At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday 25 October 2012

বানান শিক্ষা আৰু ক্ষমা ভিক্ষা..

পঢ়া-শুনাত সৰুৰে পৰা ভালেই আছিলো৷ দেউতাই বিচাৰিছিল যাতে সদায় পৰীক্ষাত প্ৰথম হওঁ৷ দেউতাক সন্তুষ্ট কৰিবলৈকে মনপুতি পঢ়িছিলো৷ দেউতাৰ অনুশাসন অতি কঠোৰ আছিল বাবে প্ৰায়েই দেউতাৰ হাতত চেকনিৰ কোব খাব লগা হৈছিল, কিন্তু স্কুলত তেনে অভিজ্ঞতা প্ৰায় নাছিল৷ স্কুলত চেকনিৰ কোব খাব লগা হোৱাটো মোৰ বাবে প্ৰচন্ড অপমানজনক কথা আছিল৷ তিতাবৰ অভ্যসন বিদ্যালয়ত ১৯৬৪ চনৰ পৰা ১৯৬৮ চনৰ আৰম্ভণিলৈকে পঢ়া দিনবোৰলৈ মনত পেলালে মাত্ৰ দুটা ঘটনাই মনলৈ আহে, চেকনিৰ কোব খোৱাৰ৷

খ শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ বাইদেউ এগৰাকীয়ে সাহিত্য পঢ়ায়৷ পাঠ্য-পুথিখনৰ নাম আছিল আৰ্হিপাঠ৷ খ শ্ৰেণীত আমাক যুক্তাক্ষৰ শিকোৱা হৈছিল৷ প্ৰায়েই বোৰ্ডত বানান লিখিবলৈ দিছিল বাইদেউ গৰাকীয়ে৷ নোৱাৰিলে হাতত, পিঠিত চেকনিৰ চেটেপ চেটেপ মাৰ পৰিছিল৷ প্ৰায় সকলোৱেই এদিন নহয় এদিন তাৰ সোৱাদ ল’বলৈ পাইছিল৷ মই ভালেমান দিন সাৰি আছিলো৷ বাইদেউ শ্ৰেণীকোঠাত সোমালেই আমাৰ বুকু কঁপিছিল৷ 

এদিন বাইদেৱে আমাক বোৰ্ডত বানান লিখিবলৈ মাতিলে, এজন এজনকৈ৷ দুজন মানে পাৰিলে, কেইজনমানে চেকনিৰ কোব খালে৷ আমি বাকীবোৰ বলি দিবলৈ নিয়া ছাগলীৰ দৰে থৰহৰি কম্পমান হৈ চাই থাকিলো৷ হঠাতে মোৰ নামটো ভাহি আহিল বাইদেউৰ মুখৰ পৰা৷ মই অলপ সাহস গোটাই বোৰ্ডৰ ওচৰলৈ গৈ হাতত চকমাটি এডোখৰ তুলি লৈ বাইদেউলৈ চালো৷

বাইদেৱে ক’লে, “লিখা, শক্তিশালী৷” 

মই অলপো দ্বিধাবোধ নকৰাকৈ বোৰ্ডত লিখি দিলো, “শক্তিশালি”৷ 

লিখা হ’লত বাইদেউৰ পিনে চালো৷ বাইদেৱে গহীন ভাবে ওচৰলৈ মাতিলে৷ তাৰপাছত হাত পাতিবলৈ ক’লে৷ হাতৰ তলুৱাত কেইটা কোব পৰিল মনত নাই৷ লাজে অপমানে কাণ-মূৰ ৰঙা হৈ পৰিল৷ তলমূৰকৈ আহি নিজৰ ঠাইত বহি পৰিলো৷ 

তাৰ পাছত বাইদেৱে মাতিলে ছোৱালী এজনীক৷ আমাৰ স্কুললৈ নতুনকৈ আহিছিল৷ ছোৱালীজনীয়ে পোনে-পোনে বোৰ্ডৰ ওচৰলৈ গৈ ধুনীয়া আখৰেৰে লিখি দিলে, “শক্তিশালী”৷ বাইদেৱে শলাগিলে৷ তাই গৌৰৱৰ ভাবেৰে আহি নিজৰ ঠাইত বহি পৰিল৷ মই ইতিমধ্যে হাতৰ তলুৱাৰ কোবকেইটাৰ কথা পাহৰি গৈছিলো৷ আমাৰ মাজলৈ অহা সেই ছোৱালীগৰাকীয়েহে দুগালত দুটা প্ৰচন্ড “শক্তিশালী”চৰ শোধোৱা যেন লাগিল৷ গালখন বহুদিনলৈকে ফৰ ফৰাই থকা যেন লাগিছিল৷ 

সেইদিন ধৰি কেতিয়াও আৰু সেই বানান ভুল কৰা মনত নপৰে৷ সঁচাকৈয়ে শক্তিশালী বানান শিক্ষা প্ৰণালী৷

দ্বিতীয়টো ঘটনা মনত পৰিলে আজিও মনটো বিদ্ৰোহী হৈ উঠিব খোজে৷ তেতিয়া বোধকৰো মই প্ৰথম শ্ৰেণীত৷ 

পানীখোৱাছুটীৰ পাছত আমাৰ খেল-ধেমালিৰ পিৰিয়ড আছিল৷ আমি নিজৰ পচন্দ মতে কিবা-কিবি খেলি আছিলো৷ ছোৱালী কেইজনীমানে স্কিপিং কৰি আছিল৷ সৰুৰে পৰা মইও স্কিপিং কৰি খুব ভাল পাইছিলো৷ মই হাতত স্কিপিঙৰ ৰচী লৈ থকা ছোৱালী এজনীৰ ওচৰ চাপি গৈ ৰচীডাল খুজিলো৷ কোনো আপত্তি নকৰাকৈ ছোৱালীজনীয়েও ৰচীডাল মোলৈ আগবঢ়াই দিলে৷ 

হাতত ৰচীডাল মই ল’বলৈহে পালো, হঠাতে ক’ৰবাৰ পৰা চাৰ এজন আহি মোক ডবা পিট দিলে৷ লাজ-অপমান-যন্ত্ৰণাত আধামৰা যেন হ’লো৷ মোক কি কাৰণে তেনেদৰে নিষ্ঠুৰ ভাবে প্ৰহাৰ কৰা হ’ল বুজিও নাপালো৷ হয়তো ল’ৰাই স্কিপিং কৰিব নাপায় বুলি চাৰজনে ভাবিছিল৷ নাইবা হয়তো, ল’ৰা হৈ মই ছোৱালীৰ পৰা খেলৰ সামগ্ৰী খুজিবলৈ যোৱাটো চাৰজনৰ দৃষ্টিত অপৰাধ আছিল৷ মোৰ দোষ কি, সেইটো মোৰ বাবে ৰহস্য হৈয়েই থাকিল৷ 

দিন বাগৰি গ’ল৷ স্কিপিং কৰিবলৈ কিন্তু এৰি নিদিলো৷ 

কালক্ৰমত কটন কলেজ পালোঁহি৷ কলেজ সপ্তাহৰ সময়ত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ মাজত স্কিপিং প্ৰতিযোগিতাও আছিল৷ অৱশ্যে কেৱল ল’ৰাৰ বাবেহে৷ মইও যোগদান কৰিলো৷ মোৰ প্ৰদৰ্শন ভালেই হৈছিল৷ অলপৰ কাৰণেহে পুৰস্কাৰ পোৱাৰ পৰা বঞ্চিত হ’লো৷ সেইদিনা পিছে তিতাবৰৰ সেই চাৰজনৰ কথা বাৰে বাৰে মনত পৰিছিল৷ ভাবিছিলো, প্ৰতিযাগিতাত প্ৰথম হোৱা, এক মিনিটত ১৮০ বাৰ স্কিপিং কৰা মণিপুৰী ছাত্ৰজনে স্কিপিং কৰা সময়ত যদি চাৰজনে আগতে কেতিয়াবা দেখিলেহেতেন, কিজানিবা মোৰ পিঠিত তেখেতৰ চেকনিৰ এটাও কোব নপৰিলেহেতেন৷ 

মনত পৰিলে পিঠিখন এতিয়াও চেকচেকাই উঠে৷

3 comments:

  1. সৰু সৰু ল’ৰা-ছোৱালীক শ্ৰেণীত কোবোৱা কথাটো মই কোনো কাৰণতেই সহজভাৱে ল’ব নোৱাৰো৷ শীলভদ্ৰৰ গল্প এটাত তেওঁলোক সৰু থকা সময়ত শিক্ষকে কি নিষ্ঠুৰভাৱে ছাত্ৰক মাৰ-ধৰ কৰিছিল আৰু মাৰ-ধৰ কৰাৰ সময়ত শিক্ষকৰ চকু মুখত সঁচাকৈ কেনে এক তীব্ৰ বিদ্বেষ আৰু নিষ্ঠুৰতাৰ ভাব ফুটি উঠিছিল তাৰ অতি নিখুট বৰ্ণনা এটা পোৱা যায়৷ আপোনাৰ দৰে আভিজ্ঞতা কম বেছি পৰিমাণে আমাৰো হৈছিল৷ মাত্ৰ মোৰ এটা দুৰ্বলতা কিছু পৰিমাণে আজিও আছে৷ মোৰ কিছু বানান বিভ্ৰান্তি আজিও হয়৷

    ReplyDelete
    Replies
    1. ধন্যবাদ.. বেতৰ কোব নিদিয়াকৈও ল'ৰা-ছোৱালীক মৰমেৰে শিকাব পৰা যায়৷

      Delete
  2. সৰু কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা। ভাল লাগিল পঢ়ি। মইয়ো বহুত মাৰ খাইছো, কিন্তু পঢ়া নোৱাৰাৰ বাবে নহয়, বদমাছি কৰাৰ বাবে। অৱশ্যে মোক দিয়া কোব কেইটাই মোৰ ভালহে কৰিলে।

    ReplyDelete