

সেই সময়ৰ চল্লিশ হাজাৰ মানে এতিয়া কেইবালাখো হ'ব৷

মই চীটৰ তললৈ চালো৷ চুটকেচটো নাই৷ কিন্তু মোৰ দুৰ্বল বেগটো সগৌৰৱে জিলিকি আছে৷ বেগটো হাতেৰে টানি আনিলো৷ চেইনডাল খুলি হাতখন ভৰাই চালো৷ তিনিশ পঞ্চাশটকাৰে নতুনকৈ এফ এম/এ এম  ৰেডিঅ' এটা কিনি লৈ আহিছিলো৷ কাপোৰৰ ওপৰতে থৈ দিছিলো, বেগৰ ভিতৰত৷ ৰেডিঅ"টো আছে৷ চোৰে চেইনডাল খুলি মোৰ ৰেডিঅ'টো অন্ততঃ নিব পাৰিলেহেতেন৷ তাকো নিনিলে৷

বেগটো দেখি মোক হয়তো ভিকহু বুলি ভাবিলে৷

No comments:

Post a Comment