সেই বাছখন নহা হ’লে?
চনটো মনত নাই৷ হয়তো ১৯৯১ বা ৯২ চনৰ কথা৷
বৰদিনৰ
সময়ত বন্ধু এজনৰ নিমন্ত্ৰণক্ৰমে সপৰিয়ালে গৈছিলো টংলালৈ৷ বৰদিনৰ দুদিন পাছত বন্ধুঘৰৰ
পৰা বিদায় লৈ গুৱাহাটীলৈ উভতিবলৈ বুলি ওলাই আহিলো৷ চহৰৰ মূল চ’কটোতে গুৱাহাটী অভিমুখে
যাবলৈ ৰৈ থকা বেচৰকাৰী বাছ এখন পাই তাতে উঠিলো৷ মই, কোলাত কেচুৱা ল’ৰাটিৰে সৈতে মোৰ
শ্ৰীমতী আৰু লগতে গুৱাহাটীৰে এগৰাকী গাভৰু৷ বাছত বেছি মানুহ-দুনুহ নাছিল৷ হয়তো আমাকলৈ
দহজনমানহে হ’ব৷ তেতিয়া ৰাতিপুৱা আঠমান বাজিছে৷ ৰ’দটো ওলাব ধৰিছে৷ খিৰিকিৰ কাষৰ চীট
এটাত বহি , ৰ’দৰ আমেজ লৈ লৈ বাছখন যোৱালৈ অপেক্ষা কৰি থাকিলো৷ কিন্তু বাছখন নাযায় হে
নাযায়৷ বাহিৰলৈ চাই দেখিলো কেইজনমান ডেকাল’ৰাই পুলিচ দুজনমানৰ সৈতে কিবা গহীনকথা আলোচনা
কৰি আছে৷ এজন ডেকাই অলপ গৰম সুৰেৰেই কথা কৈ থকা যেন লাগিল৷ কাষতে গাড়ীৰ দ্ৰাইভাৰ আৰু
হেণ্ডিমেনজনকো দেখিলো৷ বিশেষ একো বুজিব নোৱাৰিলো৷
বাছত বহি থকা কোনোবা এজনে
পিছফালৰ পৰা কোৱা শুনিলো,
:আজি কিবা বন্ধ আছে নেকি?
কোনোবাই কোৱা শুনিছিলো৷
:বন্ধ নহয়, কিবা প্ৰতিবাদ
দিৱস নে ধৰ্ণাহে আছে বোলে৷ বাছ চলিব কিজানি৷
আন এজনে মান দিলে৷
:মুঠতে কিবা এটা আছে৷
কোনে আহ্বান দিছেবা?
:নাজানো৷ সদায় দেখোন কিবাকিবি
হৈয়ে থাকে৷ এতিয়া বাছখন চলিলেই হয়৷
কথাবোৰ শুনি মোৰো মনটো অলপ অস্থিৰ
হৈ পৰিল৷ উদ্বিগ্নহৈ আকৌ বাহিৰলৈ চালো সেই ডেকাকেইজনলৈ৷ প্ৰায় দহমিনিটমান পাৰ হ’ল৷
তেওঁলোকৰ আলোচনা-বিলোচনাৰ ফলাফল কি হ’ল বুজি নাপালো৷ অলপসময় পাছত দ্ৰাইভাৰজন বাছত উঠি
বহিলহি৷ পিছলৈ ঘূৰি কিমান মানুহ আছে চালে৷ তাৰপাছত বাছত ষ্টাৰ্ট দিলে৷ মনটো ভাল লাগিল৷
বাছখন যাব তেনেহলে৷ হেণ্ডিমেনজনো উঠিল৷ পাছে পাছে সেই ডেকাকেইজনো বাছত উঠিল৷ মুখেৰে
একো নকৈ দ্ৰাইভাৰে গাড়ী চলাবলৈ ধৰিলে৷ লাহে লাহে টংলা চহৰৰ সীমা অতিক্ৰম কৰিলে বাছখনে৷
মইও কোলাত কেচুৱাটো লৈ একান্তমনে বাহিৰলৈ চাই যাবলৈ ধৰিলো৷ বাটৰ কাষৰ মুকলি পথাৰবোৰলৈ
চাই চাই মনটো সতেজ হৈ পৰিল৷
তেনেদৰে কিমান সময় পাৰ
হ’ল কব নোৱাৰো৷ হঠাতে ডেকা কেইজনৰ মাজৰে এজন দ্ৰাইভাৰৰ ওচৰলৈ গৈ আদেশৰ সুৰত চিঞৰি চিঞৰি
ক’লে,
: ঐ বাছ ৰাখ৷ ৰাখ৷
প্ৰথমতে দ্ৰাইভাৰজনে একো
সঁহাৰি দিয়া নাছিল৷ কিন্তু গোটেইকেইজন ডেকাই যে্তিয়া আগুৰি ধৰি ধমকি দিবলৈ আৰম্ভ কৰিলে
তেতিয়া বাছখন ৰখাই দিবলৈ বাধ্য হ’ল৷ ডেকাকেইজনে প্ৰচণ্ড তৰ্জন-গৰ্জন কৰি দ্ৰাইভাৰক
মাৰিবলৈহে বাকী৷ তাৰপাছত বাছত বহি থকা যাত্ৰীবোৰলৈ চাই ডেকাকেইজনৰ এজনে কৰ্কশভাবে ক’লে,
:বাছখন নাযায়দেই, আপোনালোক
নামক৷
আমি অলপ সময় লৰচৰ নকৰি
বহি থাকিলো৷
:কি চাই আছে? নামক, বাছৰ
পৰা নামক৷ সোনকালে নামক৷
নেতাজনে আদেশ দিলে৷
কথাটোনো কি একো বুজিব
নোৱাৰিলো৷ কিন্তু সেই অচিন ঠাইত, অচিন পৰিৱেশত সেই উটনুৱা ডেকাকেইজনক প্ৰতিৰোধ কৰাৰ
মৰসাহ নকৰিলো৷ টালি-টোপোলা লৈ বাছৰ পৰা নামি পৰিলো৷ ডেকাকেইজনে আমাক সেই মাজবাটতে নিঠৰুৱা
কৰি বাছখন ক’ৰবালৈ লৈ গ’ল৷ আমাৰ কাৰো মুখত একো কথা নাই ৷ শিলপৰা কপৌৰ দৰে অলপ সময় একে
ঠাইতে থিয় হৈ থাকিলো৷ লাহে লাহে ৰ’দটো প্ৰখৰ হৈ আহিব ধৰিছিল৷
তেনেদৰে এঘন্টামান পাৰ
হ’ল৷ দুজনমান মানুহে চহৰৰ পিনে উভতি খোজ লৈছিল৷ বেগ-চুটকেচ-কেচুৱা লৈ ইমান দূৰ খোজ
কাঢ়িবলৈও সাহস গোটাব নোৱাৰিলো৷ইফালে-সিফালে চাই ওচৰতে ঘৰ এটা দেখিলো৷ উপায় নাপালে তাতে
গৈ আশ্ৰয় ভিক্ষা কৰিম বুলি মনতে থিৰাং কৰিলো৷ কেচুৱা, তিৰোতা আৰু গাভৰুগৰাকী দেখিলে
নিশ্চয় সহানুভুতি উপজিব৷ অসমৰ মানুহ ইমান কঠোৰ অন্তৰৰ হৈ যোৱা নাই নিশ্চয়৷ নিজেই নিজকে
আশ্বাস দিলো৷
হঠাতে চকুত পৰিল, দূৰৰ
পৰা বাছৰ নিচিনা কিবা এখন আহি আছে, চহৰৰ দিশে৷ অতি আশাৰে চাই ৰ’লো৷ হয়, বাছেই হয়৷ লাহে
লাহে আগবাঢ়ি আহি আছে৷ ওচৰ চাপি অহাৰ লগে লগে আমি হাত ডাঙি থিয় হৈ থাকিলো৷ আমাক দেখি
দ্ৰাইভাৰজনৰ হয়তো পুতৌ হ’ল৷ বাছখন ৰখাই দিলে৷ আমি হাতেৰে স্বৰ্গ ঢুকি পোৱা যেন লাগিল৷
একেবাৰে খালী বাছ৷ আমি ততাতৈয়াকৈ উঠি পৰিলো৷ প্ৰায় আধাঘন্টামান পাছত পুনৰ টংলা চহৰ
পালোগৈ৷ বাছখনে আমাৰ পৰা ভাড়াও নুখুজিলে৷ আমাক ৰক্ষা কৰিবলৈ যেন ঈশ্বৰেহে বাছখন পঠিয়াই
দিছিল, এনে অনুভৱ হ’ল৷
টংলা পাই আকৌ বন্ধুজনৰ
ঘৰ পালোগৈ৷ আমাক দেখি আচৰিত হ’ল৷ সকলো বিবৰি ক’লো৷
: হয়, আপোনালোক যোৱাৰ
পাছতহে গম পালো দুদিন বন্ধ বুলি৷ আমাৰ চিন্তা হৈ আছিল৷ কিন্তু বাছখন যোৱা বুলি জানি
ভাল লাগিছিল৷
বন্ধুজনে ক’লে৷
:যদি বাছখন নাযায়েই তেনেহলে
আমাক উঠিবলৈ নিদিলেই হ’লহেতেন৷ আমি নগ’লোহেতেন নহয়৷ ইমান দূৰলৈ লৈ গৈ আমাক মাজবাটতে
নমাই দিলে৷ কি অভদ্ৰ, নিষ্ঠুৰ ল’ৰাবিলাক৷ এইপিনে কিবা কামত চহৰলৈ অহা বাছখন পালো বুলিহে৷
নহলে আমাৰ আজি কি দশা হ’লহেতেন?
মোৰ কথাত বন্ধুজনে কেৱল
শুকান হাঁহি এটা মাৰিলে৷