মাটিত লগা ওঁঠ..
আন ঠাইৰ বিষয়ে নাজানো, কিন্তু বৰপেটাৰ মানুহৰ এটা বিশেষ স্বভাৱ লক্ষ্য কৰিছিলো
মানুহৰ চেহেৰা আদিক লৈ ৰসিকতা কৰাৰ৷ হয়তো নিৰ্দোষ ধেমালি বুলিও ক’ব পাৰি৷ বহুসময়ত মানুহৰ
উপনাম আদিও প্ৰচলিত হৈ যায় তাৰ আলমতেই৷ লেংৰা, নাককাটা, মাদা, ক’লা, বগা আদি উপনামৰ
সৈতে বৰপেটাৰ মানুহবোৰ পৰিচিত হৈ পৰে সহজে৷
সৰুৰে পৰা মোৰ চেহেৰা আৰু অবয়বক লৈ নানা ধৰণৰ মন্তব্য শুনিবলৈ পাইছিলো৷ মোৰ
বিয়াগোম চেপেটা নাকটোৰ কাৰণেই বেছিভাগ উপনাম মই পাইছিলো৷ কিছুমানে মাতিছিল মোক “কাচেৰী”
(কছাৰী) বুলি, কিছুমানে মাতিছিল “খাচীয়া” বুলি৷ দেখাত শকত বাবে “মাদা” নামটোও পাইছিলো৷
চুটি-চাপৰ আছিলো বাবে কিছুমানে মাতিছিল “গাইথা” বুলি৷ বহল নাকটোৰ বাবে মোক মোমাইদেউৰ
ফালৰ আবুৱে নাম দিছিল “চতল নাকা” (চোতালৰ সমান বহল নাক) আৰু “তিন হাল গৰু সুমে যাৱা”
(নাকেৰে তিনি হাল গৰু সোমাই যোৱা)৷ সেই নামবোৰে মোৰ কুমলীয়া মনত অলপ হ’লেও হীনমন্যতাৰ
সৃষ্টি নিশ্চয় কৰিছিল৷ নিজকে মই কুন্ধচ বুলি মানি লৈছিলো আৰু খোলাকৈ হাঁহিবলৈও সংকোচ
কৰিছিলো, হাঁহিলে আৰু বেয়া দেখিব বুলি৷ পাছলৈ অৱশ্যে সেই নামবোৰ সহজভাবে লবলৈ শিকিছিলো৷
আনকি মোৰ অতি ৰসিক শহুৰেও প্ৰায়ে ধেমালি কৰি কৈছিল, “তই ৰুমত বেছি সময় নাথাকিবি, থাকিলে
গোটেই অক্সিজেন শেষ হৈ যাব৷” মোৰ ডাঙৰ নাকটোৰে একেলগে উশাহত গোটেই অক্সিজেন টানি লওঁ
বুলি তেখেতে ধেমালি কৰিছিল৷
এনেবোৰ কথা মনলৈ আনিলে মনত পৰে কটন কলেজত পঢ়া সময়ৰ কথা এটা৷ প্ৰথম কলেজলৈ আহিয়েই
কিবা কাৰণত ফটো এখন উঠিব লগা হ’ল৷ ফটোখন এটেষ্ট কৰিবলৈ আমাৰ আবাসৰ অধীক্ষক স্বৰ্গীয়
বাপুকৃষ্ণ চৌধুৰী চাৰৰ ওচৰ পালোঁগৈ৷ তেখেতো বৰপেটাৰ লোক আছিল৷ যথেষ্ট ৰসিক মানুহ আৰু
মন্তব্য কৰাত যথেষ্ট সুনাম আছিল তেখেতৰ৷ মোৰ ফটোখনলৈ চাই তেখেতে মন্তব্য কৰিলে,
“তলৰ ওঁঠটো দেখোন মাটিত লাগিছে৷”
তেখেতে চহী কৰাৰ পাছত মই মোৰ ফটোখন ভালদৰে চালো৷ হয়, মোৰ তলৰ ওঁঠটো যথেষ্ট
ডাঙৰ৷ চাৰে কথাটো ঠিকেই মন কৰিলে আৰু অতি খাপখোৱা মন্তব্যই কৰিলে৷ কথাটোত মই বৰ ৰস
পালোঁ, মন্তব্যটোত চাৰৰ মৰম মিহলি হৈ থকা যেন লাগিল৷ চাৰৰ কথা মনত পৰিলে আজিও সেই মন্তব্যটোলৈ
মনত পৰে৷
ফটোখন এতিয়াও আছে৷ ফটোখনলৈ চালে আজিও চাৰলৈ মনত পৰে আৰু তলৰ ওঁঠটো এবাৰ স্পৰ্শ
কৰি চাওঁ৷
No comments:
Post a Comment