At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 30 October 2013

চেন্নাইৰ বাছৰ টিকট..

চেন্নাইৰ বাছৰ টিকট..

মাদ্ৰাজ আই আই টিত তামিল আৰু তেলুগু ছাত্ৰ-ছাত্ৰীয়েই বেছিকৈ পোৱা যায়৷ সেয়া আছিল ১৯৮৭ চনৰ কথা৷ তেতিয়া আই আই  টি আছিল মাত্ৰ পাঁচখন৷ খড়গপুৰ, কানপুৰ, দিল্লী, বোম্বাই আৰু মাদ্ৰাজ৷ সেইসময়ৰ কথাৰ লগত এতিয়াৰ কথা নিমিলিবও পাৰে৷ আমাৰ এম টেকৰ শ্ৰেণীত আছিলো মুঠতে ১৮ জন ছাত্ৰ-ছাত্ৰী৷ একমাত্ৰ ছাত্ৰী পদ্মশ্ৰী আছিল অন্ধ্ৰৰ৷ তামিল আছিল মাত্ৰ চাৰিজন৷ পদ্মশ্ৰীক ধৰি মুঠতে এঘাৰজন তেলুগু৷ বাকী থাকিলগৈ তিনিজন৷ তাৰে এজন কেৰালাৰ, মনু৷ আনজন পশ্চিম বঙ্গৰ, ৰমেশ পাণ্ডা৷ আৰু ওঠৰ নম্বৰজন মই ৷ অৰ্থাৎ কেৰালা, পশ্চিম বঙ্গ আৰু অসমৰ মাত্ৰ এজন এজন আছিলো৷ তামিলবোৰে তামিলত, তেলুগুবোৰে তেলুগুত কথা পাতি থাকে বেলেগ বেলগ গোট হৈ৷ আমি বিশেষ একো বুজি নাপাওঁ৷ গতিকে আমি সংখ্যালঘু তিনিজনৰ এটা বেলেগ গোট স্বাভাৱিকতেই গঢ় লৈ উঠিছিল৷ পশ্চিম বঙ্গ আৰু অসমৰ মাজত মিত্ৰতা অতি সহজে গঢ়ি উঠে বাহিৰত৷ কিন্তু বাধ্য হৈ বেচেৰা মালায়ালী মনু আহি আমাৰ গোটত চামিল হ'বলগীয়া হৈছিল৷

মনু, ৰমেশ পাণ্ডা আৰু মই, তিনিও এদিন বাছেৰে যাবলৈ ওলালোঁ, পেৰিজলৈ৷ বাছত যথেষ্ট ভিৰ৷ লৰচৰ কৰিব নোৱাৰি৷ কিন্ত মহিলাৰ বাবে সংৰক্ষিত আসন খালী থাকিলেও কোনো পুৰুষক তাত বহা নেদেখিলো৷
: আমাৰ তাত হ'ব লাগিছিল৷ বহিবলৈ হেতা-ওপৰা লাগিলহেতেন৷
ৰমেশে মন্তব্য কৰিলে৷

আমাৰ কাষতে খুটা এটাত আঁউজি সেই ভিৰৰ মাজতে থিয় দি থকা ল'ৰা এটাই একান্তমনে কিতাপ এখন পঢ়ি আছিল৷ সেইপিনে দেখুৱাই মই মন্তব্য কৰিলো,
: বাপৰে বাপ, তেখেতক চোৱা; পঢ়া-শুনাত কি ৰাপ৷ আমাৰ গুৱাহাটীত হ'লে মস্ত কবিৰাজ বুজি সকলোৱে জোকালেহেতেন৷

অলপ দূৰ গৈ,  বাছখন এঠাইত ৰখাই দিলে৷ কিবা ষ্টপেজ পালো নেকি চালো৷ নাই , জন-প্ৰাণী নথকা ঠাই এডোখৰতহে বাছখন ৰখাইছে, মানুহবোৰক টিকট কিনিবলৈ সময় দিবৰ বাবে৷ বেছি ভিৰ হ'লে তেনেদৰে মাজতে ৰখাই দিয়ে, যাতে সকলোৱে টিকট কিনিবলৈ সময় পায়৷ কণ্ডাক্টৰজনে তামিলেৰে কিবা ক'লে, হয়তো টিকট কিনিবলৈ৷ মানুহবোৰেও টিকট কিনিবলৈ ধৰিলে৷ আমি আছিলো মাজতে৷ কণ্ডাক্টৰ আছিল একেবাৰে আগত৷ ইফালে ভীষণ ভিৰ৷ পিছত থকা মানুহবোৰে টিকটৰ কিনিবলৈ আগলৈ আহিব নোৱাৰে বাবে সম্মুখত থকা এজনক নোট এখন দি  টিকট কিনি দিবলৈ কয়৷ সেই মানুহজনে তেওঁৰ আগত থকা আন এজনৰ হাতত নোটখন দিয়ে, তেনেদৰে নোটখন ৰিলে ৰেচৰ নিচিনাকৈ আগবাঢ়ি গৈ গৈ কন্ডাক্টৰৰ ওচৰ পায়৷ কণ্ডাক্টৰে টিকট দিয়ে আৰু লগতে ঘূৰাই পাব লগা পইচাখিনিও৷ সেই টিকট আৰু পইচা মানুহৰ হাত বাগৰি বাগৰি পিছত থকা মূল মানুহজনৰ হাত পায়গৈ৷ কিমানখন হাত বাগৰে হিচাব নকৰিলো৷ কিন্তু গোটেই প্ৰক্ৰিয়াটো অতি মনোযোগেৰে লক্ষ্য কৰি থকা মনুৱে হাঁহি হাঁহি মন্তব্য কৰিলে,

: দেখিছানে কাৰবাৰ? আমাৰ তাত হোৱা হ'লে নোটখন মাজতে কোনোবাই পকেটত ভৰাই থৈ একো নজনাৰ ভাও ধৰিলেহেতেন৷ ক'ৰ নোট ক'ত গ'লহেতেন!

কথাটোত ৰস পাই আমিও হাঁহিলো৷ তেনেকুৱা হোৱাৰ সম্ভাৱনা আমাৰ তাতো নথকা নহয়, মনতে ভাবিলো৷

: আমাৰ তাত আকৌ বেছি ভিৰ থাকিলে, কণ্ডাক্টৰজন আগফালে থাকিলে আমি পিছফালৰ দুৱাৰেদি উঠো আৰু কণ্ডাক্টৰ লাহে লাহে পিছলৈ আহিব ধৰিলে আমি পিছৰ ষ্টপেজত নামি আকৌ আগ দুৱাৰেদি উঠো৷ মুঠতে আমাক কোনোপধ্যেই ঢুকি নাপায় সহজে৷
ৰমেশে পশ্চিম বঙ্গৰ ডেকাসকলৰ বীৰত্বৰ কথা বখানি ক'লে৷

নিজৰ নিজৰ ঠাইৰ গুণ বখানি থাকোঁতে কেতিয়া গৈ পেৰিজ পালো ক'বই নোৱাৰিলো৷

বিচিত্ৰ এই দেশ৷ বিচিত্ৰ ইয়াৰ লোক৷ 





No comments:

Post a Comment