At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 25 October 2013

অপমান কাৰ?



অপমান কাৰ?

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি থকা সময়ৰ কথা৷ কলেজৰ কিবা এটা কামত অধ্যাপক দুগৰাকীমান কোনো এটা বিভাগৰ এজন বিষয়াৰ ওচৰলৈ গৈছিল৷ বিষয়াগৰাকী মোৰ একে ঠাইৰ বুলি জানিব পাৰি অধ্যাপক এগৰাকীয়ে মোৰ নামটো উল্লেখ কৰিছিল৷ বিষয়াগৰাকীয়ে মোক চিনি পাওঁ বুলি কৈ মোৰ বিষয়ে ভাল মন্তব্য কৰিলে, খুব প্ৰশংসা কৰিলে৷ 

তেওঁ মোক চিনি নোপোৱাৰ প্ৰশ্নই নুঠে৷ চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আমি একেলগে পঢ়া৷ একেলগে খেলা, একেলগে উঠা-বহা কৰা৷ অষ্টম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাৰ পাছত, বিশেষ কাৰণত তেওঁ বেলেগ এখন স্কুলত গৈ নৱম শ্ৰেণীত নাম লগাই লোৱাৰ পাছত অৱশ্যে বেছি দেখা-সাক্ষাৎ নোহোৱা হৈছিল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি মই গুৱাহাটীলৈ গুচি অহাৰ পাছত দুবাৰমান লগ পাইছিলো৷ কথা-বতৰা পাতিছিলো৷ তেওঁ চৰকাৰী চাকৰি এটাত মকৰল হোৱা কথাটো বেলেগৰ মুখত শুনিছিলো৷ ভাল লাগিছিল শুনি৷

অধ্যাপকজনে অতি উৎসাহেৰে মোক ক’লেহি, 
“তেখেত আপোনাৰ অতি চিনাকী, বাল্যবন্ধু, আপুনি ফোন এটা কৰি নিদিয়ে কিয়? আপোনাক চিনি পায় বুলি কৈছে৷ মই ফোন নম্বৰ লৈ আহিছো৷”

মই সচৰাচৰ কোনো কামৰ বাবে কাকো ফোন নকৰোঁ, অনুৰোধ কৰিব নাজানো৷ ডাঙৰ মানুহৰ লগত অৱশ্যে চিনাকীও নাই৷ তথাপি ভাবিলো, ইমানদিনৰ মূৰত পুৰণি বন্ধু এজনৰ লগত কথা হ’ব৷ ভালেই লাগিব৷ মোৰ ব্যক্তিগত কামতো নহয়, কলেজৰ সমূহীয়া কামৰ বাবেহে অনুৰোধ কৰিম৷ গতিকে আপত্তি কিহৰ?

তেতিয়া ম’বাইল ফোনৰ প্ৰচলন হোৱা নাছিল৷ সকলোৰে ঘৰত ফোনও নাছিল৷ অধ্যাপকজনৰ পৰা ফোন নম্বৰটো লৈ দুয়ো ফোন থকা আন অধ্যাপক এজনৰ ঘৰলৈ গ’লো৷ মই যথেষ্ট উৎসাহেৰে নম্বৰ মিলালোঁ৷ অধ্যাপকজনো কাষতে থিয় হৈ থাকিল৷ 

সিফালৰ পৰা মাত শুনাৰ লগে লগে সুধিলো৷
“অমুকে কৈছে নেকি?”
“হয়, কৈছো,” সিফালৰ পৰা উত্তৰ আহিল৷
“মই অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা কৈছো৷” তাৰপাছত অতি উৎসাহেৰে মোৰ নামটো ক’লো৷
“কোন?” সিফালৰ পৰা সুধিলে৷

“মই অমুকে কৈছো….আমি একেলগে পঢ়া, হাইস্কুলত৷” মই আকৌ নিজৰ নামটো ক’লো৷

“কোন ধৰিব পৰা নাই,” সিফালৰ পৰা উত্তৰ আহিল৷মই অবাক৷ একো বুজিব নোৱাৰিলো৷

“ঠিক আছে, ধন্যবাদ” বুলি কৈ মই ফোনটো থৈ দিলো৷ তাৰপাছত আগ্ৰহেৰে কাষত থিয় হৈ থকা অধ্যাপকজনলৈ চাই ক’লো,
“চিনি নাপাওঁ বুলি ক’লে৷ কি কথা ধৰিব পৰা নাই৷”

“কালি দেখোন আপোনাৰ ইমান গুণ গাইছিল আমাৰ আগত, “ আচৰিত হৈ তেখেতে মন্তব্য কৰিলে৷

মই কি উত্তৰ দিম ভাবি নাপাই মনে মনে থাকিলো৷ সহকৰ্মী অধ্যাপকজনৰ আগত মোৰ অপমান হ’ল নে মোৰ বন্ধুজনৰ অপমান হ’ল সেইটোও নুবুজিলো৷ 

মান-অপমান কথাবোৰ নিশ্চয় আপেক্ষিক৷






1 comment:

  1. আপোনাৰ নহয়, সিজনৰ হে অপমান হল।

    ReplyDelete