At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Tuesday 29 October 2013

লেট্ৰিনপটৰ শৰণ



লেট্ৰিনপটৰ শৰণ

এতিয়াৰ কথা নাজানো, আমি পঢ়াৰ সময়ত কটন কলেজৰ চাৰিটা হোষ্টেলৰ ( ১ম, ২য়, ৩য় আৰু মুছলিম ছাত্ৰাৱাস৷ এতিয়া নামবোৰ সলনি হ’ল) বাবে একেলগে এঠাইত শাৰী শাৰীকৈ শৌচাগাৰৰ ব্যৱস্থা আছিল৷ গা-ধুবলৈ হোষ্টেলে হোষ্টেলে ডাঙৰ চৌবাচ্চা আছিল আৰু খোলা ঠাইতে গা ধুইছিলো৷ গা ধোৱা কামটো ভালে ভালে চলি যায়৷ শৌচাগাৰলৈ যোৱাটোহে এটা মূৰৰ কামোৰণি যেন আছিল৷ প্ৰথম কথা, শৌচাগাৰলৈ যাবলৈ হ’লে হাতত এটা পাত্ৰ লৈ যাব লাগে, যাক কোৱা হৈছিল “লেট্ৰিনপট” বুলি৷ সেইসময়ত সেই বিশেষ কামৰ বাবে ­­­­­খালী আমূল পাউদাৰৰ টিং একোটা হোষ্টেলৰ প্ৰতিটো কোঠাতে ৰখাৰ ব্যৱস্থা আছিল৷ কিন্তু দৰকাৰৰ সময়ত টিং বিচাৰি পোৱাটো এটা সমস্যা আছিল৷ কেতিয়াবা বিভিন্ন কাৰণত বেলেগ কোঠাৰ ছাত্ৰ আহি “লেট্ৰিনপট’টো লৈ যায় ঠিকেই কিন্তু কাম শেষ হোৱাৰ পাছত ঘূৰাই দিবলৈ পাহৰি যায়৷ গতিকে কোনো কোনো কোঠাত কেতিয়াবা তিনি-চাৰিটা লেট্ৰিনপট জমা হয়গৈ কিন্তু কোনোবা কোঠাত এটাও নৰয়গৈ৷ গতিকে প্ৰথম ডাঙৰটো কাম হ’ল লেট্ৰিনপট বিচৰা৷ তাৰপাছত পানীৰেপূৰ্ণ লেট্ৰিনপট হাতত লৈ খালী শৌচাগাৰ বিচাৰি ফুৰিব লাগে৷ ৰাতিপুৱাৰ ভিৰৰ সময়ত খালী শৌচাগাৰ বিচাৰি পোৱাটোও এটা পৰম সৌভাগ্যৰ কথা যেনেই আছিল৷ সেই সময়তে আন আন ছাত্ৰাবাসৰ ছাত্ৰসকলৰ লগতো দেখা-সাক্ষাত্ হৈ যায়৷ হাতত লেট্ৰিনপট লৈ শৌচাগাৰ খালী হ’বলৈ অপেক্ষা কৰি থকা অৱস্থাতে দুই-এষাৰ কথা-বতৰাও হৈ যায়৷

কিন্তু অতি বিপদ হয় কলেজ চলি থকা সময়ত যদি কাৰোবাৰ সেই কাম ফেৰা কৰিবলগীয়া অৱস্থা হয় আৰু নিজৰ কোঠাৰ লেট্ৰিনপটটো যদি গায়ব হৈ থকা বুলি গম পোৱা যায়৷ তেতিয়া বেলেগ কোঠাবোৰো বন্ধ হৈ থাকে৷ গতিকে বলিয়াৰ দৰে বিচাৰি ফুৰিবলগা হয় কাৰোবাৰ কোঠা খোলা আছে নেকি আৰু তাত লেট্ৰিন পট আছে নেকি চাবলৈ৷সেইকাৰণেই হয়তো লেট্ৰিনপটক ইমান গুৰুত্ব দিয়া হৈছিল আমি হোষ্টেলত থকা দিনবোৰত ৷ 

হোষ্টেললৈ নতুনকৈ অহা ছাত্ৰসকলৰ লগত চা-চিনাকি হোৱাৰ পৰম্পৰাটো আমি পঢ়া সময়তো আছিল৷ অৱশ্যে কোনো শাৰীৰিক নিৰ্যাতন চলোৱা ৰেগিং আদি নাছিল৷ সেই চা-চিনাকি হোৱাৰ প্ৰক্ৰিয়াটোৰ এটা অপৰিহাৰ্য অংগ আছিল “লেট্ৰিনপটৰ শৰণ” নামৰ এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান৷ ৰাতি এঘাৰ-বাৰমান বজাতহে সেই মহান অনুষ্ঠানটি সম্পাদিত হৈছিল৷ এটা লেট্ৰিনপটত পানী ভৰোৱা থাকে৷ নবাগত সকলে উদং গাৰে , গামোচা পিন্ধি শাৰী পাতি থিয় হ’ব লাগে৷ তাৰপাছত এজন এজনকৈ শৰণ ল’ব লাগে৷ শৰণ লোৱাৰ সময়ত লেট্ৰিনপটটোৰ আগত সাষ্টাঙ্গে প্ৰণিপাত জনাব লাগে আৰু জ্যেষ্ঠসকলে আঁওৰাবলৈ দিয়া কিছুমান অদ্ভুত মন্ত্ৰ আঁওৰাই থাকিব লাগে৷ সেই সময়চোৱাত লেট্ৰিনপটৰ পৰা এচলু এচলু পানী শৰণ লোৱা জনৰ মূৰত বাকি দি থকা হয়৷ মন্ত্ৰ আঁওৰাই শেষ হ’লে শৰণ লোৱাও শেষ হয়৷

হোষ্টেললৈ পলমকৈ অহা, আমাৰ লগৰ এজনক এবাৰ ৰাতি তেনেদৰে অকলে শৰণ দি থকা সময়তে হোষ্টেল পৰিদৰ্শন কৰিবলৈ আহে আমাৰ হোষ্টেল অধীক্ষক মহোদয়৷ তেখেত অহা বুলি কেনেবাকৈ গম পাই সকলো পলাই পত্ৰং দিলে৷ কোঠাত বাকী ৰ’ল দুজনমান সাহসী চিনিয়ৰ আৰু বেচেৰা বন্ধুজন৷ খালী গা, পিন্ধনত কেৱল গামোচাখন৷ সম্মুখত পানীৰে ভৰা লেট্ৰিনপট৷  অধীক্ষক মহোদয়ে কোঠাত সোমাই সন্দেহপূৰ্ণ ভাবে চাৰেওফালে চালে৷ চিনিয়ৰ কেইজন অতি শান্ত-শিষ্ট ভাবে বহি আছিল৷  তেখেতে হাতযোৰ কৰি থিয় হৈ থকা আমাৰ লগৰীয়াজনৰ পিনে চাই আচৰিত হৈ সুধিলে,

: ইমান ৰাতি কি কৰিছা তুমি ইয়াত? আৰু খালী গা কিয়?

বেচেৰা বন্ধুজনে, নাই চাৰ মানে চাৰ বুলি কিবা আবোল-তাবোল বকিলে৷ অধীক্ষক মহোদয়ে হয়তো কিবা বুজি পালে৷ তাৰপাছত মুখত কৌতুকভৰা মিচিকিয়া হাঁহি এটা লৈ ওলাই গুছি গ’ল৷

লেট্ৰিনপটৰ শৰণ নামৰ সেই অনুষ্ঠানটোও আমাৰ মনত যুগমীয়া হৈ ৰ’ল, লগতে সেই সহজ-সৰল বন্ধুজন৷

No comments:

Post a Comment