At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday 12 October 2013

উল্লোপো উল্লোপো

উল্লোপো উল্লোপো..

১৯৮৭ চনৰ জুলাই মাহৰ কথা৷ চেন্নাইত প্ৰথমবাৰৰ বাবে ভৰি দি মনটো  ভালেই লাগিল৷ আই. আই. টি., মাদ্ৰাজ ত এম. টেক কৰিবলৈ আহিছো সুদূৰ অসমৰ পৰা ৷ বেমাৰত পৰি হস্পিটেলত থাকিবলগীয়া হোৱা বাবে এসপ্তাহ পলমকৈ আহিছো বিশেষ অনুমতি লৈ৷ শৰীৰ দুৰ্বল বাবে মোক আগবঢ়াই থবলৈ আহিছে মোৰ খুৰশালি প্ৰশান্ত৷ সৰুৰে পৰা বাহিৰত পঢ়া সি৷ গতিকে তাৰেই সাহসত ওলাই আহিছো৷

স্টেচনৰ পৰা আদায়াৰত থকা আই. আই. টি. লৈ কেনেদৰে যাব লাগে সকলো বুজাই দিছিল গুৱাহাটীতে, প্ৰদ্যুৎ কুমাৰ গোস্বামীচাৰে৷গতিকে বিশেষ অসুবিধা নহ'ল৷ পলমকৈ অহা বাবে পঞ্জীয়ণৰ কামটো সহজেহে হ'ল৷ কেইবাঠাইতো চহী ল'ব লাগে৷ মানুহক সুধি সুধি ঠাইবোৰ বিচাৰি লোৱাত অসুবিধা নহ'ল৷

মোৰ বিভাগৰ প্ৰায় সকলো এম. টেক. ছাত্ৰক একেটা হোস্টেলত ৰখা হৈছিল৷ মই পলমকৈ অহা বাবে মোক অলকানন্দা বুলি হোস্টেল এটা দিলে৷ চৌহদৰ একেবাৰে সিমূৰত অৱস্থিত৷ চেন্নাইৰ আই. আই. টি. খনৰ চৌহদটো বিয়াগোম৷ দৰাচলতে বন-জংঘলেৰে ভৰা এখন অভয়াৰণ্য, বিশেষভাবে হৰিণাৰ৷ চৌহদৰ ভিতৰত মুক্তমনে অবাধে বিচৰণ কৰি ফুৰে জাক-জাক হৰিণা৷ কোনেও একো অনিষ্ট নকৰে৷  মূল প্ৰৱেশদ্বাৰৰ পৰা প্ৰশাসনিক ভৱনলৈ যাবলৈকে বাছত উঠি যাব লাগে৷ কেইবাকিলোমিটাৰো হ'ব৷ তাৰ পৰা মোৰ হোস্টেললৈ আৰু ডেৰ কিলোমিটাৰমান হ'ব৷

হোস্টেলত ভৰ্তি হোৱাৰ সকলো আনুষ্ঠানিকতা পূৰণ কৰি, দুয়ো কিবা-কিবি অলপ খাই জিৰণি ল'লো কিছুসময়ৰ বাবে৷ তাৰপাছত আবেলি চাৰিটামান বজাত ফুৰিবলৈ বুলি ওলালোঁ৷ চৌহদৰ বাহিৰ ওলাই কোনফালে যাওঁ অলপ চিন্তা কৰি থিয় দি ৰ'লো দুয়ো৷ তাৰপাছত মানুহক সুধি বাছ এখনত বহি পৰিলো চেন্ট থমাচ মাউন্টৰ দিশলৈ বুলি৷ তেতিয়া সেইপিনে বেছি ভিৰ নাছিল৷ দুয়ো কোনো এঠাইত নামি পৰিলো৷ অলৌ-তলৌকৈ অলপ সময় খোজ-কাঢ়ি ফুৰিলো৷ সন্ধিয়া হৈ আহিল৷ নিশাৰ আহাৰ বাহিৰতে কৰোঁ বুলি ভাবি গিন্দি ইঞ্জিনিয়াৰিং কলেজৰ ওচৰৰে হোটেল এখনত সোমাই পৰিলো৷

ইতিমধ্যে আঠমান বাজিল৷ হোস্টেললৈ উভটিবৰ হ'ল৷ বাছৰ বাবে নৰৈ দুয়ো অট'ৰিক্সা এখনকে ল'বলৈ সিদ্ধান্ত ল'লোঁ৷ ৰৈ থকা অট' এখনৰ ওচৰলৈ গৈ ইংৰাজীতে সুধিলো আই. আই, টি. লৈ যাবনে বুলি৷
"আদায়াৰ আ?" অট' চালকজনে বিশেষ মাদ্ৰাজী সুৰেৰে সুধিলে৷
" ইয়েচ, আই. আই. টি.," আমি উত্তৰ দিলো৷
"উল্লোপো?" তেওঁ সুধিলে৷
আমি বুজিলো তেওঁ ইংৰাজী নকয়, হিন্দীও নকয়৷ তথাপি বুজাবলৈ চেষ্টা কৰি ক'লো,
"ইয়েচ, আদায়াৰ, আই. আই, টি."
" টুৱেন্টি  ৰুপিচ," তেওঁ ক'লে৷
আমিও বহি পৰিলো৷
কিছুসময় পাছত মূল প্ৰৱেশদ্বাৰ পাই আমি ভিতৰলৈ যাবলৈ ইঙ্গিত দিলো৷ তেওঁ আকৌ সুধিলে,
"উল্লোপো?"
আমি আকৌ ক'লো, " আই. আই. টি., অলকানন্দা হোস্টেল৷"
চালকজনে তামিলতে কিবা-কিবি বলকি চলাই গৈ থাকিল ভিতৰলৈ৷
প্ৰায় পোন্ধৰ মিনিটমান পাছত হোস্টেল পাই দুয়ো নামিলোঁ৷ মই  বিশটকা আগবঢ়াই দিলো অট'চালকজনলৈ৷ টকাখিনি হাতত লৈ গণি চাই তেওঁ ক'লে,
" টাৰ্টি ৰুপিচ, টাৰ্টি ৰুপিচ....উল্লোপো...."
"ন' টুৱেন্টি ৰুপিচ, " প্ৰতিবাদ কৰি মই ক'লো৷
" টাৰ্টি ৰুপিচ, টাৰ্টি ৰুপিচ....উল্লোপো...." চালকজনে জোৰদি ক'লে৷
আমি তৰ্ক কৰিবলৈ চেষ্টা কৰিও ভাষাৰ অসুবিধাৰ বাবে একো বুজাব নোৱাৰিলো৷ চলাকজনে তামিলেৰে কিবা-কিবি গালি-শপনি পৰা যেন লাগিল, কেৱল মাজে মাজে উল্লোপো উল্লোপো বুলি কোৱা শুনিলো৷ পৰিবেশটো অস্বস্তিকৰ হৈ পৰিল৷ আমি কি কৰোঁ কি নকৰোঁ ভাবি ইফালে-সিফালে চাই থাকোঁতে হোস্টেলৰ চিকিউৰিটি গাৰ্ডজন আগবাঢ়ি অহা দেখিলোঁ৷ তেওঁ আহি চালকজনক তামিলতে কিবা সুধিলে৷ চালকজনেও কিবা বুজাই দিলে৷ মাজে মাজে কেৱল উল্লোপো শব্দটো উল্লেখ কৰি থাকিল৷

চিকিউৰিটি গাৰ্ডজনে আমাক আৰু পাঁচটকা দিবলৈ ক'লে ৷ আমিও টকা পাঁচটা আগবঢ়াই দিলো৷ মুখেৰে কিবা-কিবি ভোৰভোৰাই টকা পাঁচটা লৈ চালকজন গ'লগৈ৷

গাৰ্ডজনে আমাক বুজাই দিলে, উল্লোপো মানে ভিতৰলৈকে অহা কথাটো বুজাই আছিল অট'চালকজনে৷ মূল প্ৰৱেশদ্বাৰতে আমাক নমাই দিয়া হ'লে বিশটকাতে হ'লহেতেন৷ চৌহদৰ ভিতৰলৈকে সোমাই অহা বাবে ত্ৰিশটকা বিচাৰিছিল৷

আমিও কথাটোত বেচ আমোদ পালো৷ দুয়ো হাঁহি হাঁহি কোঠালৈ বুলি খোজ ল'লো আৰু  চেন্নাইৰ প্ৰথমদিনটোৰ মধুৰ সোঁৱৰণি ৰূপে ৰৈ গ'ল উল্লোপো উল্লোপো৷


No comments:

Post a Comment