At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday 30 October 2013

ক্লিয়াৰেচিল

ক্লিয়াৰেচিল...

পেটৰ ভাতমুঠিৰ খাটিৰত ভাৰতৰ বেলেগ বেলেগ ঠাইত চাকৰি কৰি ফুৰিছো৷ অসম চৰকাৰৰ চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈয়েই প্ৰথমে মধ্য প্ৰদেশৰ জবলপুৰত কাম কৰিবলৈ লওঁ৷ জবলপুৰ বিখ্যাত ঠাই৷ ভাৰতৰ ভৌগোলিক কেন্দ্ৰ বুলি ক'ব পাৰি৷ সকলো ঠাইৰ পৰা মানুহ আহি তাত বসতি কৰিছেহি৷ বঙালী সম্প্ৰদায়ৰ লোকৰ সংখ্যা লেখত লবলগীয়া৷ অসমীয়া দুঘৰমানো লগ পাইছিলো৷ মাৰাঠীলোকৰ সংখ্যাও কম নহয়৷ বিভিন্ন ঠাইৰ লোকৰ সংমিশ্ৰণ ঘটা কাৰণে জবলপুৰৰ হিন্দী বুজিবলৈ আৰু ক'বলৈ সহজ পাইছিলো৷ কেতিয়াও কোনেও এবাৰো ওলোটাই সোধা নাছিল হিন্দীৰে কিবা কোৱাৰ পাছত৷ হয়তো বঙালী মানুহে কোৱা হিন্দী শুনাত মানুহবোৰ অভ্যস্ত আছিল আৰু মোৰো উচ্চৰণ একেধৰণৰেই৷

কিন্তু পয়মাল ঘটিল ৰাজস্থানৰ চিকৰ বুলি ঠাইখনলৈ অহাৰ পাছত৷ সেই অঞ্চলৰ লোকে যি হিন্দী কয় আমি বুজি পাওঁ যদিও আমি কোৱা হিন্দী মানুহবোৰে সহজে বুজি নাপায়৷ আমাৰ উচ্চাৰণ অতি কোমল আৰু সেই শ্বেখাৱটি অঞ্চলৰ লোকৰ উচ্চাৰণ অতি কঠিন৷ কথা-বতৰা পাতিবৰ সময়ত কোনোমতে চলি যায় কাৰণ প্ৰসঙ্গৰ ওপৰত ভিত্তি কৰি বহুকথা এনেও বুজি পোৱা যায়৷ কিন্তু বিশেষকৈ সমস্যা হয়  দোকানত কোনো বস্তু কিনিবলৈ গ'লে৷ কিবা এটা বস্তু আছেনে বুলি  সুধিলে  দোকানীয়ে চকু ডাঙৰ কৰি ওলোটাই সুধিবই কি বস্তু বুলি৷ তিনিবাৰ চাৰিবাৰ বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰি কোৱাৰ পাছতহে বুজি পায়৷ কেতিয়াবা ধৈৰ্যচ্যুতি ঘটিব খোজে৷ এবাৰ ফাইভ ষ্টাৰ চকলেট কিনিবলৈ গৈ কোনোমতে দোকানীক বুজাবই নোৱাৰিলো৷ শেষত যেনিবা ফাইভ ষ্টাৰৰ পেকেট এটা ৰেকত দেখি আঙুলিয়াই দিলো৷

এদিন সন্ধিয়া ল'ৰাটোৰ বাবে ক্লিয়াৰেচিল এটা কিনিবলৈ ওলালো৷ বাছ আস্থানৰ সম্মুখত থকা সকলোতকৈ ডাঙৰ ফাৰ্মাচীখনতে সোমালো৷ দুজনমান চেলচ মেন আছিল৷ এজনক  ক্লিয়াৰেচিল আছে নেকি সুধিলো৷
উত্তৰত পালো সেই একেই চাৱনি৷
আকৌ ক'লো ক্লিয়াৰেচিল৷
বুজি নাপালে৷
আকৌ বেলেগ ধৰণে আৰু লাহে লাহে অলপ ডাঙৰ ডাঙৰকৈ ক'লো, "ক্লি... য়া.....ৰে.....চি.....ল৷"
নাই বুজি নাপায়, মোৰ ফালে অদ্ভুত চাৱনিৰে মুখ মেলি চাই ৰ'ল মানুহজনে৷ যেন মই চিৰিয়াখানাৰ জন্তুহে৷ টিঙিচকৈ খংটো উঠি আহিল৷ অলপ হুটা মাতেৰেই ক'লো,
"ফাৰ্মাচী খুলি বহি আছে, ক্লিয়াৰেচিলৰ নাম শুনা নাই? দিয়ক কাগজ এখন৷"
মানুহজনে কাগজ-কলম আগবঢ়াই দিলে৷
মই ডাঙৰ ডাঙৰ আখৰেৰে ইংৰাজীতে লিখিলো, "ক্লিয়াৰেচিল৷"
সেইটো পঢ়িয়েই মানুহজনে কৈ উঠিল, "অ', ক্লিয়াৰেচিল? আছে আাছে৷"
"এৰা ক্লিয়াৰেচিল, মইনো কি বেলেগ কৈছিলো?" মই মনৰ ভিতৰতে ক'লো৷

No comments:

Post a Comment