At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 8 November 2013

মহামূৰ্খৰ ৰেলযাত্ৰা..



মহামূৰ্খৰ ৰেলযাত্ৰা...

এটা সময় আছিল, ৰেল যাত্ৰা অসমীয়া মানুহে প্ৰায়েই এৰাই চলিব বিচাৰিছিল৷ সেই সময়ত ৰেলৰ কৰ্মচাৰীৰ মাজত অসমীয়া মানুহৰ সংখ্যাও কম আছিল, ৰেলেৰে ভ্ৰমণ কৰা লোকসকলৰ মাজতো অসমীয়া মানুহ পাবলৈ টান আছিল৷ ৰেলৰ জগতখন অসমীয়া মানুহৰ বাবে অতি আচহুৱা জগত যেন আছিল৷ মইও তাৰ ব্যতিক্ৰম নাছিলো৷ ৰেলস্টেচনৰ ওচৰে-পাজৰে থকা মনুহৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া হয়তো আছিল৷

চনটো মনত নাই৷ খুব সম্ভৱ সেয়া আছিল ১৯৭ চন৷ মোৰ ডাঙৰ দাদাই বি ডি এচ পাছ কৰি আহি বঙাইগাওঁত ক্লিনিক এখন খুলি বহিছিল ক্লিনিকৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিছুমান গুৱাহাটীৰ শিখ মন্দিৰৰ কাষৰ দোকান এখনৰ পৰাই কিনিছিল তেতিয়া৷ এদিন মোলৈ আদেশ আহিল কিছুমান বস্তু সেই দোকানখনৰ পৰা কিনি আবেলি ৰেলেৰে বঙাইগাওঁলৈ লৈ যাবলৈ৷
 
লাখটকীয়াৰ সেই দোকানখনৰ পৰা বস্তুখিনি কিনি ৰিক্সাত উঠি ৰেলস্টেচন পালোঁগৈ৷ দুইমান বজাত অসম মেইলনে কিবা এখন ৰেল যাবলগীয়া আছিল৷ সেই সময়ত উত্তৰ বঙ্গত প্ৰবল বানপানী হোৱা বাবে ৰেলৰ চলাচল অতি অনিয়মীয়া হৈ আছিল৷ কামৰূপ এক্সপ্ৰেছখনো যাবলগীয়া হৈ আছিল৷ তেতিয়া নিউবঙাইগাওঁৰ পৰাহে ব্ৰডগজ আছিল৷

কামৰূপ এক্সপ্ৰেছখন চাৰেপা্ঁচমান বজাত আহিব বুলি গম পাই প্লেটফৰ্মত ৰৈ থাকিলো৷ বেছি মানুহ-দুনুহ নাছিল৷ প্ৰায় চাৰিমান বজাত হঠাতে স্টীম ইঞ্জিনৰ ফোঁচ ফোঁচ শব্দ কৰি এখন ট্ৰেইন আহি ওলাল৷ মইও ট্ৰেইনখন সময়তকৈ আগতেই আহি পোৱা বাবে মনৰ আনন্দতে জাপ মাৰি ট্ৰেইনত উঠি বহিলো টালি-টোপোলাৰে সৈতে৷ অলপ পাছত ঘেটলেংমেটলেংকৈ  ট্ৰেইনখন লাহে লাহে চলিবলৈ ধৰিলে৷ ভৰলু দলং পাৰ হৈ লাহে লাহে কামাখ্যা পালেগৈ৷ কিন্তু তাত বহি যোৱা মানুহবোৰলৈ চাই মনত কিবা এটা সন্দেহ ল৷ মানুহবোৰ প্ৰায় নামি শেষ ট্ৰেইনখনৰ পৰা৷ মানুহ এজনক সুধি জানিব পাৰিলো সেইখন হেনো কিবা চাট্ গাড়ীহে৷ গুৱাহাটীৰ পৰা পাণ্ডুলৈকে চলে৷ 

কথা বিষম দেখি মই ট্ৰেইনৰ পৰা জাপ মাৰি নামিলো৷ হাতৰ ঘড়ীলৈ চালো৷ প্ৰায় চাৰে চাৰি বাজিল৷ ইফালে মই ধৰিবলগীয়া কামৰূপ এক্সপ্ৰেছখনো গুৱাহাটী স্টেচন পাবলৈ বেছি সময় নাই৷ 

উধাতু খাই মালিগাওঁ চাৰিআলি পালোগৈ৷ ফোঁপাই-জোপাই চিটিবাছ এখনত উঠি পৰিলো৷ যথাসময়ত চিটিবাছ কাছাৰীত ৰলগৈ৷ বাছৰ পৰা জাপ মাৰি নামি ৰিক্সা এখন ধৰিলো৷ ৰিক্সাৱালাই আপোনমনে ৰিক্সা চলাই আগবাঢ়িল স্টেচনৰ ফালে৷ মই বাৰে বাৰে হাতৰ ঘড়ীলৈ চাওঁ৷ ৰেলখন আহিবলৈ বেছি সময় নাই আৰু৷ যথাসময়ত স্টেচন পালো৷ ৰিক্সাৱালাক ভাড়াটো দি বেগাই প্লেটফৰ্ম পালোগৈ৷ তেতিয়াও ৰেলখন নাই অহা৷ প্ৰায় এঘন্টামান অপেক্ষা কৰিবলগা হ’ল ৰেলখনৰ বাবে৷

ৰেল আহিল৷ একেবাৰে খালী ৰেল৷ মই ডবা এটাত উঠি বহিলো৷ চাৰি-পাঁচজনমান মানুহহে আছিল ডবাটোত৷ লাহে লাহে ৰেল চলিবলৈ ধৰিলে৷ ৰাতি দহমান বজাত গৈ বঙাইগাওঁ পালোগৈ৷ 

ঘৰ পাই মই সকলোৰে আগত মোৰ বীৰত্বৰ কাহিনী বৰ্ণনা কৰিলো৷ কেনেদৰে চিটিবাছেৰে আকৌ পাণবজাৰলৈ উভতি গৈ ৰেল ধৰিলোগৈ সকলোখিনি অলপ ৰহণ লগাই লগাই ক’লো, যেন পৃথিবী জয় কৰিহে আহিলো৷

মোৰ কথা শেষ হোৱাত, মিচিক-মাচাককৈ হাঁহি, মোৰ ৰসিক সৰু দাদাই লাহেকৈ মাত দিলে,

“তই এটা এক নম্বৰ বুৰ্বক৷ মালিগাওঁতেই ৰৈ থাকিলে হ’লহেতেন৷ ৰেলখনতো পাণবজাৰৰ পৰা মালিগাওঁ হৈহে আহিব৷ সকলো ৰেলেই মালিগাওঁত ৰয়৷ মিছাতে ইমান উধাতু খাই চিটিবাছ ধৰি উভতি যোৱাৰ কি প্ৰয়োজন আছিল? যদি ৰেলখন মিছ কৰিলিহেতেন? আকৌ সেই চাটল ৰেলখনো চিনি নাপালিনে, তাতে উঠি দিছিলি যে?”

“এৰা, কথাটোতো হয়৷ মইহে ভাল বুৰ্বক৷” লাজতে ৰঙা-চিঙা পৰি মনতে ভাবিলো৷ 

নিজৰ গালতে চৰ এটা মাৰি দিবৰ মন গ’ল৷

1 comment:

  1. লিখনিটো পঢ়ি ভাল লাগিল। লিখি থাকিব বুলি আশা ৰাখিলোঁ।

    ReplyDelete