“খন্তীয়া ত”ৰ খজুৱতি
প্ৰথম স্কুললৈ যাবলৈ আৰম্ভ কৰিছো৷ নগাঁৱৰ ওচৰৰ শেনচোৱাৰ আলিটাঙনি নিম্ন বুদিয়াদী
বিদ্যালয়লৈ৷ আমি থাকোঁ শেনচোৱাৰ চৰকাৰী ৰেচম পামত৷ স্কুললৈ বেছি দূৰ নহয়৷ খোজ কাঢ়ি
কাঢ়ি যাওঁ৷ পানীখোৱা ছুটিৰ সময়ত ওচৰৰে ক্ষিতীশৰ দোকানৰ পৰা পাঁচ পইচাৰ শুকান বুট কিনি
খাওঁ৷ পাঁচ পইচাৰ বুট খাই শেষ কৰিব নোৱাৰি৷ সেয়া ১৯৬৪ চনৰ কথা৷
আমাৰ ক শ্ৰেণী আৰু মোৰ সৰু দাদাৰ দ্বিতীয় শ্ৰেণীৰ শিক্ষয়িত্ৰী একেগৰাকীয়েই৷
দুয়োটা শ্ৰেণী তেখেতেই চম্ভালে৷ তেখেতৰ গিৰিয়েকে আমি থকা ৰেচম পামখনতে কাম কৰে আৰু
থাকে ৰেচম পামতেই৷ গতিকে তেখেতৰ লগত আমাৰ ঘৰুৱা সম্বন্ধ৷ প্ৰায়েই তেখেতসকলৰ ঘৰলৈ যাওঁ৷
বাইদেৱে বৰ মৰম কৰে৷ বিশেষকৈ স্কুললৈ যোৱাৰ সময়ত গৈ প্ৰায়েই হাজিৰ হওঁ৷ তেখেতে গৰম
গাখীৰত মুড়ি তিয়াই খাবলৈ দিয়ে৷ কাণৰ কাষত মুড়িৰ বাতিটো ল’লে ফট্ ফট্ শব্দ শুনিবলৈ পোৱা
যায়, তাকে শুনি বৰ ভাল পাওঁ৷
ক শ্ৰেণীত বেছি দিন হোৱা নাই৷ স্বৰবৰ্ণ শেষ হোৱাৰ পাছত বাইদেৱে ব্যঞ্জনবৰ্ণ
শিকাবলৈ লৈছে৷ এদিন বাইদেৱে ক’লে,
“আজি এটা এটাকৈ সকলোকে মাতি বোৰ্ডত আখৰ লিখিবলৈ দিম৷ নোৱাৰিলে মাৰ খাবি৷”
প্ৰথমে এজনক মাতিলে আৰু কিবা এটা লিখিবলৈ দিলে৷ তাৰপাছত আৰু এজন৷ এজন এজনকৈ
মাতি আছে আৰু এটা এটাকৈ আখৰ লিখিবলৈ দি আছে: ঙ, ট, ঋ, ঞ ইত্যাদি৷ যিবোৰে লিখিব নোৱাৰে,
পিঠিত একোব, দুকোব পাই গৈ আছে৷ আমাৰো বুকুৰ ধপধপনি বাঢ়ি গৈ আছে৷
এটা সময়ত মোৰ নাম মাতিলে৷ মই উঠি বোৰ্ডৰ কাষ পালোঁগৈ৷ ইতিমধ্যে প্ৰায়বোৰ আখৰ
বেলেগৰ ভাগত পৰি শেষ হৈছিল৷ মোৰ ভাগত বা এতিয়া কি পৰে, ভাবি ভয় লাগিবলৈ ধৰিলে৷
বাইদেৱে ক’লে,
“লিখা, খন্তীয়া ত”
মোৰ মূৰত আকাশী সৰগ ভাগি পৰিল৷ হে হৰি, এতিয়া কি কৰোঁ৷ কেনেকুৱা বা আছিল এই
খন্তীয়া ত টো৷ নামটো এবাৰ নে দুবাৰ শুনিছিলো৷ তাৰ চেহেৰাটোহে দেখোন এতিয়া মনত নপৰে৷
ইফালে বাইদেউৰ লগতে সকলোৱে মোৰ ফালে চাই আছে৷ মই কি কৰো কি নকৰো একো ঠাৱৰ কৰিব নোৱাৰি
অলপ পৰ ৰ’লো৷ তাৰপাছত পিঠিখন খজুৱাবলৈ ধৰিলো৷ প্ৰথমতে লাহে লাহে, তাৰপাছত অলপ খৰকৈ, যেন বিছাইহে ডাকিলে৷
মোৰ অভিনয় দেখি বাইদেৱে
বুজি পালে৷ মিচিকিয়া হাঁহি মাৰি ক’লে,
“অ’ চাওঁ , তোমাক বিছাই ডাকিলে নেকি? বিৰাট খজুৱাইছে? আঁহা, মই খজুৱাই দিওঁ৷”
মইও সাহস পাই বাইদেউৰ ওচৰলৈ গৈ পিঠিখন উলিয়াই দিলো৷ বাইদেৱে অলপ খজুৱাই দিলে৷
তেনে কৰোঁতে মোক যে পিঠিত একোব দিবলগীয়া আছিল কথাটো বাইদেৱে পাহৰি গ'ল৷ তাৰপাছত নিজৰ ঠাইত গৈ বহিবলৈ ক’লে৷ পিছে বুজা সকলে সকলো বুজিলে৷
আজিও পিঠিৰ খজুৱতি উঠিলে বাউদেউৰ কথা মনত পৰে৷
No comments:
Post a Comment