At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday 21 October 2013

ভুল কাৰ?



ভুল কাৰ?
২০০৬ চনৰ জুলাই মাহমানৰ কথা ৷ জালুকবাৰীত থাকোঁ তেতিয়া, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত ৷ এদিন আবেলি জৰুৰী ফোন এটা পালোঁ, দৌলাশালত থকা অসম আৰক্ষী বেটেলিয়নৰ পৰা ৷ মোৰ ভাইবোৱাৰী এগৰাকীয়ে তেতিয়া তাতে কাম কৰিছিল ৷ মাত্ৰ এদিন আগতে শ্ৰীমতীক লৈ গৈছিল, তাতে দুদিনমান ৰাখিবলৈ বুলি ৷ হঠাতে শ্ৰীমতীৰ গা বেয়া হোৱাত মোলৈ ফোন আহিল ৷ তেতিয়া মই কলেজতে আছোঁ ৷ বেগা-বেগিকৈ ঘৰলৈ আহি গাড়ীখন লৈ ওলালোঁ দৌলাশাললৈ বুলি ৷ তেতিয়া আবেলি চাৰিমান বাজিছে ৷ 

আবেলি সেইখিনি সময়ত বৰ ভিৰ হয় ৷ এনেও বেয়া খবৰটো পাই মনটো উগুল-থুগুল লাগি আছিল ৷ যিমান পাৰো নিজক নিয়ন্ত্ৰণ কৰি, অতি ধৈৰ্যেৰে গাড়ী চলাই প্ৰায় দহমিনিটমান পাছত শৰাইঘাটৰ দলংখন পাওঁ পাওঁ হ’লো ৷ দলঙলৈ প্ৰায় এশমিটাৰমান আছিল বোধকৰো ৷ তেনেতে সম্মুখীন হ’লো আৰক্ষীৰ দল এটাৰ ৷ কোনোবা এজন বিষয়াৰ তত্বাৱধানত তেওঁলোকে এখন এখনকৈ গাড়ীবোৰ ৰখাই পৰীক্ষা কৰি আছে ৷ মোকো ৰখাবলৈ ইঙ্গিত দিলে ৷ অলপ বিৰক্তিৰ ভাবেৰে গাড়ীখন ৰখাই বাওঁফালৰ খিৰিকিৰ আইনাখন নমাই দিলো ৷ বিষয়াগৰাকীয়ে ভিতৰলৈ জুমি চাই মোক দেখিয়েই কৈ উঠিল,

“অ’ চাৰ, নমস্কাৰ ৷ আপোনাক চিনি পাইছো ৷ আজিকালি ক’ত আছে ?”

মই হ’লে তেখেতক চিনি নাপালোঁ ৷ কিন্তু মিচিকিয়া হাঁহি এটা মাৰি উত্তৰ দিলো,

“জালুকবাৰীত আছোঁ ৷”
“ক’লৈ যায়?”
“দৌলাশালৰ বেটেলিয়নলৈ গৈ আছো ৷” মইও উত্তৰ দিলো ৷
“ভাল চাৰ, যাওক ৷” বুলি কৈ মোক বিদায় দিলে বিষয়াজনে ৷ মইও নিজ বাট ল’লো ৷

গোটেই ঘটনাটোত মই বৰ ৰস পালো ৷ বিষয়াজনেনো মোক কোন বুলি ভাবিলে ধৰিব নোৱাৰিলোঁ ৷ আৰু মইও আচলতে একো মিছা কথা কোৱাও নহল ৷ 

পিছে “অশ্বত্থামা হত কিন্তু ইতি গজ”ৰ নিচিনা হ’ল নেকি কথাটো সেইটোহে বুজি নাপালো ৷

No comments:

Post a Comment