ৰসিক পুলিচ..
ভালেমানদিন আগৰ কথা৷ বিশেষ কামত তেজপুৰলৈ গৈছিলো৷ আবেলি তেজপুৰৰ পৰা গাড়ীৰে গুৱাহাটীলৈ আহি আছো৷ কলীয়া ভোমোৰা দলং
পাৰ হওঁতেই আন্ধাৰ হ’ল৷ গাড়ী নিজে চলাওঁ৷ কাষত মোৰ নবছৰীয়া ল’ৰাটো৷ পিছৰ চীটত দুজন
বন্ধু৷ বাৰে-বিংকৰা কথা পাতি পাতি আহি থাকোঁতে কেতিয়া নগাঁও পাবৰ হ’ল গমেই নাপালো৷
পুৰণিগুদাম পাৰ হৈ নগাঁও পোৱাৰ আগতে এঠাইত আৰক্ষীৰ চেকপোষ্ট এটা পালোঁহি৷ আমাক ৰ’বলৈ
ঈঙ্গিত দিলে৷ গাড়ীখন ৰখাই বাওঁফালৰ খিৰিকিৰ গ্লাচখন নমাই দিলো৷ তেতিয়া চাৰিওফালে আন্ধাৰ৷
গাড়ীৰ ভিতৰৰ লাইটটো জ্বলাই দিলো৷ কৰ্তব্যৰত আৰক্ষী এজন ওচৰ চাপি আহিল৷ খিৰিকিৰে জুমি
ভিতৰখন চালে৷ তাৰপাছত অলপ ভয় ভয় কৰি মোৰ কাষত বহি থকা মোৰ সৰু ল’ৰাটোলৈ চালে৷ আমিও
তেওঁলৈ চাই থাকিলো৷
তাৰপাছত সকলোকে আচৰিত কৰি মোৰ সৰু ল’ৰাটোক উদ্দেশ্য কৰি আৰক্ষীজনে
ক’লে,
“অ’ , আমি ইমান দিনৰ পৰা যিটো ল’ৰা বিচাৰি আছিলো সেই ল’ৰাটো
দেখোন এইটো৷ ব’লা ভাইটি থানালৈ ব’লা৷”
মোৰ ল’ৰাটোৱে থতমত খালে৷ কি ক’ব কি নক’ব ভাবি নাপালে৷ আৰক্ষীজনৰ পিনে ভেবা
লাগি চাই থাকিল৷ মুখেৰে কেৱল “উহঁ, আঁহ, কি?” আদি দুটামান শব্দ ওলাল৷
হাঁহি ৰখাব নোৱাৰি মই সশব্দে হাঁহি দিলো৷
আৰক্ষীজনেও মিচিকিয়াই হাঁহিলে৷
“ভাইটি ক’ৰ পৰা আহিলা?” তেওঁ সুধিলে৷
“তেজপুৰ,” মোৰ ল’ৰাটোৱে ভয়তে সেহাই সেহাই উত্তৰ দিলে৷
“ক’লৈ যাবা?”
“গুৱাহাটী,” ল’ৰাটোৱে অলপ সাহস পাই উত্তৰ দিলে৷
“যাবা দেই ভাইটি,” বুলি আৰক্ষীজনে আমাক বিদায় দিলে৷
দিনে-ৰাতিয়ে চোৰ-ডকাইত, পকেটমাৰ, উগ্ৰপন্থী আদিৰ পিছত লাগি
থকা, জাৰকালি নিশা পথৰ দাঁতিত থিয় হৈ এখনৰ পাছত এখনকৈ গাড়ী ৰখাই পৰীক্ষা কৰি থকা আৰক্ষী
এজনৰোযে ৰসবোধ একেই থাকিব পাৰে কথাটো আকৌ ভালদৰে উপলব্ধি হ’ল৷
কিয়জানো মানুহজন আপোন আপোন লাগি গ’ল৷
No comments:
Post a Comment