১৯৬৪ চনৰ কথা৷ তেতিয়া আমি নগাঁৱৰ ওচৰৰ শেনচোৱা নামৰ ঠাই এখনত থাকোঁ৷ দেউতা তাৰে চৰকাৰী ৰেচম পামৰ অধীক্ষক আছিল৷ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লগা পামখন৷ তাৰ পৰা অলপ দূৰ নগাঁও চহৰৰ পিনে আগুৱাই গ'লেই ৰেলআলিটো পাৰ হোৱা লেভেল ক্ৰচিংটো৷ সেইটো পোৱাৰ আগতে, ৰাস্তাৰ সোঁফালে আছিল এখন প্ৰাথমিক বিদ্যালয়৷ আলিটাঙনি নিম্ন বুনিয়াদী বিদ্যালয়৷ দুয়োজন দাদা সেইখন স্কুললৈকে যায়৷ লগতে মোকো লৈ যায় মাজে মাজে৷ জানুৱাৰী মাহ পৰাৰ লগে লগে মোকো ক-শ্ৰেণীত নাম লগাই দিয়া হ'ল৷ ডাঙৰজন দাদা গ'ল বেবেজীয়া হাইস্কুললৈ৷
মই দ্বিতীয় শ্ৰেণীত পঢ়া সৰুদাদাৰ লগতে স্কুললৈ যাবলৈ ল'লো৷ হাতত ঢাৰি বা কঠ একোখন লৈ যাব লাগে৷ তাকে পাৰি বহিব লাগে৷ স্কুলখনৰ চাৰিওফালৰ বেৰকেইখন মাত্ৰ আছিল৷ মাজত কোনো বেৰ নাছিল৷ গোটেই স্কুলখন এটা কোঠাৰ নিচিনাই আছিল৷ সৰুদাদাৰ শ্ৰেণী আৰু আমাৰ শ্ৰেণীৰ শিক্ষয়িত্ৰী একেগৰাকীয়েই৷ মাজতে ব্লেকবোৰ্ডখন ৷ সিপাৰে দাদাহঁতৰ শ্ৰেণী, ইপাৰে আমাৰ৷ বোৰ্ডখনৰ সিটো ফালে দাদাহঁতৰ পাঠবোৰ লিখে আৰু আমাক পঢ়ুৱাবলৈ ব্যৱহাৰ কৰা হয় বোৰ্ডখনৰ আমাৰ ফালে থকা ফালটো৷ মুঠতে আমি সকলোৱে সকলোকে দেখি থাকোঁ৷ কোনোবাই চেকনিৰ কোব খালে গোটেই স্কুলখনেই দেখা পায়৷
স্কুললৈ যোৱা দুদিনমান হোৱাৰ পাছত ঘৰত ডাঙৰ দাদাই সুধিলে, "তোৰ ক্ৰমিক নম্বৰ কিমান?"
"কি ক্ৰমিক নম্বৰ?" মই একো বুজি নাপাই সুধিলো৷
" মানে ৰোল নম্বৰ৷ তোক কেই নম্বৰত মাতে হাজিৰা কৰোঁতে? সেই নম্বৰটোৱেই তোৰ ক্ৰমিক নম্বৰ বা ৰোল নম্বৰ," দাদাই মোক ভালদৰে বুজাই দিলে৷
" মই নাজানো, কালিলৈ চাম গণি গণি৷ তাৰপাছত আহি তোক কম," মই যথেষ্ট আগ্ৰহেৰে ক'লো৷ মোৰো এটা নম্বৰ আছে, কথাটো ভাবি ভাল লাগিল৷
পিছদিনা স্কুললৈ যথেষ্ট উৎসাহেৰে গ'লো৷ প্ৰৰ্থনাৰ পিছতে প্ৰথম পিৰিয়ড আৰম্ভ হ'ল৷ বাইদেৱে হাজিৰা কৰিবলৈ বহীটো উলিয়াই ল'লে৷ মইও সাজু হ'লো মোৰ ক্ৰমিক নম্বৰ হিচাব কৰিবলৈ৷
বাইদেৱে প্ৰথম নামটো মাতিলে, ল'ৰা এজন থিয় হৈ ক'লে, "উপস্থিত", মই আঙুলিত গণিলো, এক৷
বাইদেৱে দ্বিতীয় নাম এটা মাতিলে, কোনোবা এজন থিয় হৈ ক'লে, "উপস্থিত", মই গণিলো, দুই৷
তেনেদৰে বাইদেৱে এটা এটাকৈ নাম মাতি থাকিল, মইও গণি থাকিলো, তিনি, চাৰি, পাঁচ, ছয়, সাত, আঠ, ন, দহ, এঘাৰ ৷
এইবাৰ বাইদেৱে মাতিলে, "বাসন্তী", বাসন্তী নামৰ ছোৱালীজনীয়ে থিয় দি ক'লে, "উপস্থিত", মইও গণিলো, "বাৰ৷"
তাৰপাছতে হঠাতে ভাঁহি আহিল মোৰ নামটো বাইদেউৰ মুখৰ পৰা, "মাখন৷"
মইও ততালিকে থিয় হৈ চিঞৰি ক'লো, "তেৰ৷"
বাইদেউ ৰৈ গ'ল৷ মোৰ ফালে আচৰিত হৈ চালে৷ শ্ৰেণীৰ গোটেই ল'ৰা-ছোৱালীবোৰে গিৰ্জনি মাৰি হাঁহি দিলে৷ লগতে সম্মুখৰ শ্ৰেণীত বহি থকা দাদাহঁতৰ শ্ৰেণীৰ বোৰেও হাঁহিত যোগ দিলে৷ তাকে দেখি বাকী শ্ৰেণীৰ ল'ৰা-ছোৱালীবোৰেও মোৰ ফালে চাবলৈ ধৰিলে উৎসুকহৈ৷ মোৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ৷ মই নিজৰ ঠাইত বহি দুই হাতেৰে মুখখন ঢাকি তলমূৰকৈ বহি ৰ'লো ভালেমান পৰ৷ শ্ৰেণীত কি শিকালে একো মনত নাথাকিল৷
বাৰে বাৰে কেৱল মনলৈ আহি থাকিল, তেৰ তেৰ তেৰ৷

No comments:
Post a Comment